কেবিনেট

ভাৰত আৰু ছৌদি আৰৱৰ মাজত কৌশলগত সহযোগিতা পৰিষদ স্থাপনত কেবিনেটৰ পচ্ছাদ-প্ৰভাৱী অনুমোদন

Posted On: 27 NOV 2019 11:20AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ছৌদি আৰৱৰ মাজত কৌশলগত সহযোগিতা পৰিষদ স্থাপনৰ বাবে ২৯ অক্টোবৰ ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰীয়ে স্বাক্ষৰ কৰা চুক্তিত পচ্ছাদ-প্ৰভাৱী অনুমোদন প্ৰদান কৰিছে৷

এই চুক্তিপত্ৰখনৰ জৰিয়তে দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতাৰ অধীনত চলিত পদক্ষেপ/প্ৰকল্পসমূহৰ বাবে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত হোৱাৰ ব্যৱস্থাপনা কৰা হৈছে৷ ইয়াৰ জৰিয়তে কৌশলগত পদক্ষেপৰ নতুন ক্ষেত্ৰসমূহ চিনাক্ত হোৱাত সহায়ক হব আৰু নিৰ্ধাৰিত লক্ষ্যসমূহো প্ৰাপ্ত কৰিব পৰা হব৷

লাভসমূহ

উক্ত প্ৰস্তাৱনাৰ জৰিয়তে ছৌদি আৰৱৰ সৈতে নাগৰিকসমূহৰ লিংগ, বৰ্ণ নিৰ্বিশেষে অৰ্থনৈতিক তথা বাণিজ্যিক সম্পৰ্ক উন্নত হব৷

ছৌদি আৰৱৰ সৈতে সম্পন্ন হোৱা এই চুক্তিত প্ৰতিৰক্ষা, নিৰাপত্তা, সন্ত্ৰাসবাদৰ সৈতে কৰা মোকাবিলা, শক্তি নিৰাপত্তা আৰু পুনৰ নৱীকৰণ শক্তি আদি ক্ষেত্ৰত সহযোগিতাৰ নতুন দিশ উন্মোচিত হব৷ 

 

*****

VRRK/SC/SH/MANN



(Release ID: 1594137) Visitor Counter : 70