প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেক
পোষ্ট কৰা হৈছে:
04 NOV 2019 11:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ নৱেম্বৰ ২০১৯ তাৰিখে বেংককত অনুষ্ঠিত ভাৰত-আছিয়ান আৰু ইষ্ট-এছিয়া সন্মিলনৰ পাৰ্শ্বৱৰ্তী সময়ত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেক সাক্ষাৎ কৰে৷ যোৱা চাৰিটা মাহত তেওঁলোকৰ এয়া তৃতীয়টো বৈঠক৷ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ভ্লাডিভষ্টকত তেওঁলোকে শেষবাৰৰ বাবে বৈঠকত মিলিত হৈছিল৷
প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আবেক জাপানৰ শেহতীয়া সম্ৰাটৰ অভিষেকৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী আবেয়ে সেই অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয় যে তেওঁ অতি আগ্ৰহেৰে আগন্তুক মাহত ভাৰত-জাপান বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী আবেক স্বাগতম জনাবলৈ বাট চাই আছে৷ তেওঁ ইয়াকো কয় যে আগন্তুক সন্মিলনখনৰ জৰিয়তে ভাৰত-জাপানৰ বিশেষ কৌশলগত তথা বিশ্বজনীন সহযোগিতা সুদৃঢ় হ’ব৷
নেতা দুগৰাকীয়ে মুম্বাই-আহমেদাবাদ হাই-স্পীড ৰে’ল প্ৰকল্পৰ কামকাজৰ খতিয়ান লয় আৰু প্ৰকল্পটোৰ সময়মতে সমাপনৰ ক্ষেত্ৰত পাৰস্পৰিক প্ৰয়াসৰ কথা দোহাৰে৷
দুয়োগৰাকী নেতাই ভাৰতত এই মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া ২+২ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বৈঠকৰ কথা উল্লেখ কৰে৷ ইয়াৰ জৰিয়তে দুয়োপক্ষৰ সুৰক্ষা আৰু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি হ’ব বুলি তেওঁলোকে সহমত প্ৰকাশ কৰে৷
তাৰোপৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰ অঞ্চলত মুক্ত আৰু সামূহিক প্ৰতিশ্ৰুতিৰ কথা দোহাৰে৷ তেওঁলোকে অঞ্চলটোত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত মতপোষণ কৰে৷
******
VRRK/KP/MANN
(ৰিলিজ আই ডি : 1590553)
অতিথি কক্ষ : 112