ৰাষ্ট্ৰপতি সচিবালয়

৭১ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্ সন্ধিয়া ৰাষ্ট্ৰক সম্বোধি ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে দিয়া ভাষণ

Posted On: 25 JAN 2020 7:39PM by PIB Guwahati

প্ৰিয় দেশবাসী,

১. ৭১ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্ সন্ধিয়া মই দেশ আৰু বিদেশত বসবাস কৰি থকা ভাৰতৰ সকলো লোকক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো।

 

২. আজিৰ পৰা সাত দশকৰ আগতে ২৬ জানুৱাৰীত আমাৰ সংবিধানখন আনুষ্ঠানিক ভাবে বলবত্ কৰা হৈছিল। অৱশ্যে ইয়াৰ আগতেই এই তাৰিখটোৱে বিশেষ মহত্ব লাভ কৰিছিল। পূৰ্ণ স্বৰাজৰ সংকল্প লোৱাৰ পিছত আমাৰ দেশবাসীয়ে ১৯৩০ চনৰ পৰা ১৯৪৭ চন পৰ্যন্ত প্ৰতি বছৰে এই ২৬ জানুৱাৰীকে পূৰ্ণ স্বৰাজ দিৱস হিচাপে উদযাপন কৰি আহিছিল। সেয়ে ১৯৫০ চনত এই ঐতিহাসিক দিনটোতে, আমি ভাৰতবাসীয়ে, সংবিধানে দিয়া আদেশৰ প্ৰতি আস্থা ব্যক্ত কৰি, এখন গণতন্ত্ৰৰ ৰূপত, আমাৰ যাত্ৰা আৰম্ভ কৰিছিলো। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে ২৬ জানুৱাৰীত আমি গণৰাজ্য দিৱস উদযাপন কৰি আহিছো।

 

৩. আধুনিক গণৰাজ্য-ৰ শাসন ব্যৱস্থাৰ তিনিটা অংগ হল-বিধায়িনী, কাৰ্য-পালিকা আৰু ন্যায় পালিকা। এই তিনিওটা অংগই স্বতন্ত্ৰ হোৱাৰ পিছতো কিন্তু পৰস্পৰৰ সৈতে জড়িত হৈ থাকে আৰু এটা আনটোৰে আধাৰিত হৈয়ো থাকে। পিচে, বাস্তৱত জনতাৰেহে ৰাষ্ট্ৰ গঠিত হয়। আমি ভাৰতৰ জনতাইহে গণতন্ত্ৰৰ সঞ্চালন কৰো। নিজৰ উজ্জ্বল ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাস্তৱিক শক্তিও আমি ভাৰতবাসীৰ মাজতহে নিহিত হৈ থাকে।

 

৪. আমাৰ সংবিধানে, আমাক সকলোকে এখন স্বাধীন লোকতন্ত্ৰৰ নাগৰিক হিচাপে কিছুমান অধিকাৰ প্ৰদান কৰিছে। সংবিধানক সাৰোগত কৰিয়ে আমি সকলোৱে ন্যায়, স্বতন্ত্ৰতা, সমতা আৰু ভাতৃত্ববোধৰ দৰে বুনিয়াদী লোকতান্ত্ৰিক আদৰ্শসমূহৰ প্ৰতি সচেষ্ট হৈ ৰোৱাৰ সংকল্পও গ্ৰহণ কৰি আহিছো। ৰাষ্ট্ৰৰ নিৰন্তৰ বিকাশ তথা ভাতৃত্ববোধৰ নিমিত্তে এয়াই নিশ্চয় উত্তম পথ। ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ জীৱনৰ প্ৰমূল্যবোধক আদৰি ললে, সংবিধানৰ এই আদৰ্শাৱলী পালন কৰাতো আমাৰ সকলোৰে বাবেও আৰু অধিক সৰল হৈ উঠিব হাতে-কামে এয়া কৰি আমি মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তীক আৰু অধিক সাৰ্থক ৰূপত উদযাপন কৰিব পাৰিম।

 

