কেবিনেট

ঔদ্যোগিক সম্পৰ্ক কোড বিধেয়ক ২০১৯লৈ কেবিনেটৰ অনুমোদন

Posted On: 20 NOV 2019 10:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি কেন্দ্ৰীয় কেবিনেটৰ এক বৈঠকত ঔদ্যোগিক সম্পৰ্ক কোড বিধেয়ক ২০১৯ লৈ সংসদত উপসথাপনৰ অনুমোদন জনাইছে।

লাভালাভ :

দুজনীয়া সদস্যৰ (এক সদস্যৰ স্থানত) ট্ৰিবিউনেল গঠনৰ জৰিয়তে এনে এক অৱধাৰণা আৰম্ভ হৈ গৈছে, যাৰ জৰিয়তে কিছুমান অতি গুৰুত্বপূৰ্ণ বিষয়ত সংযুক্তভাৱে নিৰ্ণয় গ্ৰহণ কৰা যাব, আনফালে বাকী থকা গোচৰসমূহৰ ওপৰত এজনীয়া সদস্যৰ দ্বাৰা নিৰ্ণয় গ্ৰহণ কৰা যাব, ইয়াৰ ফলত বিভিন্ন গোচৰসমূহ ক্ষীপ্ৰতাৰে নিস্পত্তি কৰিব পৰা যাব।

o এক্সিট ব্যৱস্থালৈ নমনীয়তা আহি পৰিব, যাৰ জৰিয়তে উপযুক্ত চৰকাৰৰ চৰকাৰৰ পূৰ্ব মঞ্জুৰীৰ বাবে আৱশ্যকীয় প্ৰাৰম্ভিক সীমা ১০০ কৰ্মচাৰীৰ স্তৰতেই ৰখা হৈছে। আনফালে, ইয়াত আন এক ব্যৱস্থাও সংযোজন কৰা হৈছে, যাৰ জৰিয়তে অধিসূচনা অনুসৰি কৰ্মচাৰীৰ এনেধৰণৰ সংখ্যাও সাসলনি কৰিব পৰা যায়।

o ৰি-স্কিলিং ফাণ্ড, যাৰ প্ৰয়োগ এনে পদ্ধ্তিৰে কৰ্মচাৰীসকলক ঋণ প্ৰদানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব, অৱশ্যে এতিয়াও ইয়াক নিৰ্ধাৰণ কৰা হোৱা নাই।

o নিশ্চিত ম্যাদৰ সংস্থাপনৰ পৰিভাষা। এই অনুসৰি কোনো জাননীৰ ম্যাদ নাথাকিব তথা কোনোধৰণৰ জৰিমনাও ইয়াত চামিল নহ’ব।

জৰিমণাৰ ৰূপত পেনাল্টিৰ সৈতে জড়িত বিবাদৰ ওপৰত নিৰ্ণয়ৰ বাবে চৰকাৰী বিষয়াসকলক অধিকাৰ দিয়া হ’ব, যাৰ জৰিয়তে ট্ৰিবিউনেলৰ কাৰ্যভাৰ হ্ৰাস পাব।

পটভূমি -

ঔদ্যোগিক সম্বন্ধ বিধেয়কৰ পৰিসৰ নিম্নোল্লিখিত তিনিটা কেন্দ্ৰীয় শ্ৰম অধিনিয়ম সম্বন্ধীয় ব্যৱস্থাৰ সৰলীকৰণ আৰু সেইবোৰক যুক্তিসংগত কৰি তোলাৰ পিছত প্ৰস্তুত কৰা হৈছে -

. ট্ৰেড ইউনিয়ন অধিনিয়ম ১৯২৬

. ঔদ্যোগিক ৰোজগাৰ (স্থায়ী আদেশ) অধিনিয়ম, ১৯৪৬

. ঔদ্যোগিক বিবাদ অধিনিয়ম, ১৯৪৭

***

VRRK/SC/SH/RD



(Release ID: 1594141) Visitor Counter : 127