প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ইউএনচিচিডিৰ চিঅ’পি১৪ সম্বোধন কৰিব

ভাৰতে দুবছৰৰ বাবে চীনৰ পৰা চিঅ’পিৰ অধ্যক্ষতা গ্ৰহণ কৰিছে


Posted On: 08 SEP 2019 8:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মৰুভূমিকৰণ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰসংঘই আয়োজন কৰা ১৪সংখ্যক কনফাৰেন্স অৱ পাৰ্টীজ(প১৪)ৰ উচ্চ পৰ্যায়ৰ বৈঠক সম্বোধন কৰিব৷ সন্মিলনখন উত্তৰ প্ৰদেশৰ নয়দাত অনুষ্ঠিত হব৷

ক’পৰ অধ্যক্ষতা ভাৰতে দুবছৰৰ বাবে চীনৰ পৰা গ্ৰহণ কৰি লোৱাৰ সময়তে এই সন্মিলনখন অনুষ্ঠিত হ’ব৷ ইয়াত পৰিৱেশ বিশেষকৈ ভূমি ব্যৱস্থাপনাৰ সৈতে জড়িত গোলকীয় বিষয়সমূহ আলোচনা হ’ব৷ উল্লেখ্য যে, ভাৰতে জলবায়ু পৰিৱৰ্তন, জৈৱবৈচিত্ৰ আৰু ভূমি ব্যৱস্থাপনাক লৈ ৰিঅ’ সন্মিলনৰ তিনিওখন কনফাৰেন্স অৱ পাৰ্টীজ(ক’প)আয়োজনৰ সুযোগ লাভ কৰিছে৷

সন্মিলনত মন্ত্ৰী, চৰকাৰৰ প্ৰতিনিধি, বে-চৰকাৰী আৰু আন্তঃচৰকাৰী সংগঠন, বিজ্ঞানী, মহিলা আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধিকে ধৰি প্ৰায় ৭,২০০ প্ৰতিযোগীয়ে অংশ লোৱাৰ আশা কৰা হৈছে৷ তেওঁলোকে ভূমি-ব্যৱহাৰ্য নীতি শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰায় ৩০টা সিদ্ধান্তত উপনীত হ’ব৷

*****

VRRK/VM/MS



(Release ID: 1584676) Visitor Counter : 49