মোৰ প্ৰিয় দেশবাসী,

৫. জন-কল্যাণৰ লক্ষ্যৰে দেশৰ চৰকাৰে বিভিন্ন ধৰণৰ অভিযান অব্যাহত ৰাখিছে। এই কথা বিশেষভাৱে উল্লেখ কৰিবই লাগিব যে দেশবাসীয়ে স্বেচ্ছাই এই অভিযানসমূহক লোকপ্ৰিয় গণ-আন্দোলনৰ ৰূপ-দান কৰিছে। জনসাধাৰণৰ অংশগ্ৰহণৰ ফলতে স্বচ্ছ ভাৰত অভিযানে নিচেই কম সময়ৰ ভিতৰতে প্ৰভাৱশালী সফলতা অৰ্জন কৰিবলৈ সক্ষম হল। গণ-অংশীদাৰিত্বৰ এই আগ্ৰহ আন আন ক্ষেত্ৰসমূহত অব্যাহত ৰখা প্ৰয়াসতো পৰিলক্ষিত হৈ আহিছে, সেয়া লাগিলে ৰন্ধন গেছৰ ৰাজসাহায্য পৰিত্যাগ কৰাই হওক, কিম্বা ডিজিটেল পদ্ধতিৰে লেন-দেন কৰাৰ অভ্যাস গঢ়াৰ কথাই হওক। সেইদৰে উজ্জ্বলা যোজনাৰ অভিজ্ঞতাও গৰ্ব কৰিব পৰা বিধৰে। নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ লগতে এই পৰ্যন্ত ৮ কোটি হিতাধিকাৰীক এই যোজনাৰে উপকৃত কৰিব পৰা গৈছে। এই সাফল্যৰ সুবাদত দৰিদ্ৰসকলে স্বচ্ছ ইন্ধনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা অৰ্থাত্ সৌভাগ্য যোজনাৰ ফলত সৰ্বসাধাৰণ জনতাৰ জীৱনলৈ নতুন জ্যোতি বিকিৰিত হৈছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি-ৰ মাধ্যমেৰে ১৪ কোটিৰো অধিক কৃষক ভাই-ভনীয়ে প্ৰতি বছৰে ন্যূনতম ৬ হাজাৰ টকাৰ আয় লাভ কৰিবলৈ সক্ষম হৈছে। এই সহযোগিতাই আমাৰ অন্নদাতাসকলক মৰ্যাদাপূৰ্বক জীৱন যাপন কৰাত সহায় কৰিছে।

 

ক্ৰমাত বাঢ়ি অহা জল-সংকটৰ প্ৰভাৱশালী ৰূপত সন্মুখীন হোৱাৰ বাবে জলশক্তি মন্ত্ৰালয় গঠন কৰাৰ লগতে জল-সংৰক্ষণ আৰু প্ৰবন্ধনক সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰা হৈছে। জল জীৱন মিছন-য়েও স্বচ্ছ ভাৰত যোজনাৰ দৰেই এক গণ আন্দোলনৰ ৰূপ ধাৰণ কৰিব বুলি মই বিশ্বাস কৰো।

 

৬. চৰকাৰৰ প্ৰতিটো নীতিৰ নেপথ্যত দৰিদ্ৰ জনতাৰ কল্যাণ সাধনৰ লগতে সকলোৰে আগত আমাৰ ৰাষ্ট্ৰ-ৰ ভাৱনাও নিহিত হৈ থাকে। জিএছটি বলবত্ হোৱাৰ ফলত এক দেশ, এক কৰ, এক বজাৰ-ৰ অৱধাৰণাটোৱেও সাকাৰ ৰূপ ধাৰণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে ই-নাম যোজনাৰ দ্বাৰাও এক ৰাষ্ট্ৰৰ বাবে এক বজাৰ তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া শক্তিশালী ৰূপত গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে, যিয়ে কৃষক ৰাইজক উপকৃত কৰিব। আমি দেশৰ প্ৰতিটো প্ৰান্তৰ বিকাশৰ প্ৰয়াসত ব্ৰতী হৈ আহিছো - সেয়া লাগিলে জম্মু-কাশ্মীৰ অথবা লাডাখেই হওক, পূৰ্বোত্তৰ ক্ষেত্ৰৰ ৰাজ্যসমূহেই হওক কিম্বা ভাৰত মহাসাগৰত থকা আমাৰ দ্বীপসমূহেই হওক।

