প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


২-৪ নৱেম্বৰ ২০১৯ত প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড যাত্ৰা

এছিয়ান সম্পৰ্কীয় বিভিন্ন সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

আজি বেংককত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে


Posted On: 02 NOV 2019 11:03AM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ বেংককলৈ যাত্ৰা কৰিছে৷ তাত তেওঁ এছিয়ান সম্পৰ্কীয় বিভিন্ন সন্মিলনত অংশগ্ৰহণ কৰাৰ উপৰিও এছিয়ান-ইণ্ডিয়া সন্মিলন, ইষ্ট-এছিয়া সন্মিলন আৰু আৰচিইপি মধ্যস্থতা সম্পৰ্কীয় এক বৈঠকতো অংশগ্ৰহণ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে বিশ্ব নেতাসকলৰ সৈতে বিভিন্ন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে বিশ্বজনীন সমস্যাসমূহৰ বিষয়েও আলোচনা কৰিব৷

থাইলেণ্ডলৈ ৰাওনা হোৱাৰ মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বৈদেশিক নীতি আৰু আমাৰ এক্ট ইষ্ট নীতিৰ প্ৰধান উপাদান হল এছিয়ান সম্বন্ধীয় সন্মিলনবোৰ৷ ইষ্ট এছিয়া সন্মিলনৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰ অঞ্চলত আমাৰ বীক্ষণ প্ৰতিষ্ঠাপিত কৰাৰ এয়াই হল এক উপযুক্ত মঞ্চ৷

আজি সন্ধিয়া ৬ বজাত প্ৰধানমন্ত্ৰীয়ে বেংককত ছোৱাছডী পিএম মোদী’’ শীৰ্ষক এক সামাজিক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব৷ থাইলেণ্ডৰ ভাৰতীয় বংশোদ্ভৱ সমাজৰ অৰিহণাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে আজি তেওঁলোকৰ সৈতে কথা পাতিবলৈ আগ্ৰহী বুলি উল্লেখ কৰে৷

*****

VRRK/KP/MANN



(Release ID: 1590627) Visitor Counter : 57