প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰসংঘত বিশ্বজনীন স্বাস্থ্য সেৱা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মন্তব্যৰ অসমীয়া অনুবাদ

प्रविष्टि तिथि: 23 SEP 2019 11:51PM by PIB Guwahati

নমস্কাৰ!

মাননীয় ৰাষ্ট্ৰপতি,

বিশ্ব কল্যাণৰ আৰম্ভণি জন কল্যাণৰ পৰা আৰম্ভ হয় আৰু ইয়াৰ এটা প্ৰধান উপাদান হল স্বাস্থ্য৷ আৰু ভাৰতৰ বাবে এই বিষয়টো অগ্ৰাধিকাৰযোগ্য বিষয়৷ আমি এই বিষয়ত সামূহিক উপলব্ধতাৰ সৈতে চাৰিটা স্তম্ভত কাম কৰিছো৷

প্ৰথম স্তম্ভটো হল প্ৰতিৰোধাত্মক স্বাস্থ্যৰ৷ আমি যোগ, আয়ুৰ্বেদ আৰু ফিটনেছৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছো৷ আমি ডেৰ লাখতকৈও অধিক কল্যাণ কেন্দ্ৰ মুকলি কৰিছো৷ ইয়াৰ দ্বাৰা লাইফষ্টাইল ৰোগ যেনে ডায়েবেটিছ, ৰক্তচাপ, উদ্বেগ আদিক নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰয়াস কৰা হৈছে৷ ই-চিগাৰেটৰ বৰ্ধিত জনপ্ৰিয়তা চিন্তাৰ বিষয় হৈ পৰিছে৷ ভাৰতে যুৱচামক এই গম্ভীৰ সংকটৰ পৰা উদ্ধাৰ কৰাৰ বাবে ই-চিগাৰেট বন্ধ কৰি দিছে৷ আমাৰ ক্লীন ইণ্ডিয়াঅভিযানে লক্ষাধিক জীৱন ৰক্ষা কৰাত সহায়ক বিবেচিত হৈছে৷ টীকাকৰণৰ ওপৰতো আমি বিশেষ গুৰুত্ব দিছো৷ নতুন ভেকচিনসমূহ সংযোগ কৰাৰ সৈতে আমি দূৰ-দুৰণিৰ এলেকাসমূহতো ইয়াৰ উপলব্ধতা নিশ্চিত কৰিছো৷

দ্বিতীয়টো স্তম্ভ হল ব্যয়সাধ্য স্বাস্থ্য সেৱা৷ আমি বিশ্বৰ সবাতোকৈ বৃহৎ স্বাস্থ্য নিশ্চিতি যোজনা আয়ুষ্মান ভাৰত প্ৰণয়ন কৰিছো৷ ইয়াৰ অধীনত ৫০০ মিলিয়ন দৰিদ্ৰক প্ৰতি বছৰে পাঁচ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰা হৈছে৷ আৰু বিগত কেৱল এটা বছৰতে ৪.৫ মিলিয়ন লোকে ইয়াৰ লাভ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে৷ আমি পাঁচ হাজাৰতকৈও অধিক বিশেষ ফাৰ্মাচীৰ ব্যৱস্থা আৰম্ভ কৰিছো যত ৮০০ত কৈও অধিক গুৰুত্বপূৰ্ণ ঔষধ কম দামত উপলব্ধ কৰোৱা হৈছে৷ হৃদয়ৰ ষ্টেণ্টৰ মূল্য ৮০ শতাংশ আৰু আঁঠু প্ৰতিষ্ঠাপনৰ মূল্য ৫০ৰ পৰা ৭০ শতাংশলৈ হ্ৰাস কৰা হৈছে৷ বৃক্কৰ সমস্যাৰ সৈতে পীড়িত লক্ষাধিক লোকে ভাৰতত নিঃশুল্ক ডায়েলাইছিছৰ সুবিধা লাভ কৰিছে৷

তৃতীয়টো স্তম্ভ হল যোগান শৃংখলাৰ সংশোধনী আৰু ইয়াৰ বাবে আমি ভাৰতত গুণগতমানৰ চিকিৎসা শিক্ষাৰ বাবে, চিকিৎসা আন্তঃগাঁথনিৰ বাবে কেইবালানিও ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছো৷ দ্বিতীয়টো ক্ষেত্ৰৰ বাবে আমি অতুলনীয় সংশোধন কৰিছো৷

আৰু চতুৰ্থটো স্তম্ভ হল অভিযানভিত্তিক প্ৰণয়নৰ৷ যদি মাতৃ আৰু শিশুসকল সুস্থ হয় তেতিয়া সম্পূৰ্ণ সমাজ সুস্থ হোৱাৰ ভেঁটি গঠন হয়৷ আৰু সেইবাবে আমি অভিযানভিত্তিত ৰাষ্ট্ৰীয় পোষণ অভিযানৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছো৷ বহনক্ষম বিকাশ লক্ষ্যৰ অধীনত যক্ষ্মা ৰোগক ২০৩০ চন পৰ্যন্ত সমাপ্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ভাৰতত আমি ইয়াত অভিযানভিত্তিক লক্ষ্যৰ জৰিয়তে ২০২৫ চনৰ ভিতৰত সমাপ্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো আৰু মোৰ সম্পূৰ্ণ বিশ্বাস যে এয়া আমি কৰিব পাৰিম৷ বায়ু প্ৰদূষণ, পশুৰ ৰোগ তথা তাৰ দ্বাৰা মানুহলৈ বিয়পা ৰোগসমূহৰ বিৰুদ্ধে আমি অভিযানৰ সূচনা কৰিছো৷

মাননীয়সকল,

স্বাস্থ্যৰ তাৎপৰ্য কেৱল ৰোগৰ পৰা মুক্তি নহয়, স্বাস্থ্যকৰ জীৱনৰ অধিকাৰ সকলোৰে আছে৷ ইয়াৰ বাবে যথাসম্ভৱ সকলো প্ৰয়াস কৰাটো আমাৰ চৰকাৰৰ দায়িত্ব৷ আৰু ভাৰতৰ প্ৰয়াস কেৱল ভাৰতৰ সীমাতেই সীমাৱদ্ধ নহয়৷ আমি বহু দেশত, বিশেষকৈ আফ্ৰিকাৰ দেশসমূহত টেলি-মেডিচিনৰ দ্বাৰা ব্যয়সাধ্য স্বাস্থ্য সেৱাৰ উপলব্ধতা বৃদ্ধিৰ বাবে সহযোগিতা প্ৰদান কৰিছো৷ আৰু আগলৈও কৰি থাকিম৷ আমাৰ অনুভৱ আৰু আমাৰ ক্ষমতা সকলো উন্নয়নশীল দেশৰ বাবে উপলব্ধ৷

মাননীনসকল,

সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়াৰ ভাৱনাৰ সৈতে মই নিজৰ ভাষণ সমাপ্ত কৰিছো৷ অৰ্থাৎ সকলো সুখী হওক, সকলো ৰোগমুক্ত হওক৷

বহু বহু ধন্যবাদ!

***

VRRK/SH/AK/MANN


(रिलीज़ आईडी: 1586382) आगंतुक पटल : 113
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , हिन्दी , Bengali , Punjabi , Tamil , Telugu