 

৭. দেশৰ বিকাশৰ বাবে এক সুদৃঢ় আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থা উপলব্ধ হোৱাটোও খুবেই জৰুৰী। সেয়ে আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থাটোক অধিক শক্তিশালী কৰি তুলিবৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

 

৮. স্বাস্থ্য আৰু শিক্ষাৰ সা-সুবিধাসমূহ সুলভ হোৱা কথাটোক সু-শাসনৰ আধাৰ বুলি গণ্য কৰা হয়। বিগত সাতোটা দশকত আমি এই দিশত এক সুদীৰ্ঘ যাত্ৰা সম্পূৰ্ণ কৰিছো। চৰকাৰে নিজৰ অভিলাসী কাৰ্যক্ৰমসমূহৰ দ্বাৰা জন-স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তথা আয়ুষ্মান ভাৰত-ৰ দৰে কাৰ্যক্ৰমৰ দ্বাৰা দুখীয়া জনতাৰ কল্যাণৰ প্ৰতি সংবেদনা ব্যক্ত কৰাৰ লগতে প্ৰভাৱশালী ৰূপত চিকিত্সা সহযোগিতাও উপলব্ধ কৰাব পৰা গৈছে। আমি সকলোৱে জানো যে সম্প্ৰতি আয়ুষ্মান ভাৰত যোজনা পৃথিৱীৰ সবাতোকৈ বৃহত্ জন-স্বাস্থ্য যোজনা হিচাপে পৰিগণিত হৈছে। জনসাধাৰণক স্বাস্থ্য সেৱা আগবঢ়োৱাৰ লগতে চিকিত্সাৰ মানো উন্নত কৰিব পৰা গৈছে। জন-ঔষধি যোজনাৰ জৰিয়তে কম দামত গুণমান সম্পন্ন জেনেৰিক ঔষধ উপলব্ধ হোৱাৰে পৰা সৰ্ব-সাধাৰণ পৰিয়ালৰ চিকিত্সা শিতানত হব লগা খৰছৰ পৰিমান কমিবলৈ ধৰিছে।

 

প্ৰিয় দেশবাসী,

৯. প্ৰাচীন কালতে এক সুন্দৰ শিক্ষা ব্যৱস্থাৰ আধাৰশিলা নালন্দা আৰু তক্ষশিলাৰ মহান বিশ্ব-বিদ্যালয়ত গঢ়ি তোলা হৈছিল। ভাৰতত সদায়ে জ্ঞানক শক্তি, প্ৰসিদ্ধি অথবা ধনতকৈ অধিক মূল্যবান বুলি গণ্য কৰা হয়। শৈক্ষিক সংস্থাসমূহক ভাৰতীয় পৰম্পৰাৰে জ্ঞান অৰ্জন কৰাৰ স্থান অৰ্থাত্ বিদ্যাৰ মন্দিৰ বুলি গণ্য কৰা হয়। সুদীৰ্ঘ কাল ধৰি ঔপনিৱেশিক শাসনৰ পৰিণতিত হোৱা বিপন্ন পৰিস্থিতিক নিলগাই পঠোৱাৰ ক্ষেত্ৰত শিক্ষা সবলীকৰণৰ এক প্ৰভাৱশালী মাধ্যমৰ ৰূপত বিকশিত হৈ উঠিছিল। আমাৰ আধুনিক শিক্ষা ব্যৱস্থাৰ আধাৰ গঠনৰ প্ৰক্ৰিয়াটো স্বাধীনতাৰ ঠিক পিছতে আৰম্ভ হৈছিল। সেই সময়ত আমাৰ সংসাধানসমূহ তেনেই সীমিত আছিল যদিও, শিক্ষাৰ ক্ষেত্ৰত আমি সম্ভৱ কৰা কেতবোৰ সাফল্য নিতান্তই উল্লেখনীয় আছিল। দেশৰ কোনো শিশু কিম্বা যুৱক-যুৱতীয়েই যাতে শিক্ষাৰ পৰা বঞ্চিত হবলগীয়া নহয় তাৰ প্ৰয়াস আমি সদায়ে কৰি আহিছো। ইয়াৰ লগতে শিক্ষা পদ্ধতিৰ সংস্কাৰ সাধনৰ জৰিয়তে আমাৰ শিক্ষা-ব্যৱস্থাটোক বিশ্ব মানৰ শিক্ষা ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ বাবেও আমি সদায়ে চেষ্টা অব্যাহত ৰাখিব লাগিব।

