কেবিনেট

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজৰ বিয়োগত কেবিনেটৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 13 AUG 2019 1:49PM by PIB Guwahati

কেন্দ্ৰীয় কেবিনেটে আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী সুষমা স্বৰাজৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে৷ ২০১৯ৰ ৬ আগষ্টৰ নিশা ভাৰতীয় আয়ুৰ্বিজ্ঞান সংস্থা(এইমছ)ত শ্ৰীমতী স্বৰাজৰ মৃত্যু হৈছিল৷ তেওঁৰ বিয়োগে দেশে এগৰাকী বিশিষ্ট নেতা তথা দক্ষ সাংসদত হেৰুৱালে৷

তলত কেবিনেটৰ শোকপ্ৰস্তাৱ মুলপাঠ উল্লেখ কৰা হৈছেঃ-

 “হাৰিয়ানাৰ আম্বালাত ১৯৫২ চনৰ ১৪ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা শ্ৰীমতী সুষমা স্বৰাজে সনাতন ধৰ্ম কলেজ, আম্বালা ছাউনীৰ পৰা স্নাতক আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ তেওঁক কানপুৰস্থিত কৃষি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰে৷ ১৯৭৩ চনত তেওঁ উচ্চতম ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে৷

শ্ৰীমতী সুষমা স্বৰাজে কম বসয়ৰ পৰাই ৰাজহুৱা জীৱনত প্ৰৱেশ কৰিছিল আৰু ১৯৯৬ চনত একাদশ লোকসভাৰ সদস্য নিৰ্বাচিত হৈছিল৷ তেতিয়া তেওঁ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল৷ ১৯৯৮ত তেওঁ দ্বাদশ লোকসভালৈ নিৰ্বাচিত হয় আৰু সেইবাৰো কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীৰ সমান্তৰালভাৱে দূৰসংযোগ মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব পালন কৰিছিল৷ ১৯৯৮ত তেওঁ দিল্লীৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল৷ তাৰপাছত ২০০০চনৰ এপ্ৰিল মাহত তেওঁ ৰাজ্যসভাৰ বাবে নিৰ্বাচিত হয় আৰু ২০০০ৰ ছেপ্টেম্বৰৰ পৰা ২০০৩ৰ জানুৱাৰীলৈকে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে আৰু ২০০৩ৰ জানুৱাৰীৰ পৰা ২০০৪ৰ মাৰ্চলৈকে স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ২০০৬ৰ এপ্ৰিলত তেওঁ পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত হয়৷ ২০০৯ত তেওঁ পঞ্চদশ লোকসভালৈ নিৰ্বাচিত হয় আৰু ২০০৯ৰ ডিচেম্বৰৰ পৰা ২০১৪ লৈকে লোকসভাৰ বিৰোধী দলৰ নেত্ৰী আছিল৷ ২০১৪ত তেওঁ ষষ্ঠদশ লোকসভালৈ নিৰ্বাচিত হয়৷ ২০১৪ৰ মে’ৰ পৰা ২০১৯ৰ মে’লৈ তেওঁ বৈদেশিক মন্ত্ৰী পদত অধিষ্ঠিত থাকে৷

শ্ৰীমতী সুষমা স্বৰাজক তেওঁৰ অসাধাৰণ বাকপটুতা আৰু দয়ালু দৃষ্টিভংগীৰ বাবে সদায় মনত থাকিব৷ তেওঁ এগৰাকী ভাল প্ৰশাসক আৰু মানৱীয় গুনেৰে পৰিপূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী, যিগৰাকীয়ে বিদেশত বিপদৰ সন্মুখীন হোৱা ভাৰতীয়সকলক সহায় কৰি তেওঁলোকৰ অন্তৰ জয় কৰিছিল৷ এই গুনসমূহৰ বাবে আমেৰিকাৰ দৈনিক বাতৰিকাকত ‘ৱাল ষ্ট্ৰীট জাৰ্ণেলে’ তেওঁক ‘ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় ৰাজনীতিবিদ’ বুলি ঘোষণা কৰিছিল৷

কেবিনেটে ৰাষ্ট্ৰৰ প্ৰতি বিভিন্ন বিভাগত অধিষ্ঠিত হৈ আগবঢ়োৱা সেৱাৰ বাবে শ্ৰীমতী সুষমা স্বৰাজৰ প্ৰশংসা কৰে৷ কেবিনেটে চৰকাৰ আৰু সমূহ ৰাষ্ট্ৰৰ হৈ শোক সন্তপ্ত পৰিয়ালৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰে৷

*****

VRRK/VJ/DB


(रिलीज़ आईडी: 1582074) आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Kannada , Malayalam