কেবিনেট

দেউলীয়া আইন (দ্বিতীয় সংশোধনী) বিধেয়ক, ২০১৯ত অনুমোদন কেবিনেটৰ

Posted On: 11 DEC 2019 6:17PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ বৈঠকত আজি দেউলীয়া আইন, ২০১৬ৰ সংশোধন কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়৷ ইয়াৰ ফলত দেউলীয়া আইন (দ্বিতীয় সংশোধনী) বিধেয়ক, ২০১৯তো অনুমোদন লাভ কৰে৷ এই সংশোধনীৰ ফলত দেউলীয়া সংক্রান্তীয় সমস্যা আঁতৰ কৰাৰ কেইবাটাও সুবিধা হোৱাৰ লগতে দেশত সহজে ব্যৱসায় কৰাৰ পৰিৱেশো সুগম ল৷

 

সংশোধিত বিধেয়কে দেউলীয়া আইন,২০১৬ৰ কেতবোৰ ধাৰাত সংশোধন ঘটাই ৩২এ নং নতুন ধাৰাটো সংযুক্ত কৰাৰ কথা কোৱা হৈছে। ইয়াৰ ফলত  (১২), (১৫), , ১১, ১৪, ১৬(), ২১(), ২৩(), ২৯এ, ২২৭, ২৩৯ আৰু ২৪০ নং ধাৰাকেইটাৰ সংশোধনী ঘটোৱা হব৷

উল্লেখ্য যে এই সংশোধনীৰ ফলত বিত্তায়নৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৱলীৰ অন্ত পৰাৰ লগতে বিত্তীয় দিশত বিধ্বস্ত খণ্ডত নতুনকৈ বিনিয়োগত উসাহ যোগাব৷ তদুপৰি, চিআইআৰপি প্ৰতিৰোধ আৰু উপযুক্ত নথি-পত্ৰৰ ভিত্তিত যিহেতু কোনো ধাৰকক ঋণ প্ৰদান কৰা দিহা কৰা হৈছে, সেয়েহে ঋণদাতাসকলৰো লোকচানৰ ক্ষতিশংকা হ্ৰাস পাব৷

*****

SC/PK/SH/DB



(Release ID: 1597311) Visitor Counter : 81