১০. ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, অৰ্থাত ইছৰো-ৰ সাফল্যত আমি প্ৰতিগৰাকী দেশবাসীয়েই গৌৰৱান্বিত। ইছৰোৰ দলে গগণযান অভিযানৰ বাবে দুৰন্ত গতিত প্ৰস্তুতি চলাই আছে, আৰু আমি দেশবাসীয়ে, এই বছৰ ভাৰতীয় মানৱ মহাকাশযান কাৰ্যক্ৰম-য়ে আৰু অধিক দ্ৰুত গতিৰে অগ্ৰগতি লাভ কৰিব বুলি অধীৰ আগ্ৰহৰে অপেক্ষা কৰি আছো।

 

১১. এই বছৰ টকিঅত অলিম্পিক খেল অনুষ্ঠিত হব। পাৰম্পৰিক ৰূপত ভাৰতে বহুতো খেলত খুব ভাল প্ৰদৰ্শন কৰি আহিছে। আমাৰ খেলুৱৈ আৰু এথলিটৰ নতুন প্ৰজন্মই, শেহতীয়া বছৰচেৰেকত অনেক খেল প্ৰতিযোগিতাত দেশৰ নাম উজলাই আহিছে। অলিম্পিক ২০২০-ৰ খেল প্ৰতিযোগিতাসমূহতো ভাৰতীয় দলৰ প্ৰতি কোটি কোটি দেশবাসীৰ শুভকামনা আৰু সমৰ্থনৰ শক্তি সদায়ে অটুত থাকিব।

 

১২. প্ৰবাসী ভাৰতীয়সকলেও সদায়ে দেশৰ গৌৰৱ বৃদ্ধি কৰি আহিছে। প্ৰতিবাৰ বিদেশ ভ্ৰমণলৈ যাওতে মই দেখিছো যে প্ৰবাসী ভাৰতীয়সকলে কেৱল তেওঁলোকে বসবাস কৰি থকা দেশসমূহকে নিজৰ পৰিশ্ৰমৰে সমৃদ্ধ কৰা নাই, বৰং তেওঁলোকে বিশ্ব-বাসীৰ দৃষ্টিত ভাৰতৰ প্ৰতিচ্ছবিখনকো উন্নত কৰি ৰাখিছে। বহু সংখ্যক প্ৰবাসী ভাৰতীয়ই বিভিন্নক্ষেত্ৰত উল্লেখনীয় অৱদানো আগবঢ়াইছে।

 

