কেবিনেট

জম্মু আৰু কাশ্মীৰ পুনৰ গঠন আইন, ২০১৯ৰ ৭৩ আৰু ৭৪ ধাৰাৰ অধীনত নিৰ্দেশনা প্ৰদানৰ বাবে ভাৰত চৰকাৰৰ (ব্যৱসায়িক লেনদেন ) অধিনিয়ম, ১৯৬১ৰ ১২ সংখ্যক বিধিৰ অধীনত অনুমোদিত প্ৰস্তাৱৰ সন্মতি জনালে কেবিনেটে

प्रविष्टि तिथि: 20 NOV 2019 10:40PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত জম্মু আৰু কাশ্মীৰ পুনৰ গঠন আইন, ২০১৯ৰ ৭৩ আৰু ৭৪ ধাৰাৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ নির্দেশৰ পূৰ্বৰ প্ৰস্তাৱত অনুমোদন জনায়।

 

সংসদৰ পৰামৰ্শ অনুসৰি ভাৰতীয় সংবিধানৰ ৩৭০নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে জম্মু আৰু কাশ্মীৰ পুনৰ গঠন আইন, ২০১৯ৰ ঘোষণা কৰাৰ লগতে সন্মতি জনায়। সেই অনুসৰি পূর্বৰ জম্মু আৰু কাশ্মীৰ ৰাজ্য পুনৰ গঠন হোৱাৰ লগতে ২০১৯ৰ ৩১ অক্টোবৰৰ পৰা জম্মু আৰু কাশ্মীৰ আৰু নতুন কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে লাদাখ গঠন কৰা হয়৷

 

জম্মু আৰু কাশ্মীৰ পুনৰ গঠন আইন, ২০১৯ৰ ৩১ অক্টোবৰ পৰা বলবৎ হোৱাৰ পাছত পূর্বৰ জম্মু আৰু কাশ্মীৰৰ বিধানসভাকে ধৰি জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চল আৰু বিধানসভাহীন লাদাখ কেন্দ্ৰশাসিত অঞ্চল হিচাপে পুনৰ গঠিত হয়৷ ২০১৮ৰ ১৯ ডিচেম্বৰত ভাৰতীয় সংবিধানেৰ ৩৫৬ ধাৰা অনুসৰি তেতিয়াৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি  কৰা হৈছিল। যিহেতু কেন্দ্ৰীয়শাসিত অঞ্চলত ৩৫৬ ধাৰা প্ৰযোজ্য নহয়, সেয়েহে ২০১৯ৰ ৩১ অক্টোবৰত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰা হয়।

 

ইফালে, নতুন জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলত বিধানসভাৰ অস্তিত্ব নাই, সেয়েহে কোনধৰণৰ সাংবিধানিক বাধ্যবাধকতা নথকাৰ বাবে পূর্বৰ জম্মু-কাশ্মীৰৰ ৰাজ্যপালৰ প্ৰতিবেদন অনুসৰি জম্মু আৰু কাশ্মীৰ পুনৰ গঠন আইনৰ ৭৩ ধাৰাৰ অধীনত ২০১৯ৰ ৩১ অক্টোবৰত ৰাষ্ট্ৰপতিৰ আদেশ জাৰি হয়। সেই অনুসৰি, জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হয়।

 

জম্মু আৰু কাশ্মীৰ পুনৰ গঠন আইন, ২০১৯ৰ ৭৪ ধাৰা অনুসৰি যোৱা ৩১ অক্টোবৰত জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ জমা পূঁজিৰ পৰা ব্যয়ৰ অনুমোদন দিয়াৰ বাবে ৰাষ্ট্ৰপতি এক আদেশ জাৰি কৰে৷

*****

VRRK/SC/SH/DB


(रिलीज़ आईडी: 1593313) आगंतुक पटल : 1156
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Kannada