প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ব্ৰাজিল ভ্ৰমণে ভাৰত-ব্ৰাজিলৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰিবলৈ মোক এক সুযোগ দিবঃ প্ৰধানমন্ত্ৰী

Posted On: 12 NOV 2019 4:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩-১৪ নৱেম্বৰত ব্ৰাজিলত এই বৰ্ষৰ ব্ৰিকছ সন্মিলনত অংশ ল’ব৷ এই সন্মিলনৰ বিষয়বস্তু হ’ল—‘এক অভিনৱ ভৱিষ্যতৰ বাবে অৰ্থনৈতিক বৃদ্ধি’৷

মই ব্ৰিকছ নেতাসকলৰ সৈতে বিস্তৃত বিষয়ত আলোচনা কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছো৷ সন্মিলনৰ আঁজৰি সময়ত মই ব্ৰিকছ বাণিজ্যিক ফ’ৰামত ভাষণ আগবঢ়াম আৰু ব্ৰিকছ বাণিজ্যিক কাউন্সিল তথা নিউ ডেভলাপমেণ্ট বেংকৰ সৈতে মতবিনিময় কৰিম৷ ব্ৰাজিল ভ্ৰমণে ভাৰত-ব্ৰাজিলৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰিবলৈ মোক এক সুযোগ দিব৷ বাণিজ্য, প্ৰতিৰক্ষা, কৃষি আৰু শক্তিৰ দৰে খণ্ডসমূহত প্ৰচুৰ সম্ভৱনা আছে৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

VRRK/AK/MS



(Release ID: 1591516) Visitor Counter : 54