মোৰ মৰমৰ দেশবাসীসকল,

১৩. দেশৰ সেনা, অৰ্ধ সামৰিক বাহিনী আৰু আভ্যন্তৰীণ নিৰাপত্তাৰক্ষী বাহিনীসমূহক মই মুক্ত-কণ্ঠে প্ৰশংসা কৰিছো। দেশৰ একতা, অখণ্ডতা আৰু সুৰক্ষা বৰ্তাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ বলিদান, অদ্বিতীয় সাহস আৰু অনুশাসনে অমৰ গাঁথাৰ সৃষ্টি কৰি আহিছে। আমাৰ খেতিয়ক, আমাৰ চিকিত্সক আৰু নাৰ্ছ, বিদ্যা আৰু সংস্কাৰ প্ৰদান কৰা শিক্ষকসকল, কৰ্মঠ বিজ্ঞানী আৰু অভিযন্তাসকল, সচেতন আৰু সক্ৰিয় যুৱক-যুৱতীসকল, আমাৰ কল-কাৰখানাসমূহক নিজৰ পৰিশ্ৰমৰে চলোৱা শ্ৰমিক বন্ধুসকল, ঔদ্যোগিক বিকাশত অৱদান আগবঢ়োৱা উদ্যোগী, আমাৰ সংস্কৃতি আৰু কলাক উজলাই তোলা কলাকাৰ, ভাৰতৰ সেৱাখণ্ডক বিশ্ব জুৰি সন্মানিত স্থানত উপনীত কৰোৱা সকলো প্ৰফেশ্যনেল তথা অন্য অনেক ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা আমাৰ সকলো দেশবাসী আৰু বিশেষকৈ, সকলো ধৰণৰ বাধাৰ পিছতো সাফল্যৰ সৌধ গঢ়া আমাৰ গুণৱতী জীয়ৰীসকল, এওঁলোক সকলো আমাৰ দেশৰ গৌৰৱ।

 

১৪. এই মাহৰ আৰম্ভণীতে মই দেশৰ এনে একাংশ কৰ্মঠ লোকক লগ পোৱাৰ লগতে তেওঁলোকৰ সৈতে কথা-বতৰা হোৱাৰ সুযোগ লাভ কৰিছিলো, যিসকলে বিভিন্ন ক্ষেত্ৰত প্ৰশংসনীয় কাম কৰাৰ নিদৰ্শন দাঙি ধৰিছে। একাগ্ৰতা আৰু নিষ্ঠাৰে, কোনেও গম নোপোৱাকৈয়ে নিজৰ কাম কৰি যোৱা, এই সকল লোকে বিজ্ঞান আৰু উদ্ভাৱনশীলতা, খেতি আৰু বনজ সম্পদৰ বিকাশ, শিক্ষা, স্বাস্থ্য, খেল-ধেমালি, প্ৰাচীন শিল্পকলাসমূহক পুনৰ জনপ্ৰিয় কৰা, দিব্যাংগ ব্যক্তিসকলৰ লগতে মহিলা আৰু শিশুসকলৰ সবলীকৰণ তথা দৰিদ্ৰ জনতাৰ বাবে খাদ্য আৰু পুষ্টিৰ ব্যৱস্থা কৰাৰ দৰে বিভিন্ন ক্ষেত্ৰত অপৰিসীম যোগদান দি আহিছে। উদাহৰণ স্বৰূপে জম্মু-কাশ্মীৰত সুশ্ৰী অৰিফা জানে নমদা দস্তকৰীক পুনৰ জনপ্ৰিয়কৰণৰ বাবে, তেলেংগানাত সুশ্ৰী ৰত্নাৱলী কোট্টপল্লীয়ে থেলাছেমিয়াত আক্ৰান্তসকলৰ নিৰাময়ৰ বাবে, কেৰালাত শ্ৰীমতী দৈৱকী আম্মাই একক প্ৰয়াসৰে বনজ সম্পদৰ উত্পাদন কৰি, মণিপুৰত শ্ৰী জামখোজাং মিছাওৱে সমূহীয়া উত্তৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰি, পশ্চিমবংগত শ্ৰী বাবৰ আলীয়ে বাল্য কালৰ পৰাই পিচপৰা সম্প্ৰদায়ৰ শিশুসকলৰ শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰশংসনীয় কাম কৰি ৰাইজৰ মাজত আশাৰ সঞ্চাৰ কৰি আহিছে। এনেকুৱা বহুতো ব্যক্তি আছে, মই মাথোঁ ইয়াৰে কেইগৰাকীমানৰ নামহে লৈছো। এইসকল লোকে এই কথা সিদ্ধ কৰে যে, তেনেই সাধাৰণ মানুহেও নিজৰ আদৰ্শ আৰু কৰ্মপটুতাৰ বলত সমাজলৈ বৃহত্ পৰিৱৰ্তনৰ ধল বোৱাব পাৰে। বহু স্বেচ্ছাসেৱী সংগঠনো আছে যিসকলে চৰকাৰৰ সৈতে লগ হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ অভিযানত নিজৰ অৱদান আগবঢ়াই আহিছে।

