কেবিনেট

অহা সপ্তাহত স্পেইনত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘ জলবায়ু পৰিৱৰ্তন সন্মিলনত ভাৰতৰ ভূমিকাক কেবিনেটৰ অনুমোদন

Posted On: 27 NOV 2019 11:47AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে অহা ২ৰ পৰা ১৩ ডিচেম্বৰ ২০১৯ তাৰিখলৈ স্পেইনৰ মাদ্ৰিদত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰসংঘৰ ২৫তম জলবায়ু পৰিৱৰ্তনৰ পৰিকাঠামো সন্মিলন (ইউএনএফচিচিচি)ত ভাৰতৰ মধ্যস্থতাকাৰী ভূমিকাক অনুমোদন জনাইছে৷

ভাৰতীয় প্ৰতিনিধিৰ দলটোক নেতৃত্ব প্ৰদান কৰিব পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে৷ এইক্ষেত্ৰত এই চিঅপি সন্মিলন দেশসমূহৰ বাবে পেৰিচ চুক্তিৰ অধীনত এক গুৰুত্বপূৰ্ণ সন্মিলন হিচাপে বিবেচিত হব৷ ভাৰতৰ ভূমিকা ইউএনএফচিচিচি আৰু পেৰিচ চুক্তিৰ দ্বাৰা নিৰ্দেশিত হব৷

জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰা পদক্ষেপৰ ভিতৰত ভাৰতৰ নেতৃ্ত্ব সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈছে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ইয়াৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতে আন্তৰ্জাতিক সৌৰ সহযোগিতা (আইএছএ)ৰ জৰিয়তে সৌৰ শক্তিৰ সামৰ্থ বৃদ্ধিৰ দিশতো অগ্ৰসৰ হৈছে৷

আইএছএৰ উপৰিও ভাৰতো দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি মিত্ৰগোট আৰু নিম্ন কাৰ্বন নিৰ্গমন আদিৰ দৰে দুটা উল্লেখযোগ্য পদক্ষেপো গ্ৰহণ কৰিছে৷

***

VRRK/SC/SH/MANN



(Release ID: 1594136) Visitor Counter : 191