পোষ্ট কৰা হৈছে:
25 JAN 2020 10:58AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ভোটাৰছ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে ৰাষ্ট্ৰীয় ভোটাৰছ দিৱসৰ শুভেচ্ছা জনাইছো৷ আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া অধিক ব্যাপক আৰু অংশগ্ৰহণীয় কৰি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৱলীৰ বাবে আমি ভাৰতৰ নিৰ্বাচন আয়োগ(ইচিআই)ক কৃতজ্ঞতা জনাইছো৷ এই দিনটোৱে যাতে আমাৰ গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰিব পৰাকৈ ভোটাৰ সজাগতা আৰু ভোটদানৰ প্ৰতি আমাক কাম কৰিবলৈ প্ৰেৰণা যোগায়, তাকে আশা কৰিলো৷”
*****
VRRK/KP/DB