 

মৰমৰ দেশবাসীসকল,

১৫. এতিয়া আমি একৈশ শতিকাৰ তৃতীয়টো দশকত প্ৰৱেশ কৰিছো। এইটো দশক নতুন ভাৰতৰ নিৰ্মাণ আৰু ভাৰতীয়সকলৰ নতুন প্ৰজন্মৰ উদয়ৰ দশক হিচাপে পৰিগণিত হোৱাৰ দিশত আগবাঢ়িছে। এইটো শতিকাত জন্ম গ্ৰহণ কৰা যুৱ-প্ৰজন্মই যথাযোগ্য ভাৱে ৰাষ্ট্ৰীয় বিচাৰ-প্ৰবাহত নিজৰ অৰিহণা আগবঢ়াই আহিছে। সময় বাগৰাৰ লগে লগে আমাৰ স্বাধীনতা সংগ্ৰামৰ প্ৰত্যক্ষ সাক্ষী হোৱা ব্যক্তিসকলে লাহে লাহে আমাৰ মাজৰ পৰা মেলানি মাগিবলৈ ধৰিছে যদিও, স্বাধীনতা সংগ্ৰামৰ প্ৰতি থকা আমাৰ আস্থা সদায়ে বিদ্যমান হৈ যে থাকিব সেয়া ধুৰূপ। প্ৰযুক্তিগত প্ৰগতিৰ সুবাদত আজিৰ প্ৰজন্মৰ যুৱক-যুৱতীসকলে ব্যাপক তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ আত্ম-বিশ্বাস বৃদ্ধি পাইছে। আমাৰ নৱ প্ৰজন্মই আমাৰ দেশৰ বুনিয়াদী প্ৰমূল্যসমূহৰ প্ৰতি গভীৰ আস্থা পোষণ কৰি আহিছে। আমাৰ যুৱ-প্ৰজন্মই ৰাষ্ট্ৰক সদায় সৰ্বোপৰি বুলি গণ্য কৰি আহিছে। এইসকল যুৱক-যুৱতীৰ মাজত এখন উজ্জীৱিত ভাৰতৰ চমক মই প্ৰত্যক্ষ কৰিব পাৰিছো।

 

১৬. ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে মহাত্মা গান্ধীৰ চিন্তা-ধাৰা আজিও সম্পূৰ্ণ ৰূপে প্ৰাসংগিক হৈ আছে। গান্ধীজীৰ সত্য আৰু অহিংসাৰ বাৰ্তা সন্দৰ্ভত চিন্তা-চৰ্চা কৰাটো আমাৰ দৈনন্দিন জীৱনৰ অংগ হোৱা উচিত। সত্য আৰু অহিংসা সম্পৰ্কে তেওঁ দিয়া বাণীসমূহ আজিৰ সময়তো আমাৰ বাবে অধিক আৱশ্যক হৈহে উঠিছে।

 

যিকোনো উদ্দেশ্যৰ বাবে সংঘৰ্ষ কৰা ব্যক্তিবৰ্গ, বিশেষকৈ যুৱক-যুৱতীসকলে গান্ধীজীৰ অহিংসাৰ মন্ত্ৰ, মানৱতাৰ বাবে তেওঁ আগবঢ়োৱা এই অমূল্য উপহাৰসমূহক সদায়ে মনত ৰখা উচিত। কোনো কাম উচিত কিম্বা অনুচিত বিচাৰ কৰিবলৈ গান্ধীজীয়ে মানৱ কল্যাণৰ বাবে আগবঢোৱা বাণীসমূহ, আমাৰ লোকতন্ত্ৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। লোকতন্ত্ৰত শাসক আৰু বিৰোধী দুয়ো পক্ষৰে ভূমিকা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। ৰাজনৈতিক চিন্তাধাৰাৰ অভিব্যক্তিৰ লগতে দেশৰ সমগ্ৰ বিকাশ আৰু সকলো দেশবাসীৰ কল্যাণৰ বাবে সেয়ে উভয়ে সমিল-মিলৰে কৰ্মত অগ্ৰসৰ হোৱা উচিত।

 

প্ৰিয় দেশবাসীসকল,

১৭. গণৰাজ্য দিৱস আমাৰ সংবিধানৰ উত্সৱ। আজি মই সংবিধানৰ মুখ্য প্ৰণেতা, বাবা চাহেব আম্বেদকাৰে আগবঢ়োৱা এক চিন্তাৰ বিষয়ে আপোনালোকৰ সৈতে চৰ্চা কৰিব খুজিছো। তেওঁ কৈছিল যে—

যদি আমি কেৱল দেখুৱাতে ক্ষান্ত নাথাকি, বাস্তৱিকতেই লোকতন্ত্ৰক বৰ্তাই ৰাখিব খুজিছো, তেন্তে আমি কি কৰিব লাগিব? মই ভাবো, আমাৰ প্ৰথম কাম হব আমাৰ সামাজিক আৰু আৰ্থিক লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে একান্ত নিষ্ঠাৰ সৈতে সাংবিধানিক উপায়কে সাৰোগত কৰাটো

বাবা চাহেব আম্বেদকাৰৰ এই বাক্যকেইষাৰে আমাৰ পথক সদায়ে পোহৰাই ৰাখিছে। মই ভাবো, তেওঁৰ এই বাক্যকেইষাৰে, আমাৰ ৰাষ্ট্ৰক গৌৰৱৰ শিখৰ পৰ্যন্ত লৈ যোৱাৰ বাবে নিৰন্তৰ পথ প্ৰদৰ্শন কৰি থাকিব।

 

প্ৰিয় দেশবাসী,

১৮. সম্পূৰ্ণ বিশ্বকে এটি পৰিয়াল বুলি বিবেচনা কৰা বসুধৈৱ কুটুম্বকম্-ৰ আমাৰ চিন্তাধাৰাই, অন্য দেশসমূহৰ সৈতে আমাৰ সম্বন্ধক সুদৃঢ় কৰি তোলে। আমি গণতান্ত্ৰিক প্ৰমূল্য তথা বিকাশ আৰু অভিজ্ঞতাসমূহক সমগ্ৰ বিশ্বৰ সৈতে সমানে ভগাই লৈ আহিছো।

গণতন্ত্ৰ দিৱসৰ উত্সৱলৈ বিদেশী ৰাষ্ট্ৰৰ মূৰব্বীসকলক আমন্ত্ৰিত কৰাটো আমাৰ এক পৰম্পৰা। মই আনন্দিত যে এই বছৰো, কাইলৈ অনুষ্ঠিত হব লগা আমাৰ গণৰাজ্য দিৱসৰ উত্সৱত, আমাৰ প্ৰতিষ্ঠিত মিত্ৰ, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰী হায়ৰ বোলসোনাৰোৱে আমাৰ সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

বিকাশৰ পথত আগবাঢ়ি যোৱাৰ লগতে, আমাৰ দেশ আৰু আমাৰ সকলো দেশবাসী, মানৱতাৰ ভৱিষ্যত সুৰক্ষিত আৰু সমৃদ্ধিশালী কৰাৰ স্বাৰ্থত বিশ্ববাসীৰ সৈতে সহযোগ কৰাৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব।

 

১৯. মই আকৌ এবাৰ আপোনালোক আটাইকে গণৰাজ্য দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আটাইৰে কুশল ভৱিষ্যত কামনা কৰিলো।

জয় হিন্দ!



(Release ID: 1600562) Visitor Counter : 238