কেবিনেট

কেবিনেটে ঔষধি ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু আমেৰিকাৰ মাজত আন্তঃ-সংস্থাগত চুক্তিৰ বাবে অনুমোদন প্ৰদান কৰিছে

Posted On: 17 JUL 2019 4:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নৱজীৱন প্ৰদান কৰা ঔষধি, ৩ডি বায়প্ৰিণ্টিং, নতুন প্ৰযুক্তি, বৈজ্ঞানিক বিচাৰ/সূচনা তথা প্ৰযুক্তিসমূহৰ আদান-প্ৰদান আৰু বৈজ্ঞানিক আন্তঃগাঁথনিৰ সংযুক্ত ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ মাজত আন্তঃ-সংস্থাগত চুক্তিৰ পূৰ্ব প্ৰস্তাৱিত অনুমোদন প্ৰদান কৰিছে৷

লাভঃ

এই চুক্তিৰ অন্তৰ্গত সংযুক্ত অনুসন্ধান আঁচনি, প্ৰশিক্ষণ কাৰ্যসূচী, সন্মিলন, ছেমিনাৰ আদি সকলো যোগ্য বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদৰ বাবে মুকলি থাকিব আৰু বৈজ্ঞানিক যোগ্যতা তথা উৎকৃষ্টতাৰ আধাৰৰ ভিত্তিত তেওঁলোকক সহযোগিতা প্ৰদান কৰা হব৷ নৱজীৱন প্ৰদান কৰা ঔষধি আৰু ৩ডি বায়প্ৰিণ্টিঙৰ ক্ষেত্ৰত বৈজ্ঞানিক অনুসন্ধান আৰু প্ৰযুক্তিগত বিকাশত নতুন বৌদ্ধিক সম্পদ, কাৰ্যবিধি, প্ৰটাইপ অথবা সামগ্ৰীসমূহৰ উৎপাদন হোৱাৰ সম্ভাৱনা আছে৷

দুয়োটা সংস্থাই অনুমান কৰিছে যে চুক্তিৰ অধীনত সম্পন্ন হোৱা সাধাৰণ শৈক্ষিক আদান-প্ৰদানৰ দ্বাৰা কিছু বিশেষ পৰিযোজনাৰ বিস্তাৰ হব যাৰ দ্বাৰা সকলোৱে শৈক্ষিক, ক্লিনিকেল আৰু ব্যৱসায়িকভাৱে প্ৰভাৱান্বিত হব৷

মুখ্য বৈশিষ্টঃ

চুক্তিৰ উদ্দেশ্য হল শৈক্ষিক সহযোগিতাৰ জৰিয়তে দুয়োটা সংস্থাৰ অনুসন্ধান তথা শিক্ষাৰ বিস্তাৰ কৰা৷ সমূহীয়া হিতৰ সামান্য ক্ষেত্ৰ যত সহযোগিতা আৰু জ্ঞানৰ আদান-প্ৰদান হয়, তাত অন্তৰ্ভুক্ত কৰা হৈছেঃ

. প্ৰশিক্ষণ, অধ্যয়ন আৰু অনুসন্ধান, বিশেষকৈ ৩ডি বায়প্ৰিণ্টিঙৰ ক্ষেত্ৰৰ বাবে শৈক্ষিক সদস্য আৰু শিক্ষাৰ্থীসকলৰ আদান-প্ৰদান৷

. সংযুক্ত অনুসন্ধান আঁচনিসমূহৰ প্ৰণয়ন আৰু

. সূচনা আৰু শৈক্ষিক প্ৰকাশনসমূহৰ আদান-প্ৰদান৷

পৃষ্ঠভূমিঃ

বিজ্ঞান আৰু প্ৰযুক্তিগত ক্ষেত্ৰত পাৰস্পৰিক লাভৰ বাবে ভাৰত চৰকাৰ আৰু আমেৰিকাৰ মাজত শক্তিশালী আৰু দীৰ্ঘকালীন সহযোগিতাক চৰকাৰৰ দ্বাৰা গুৰুত্ব প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অন্তৰ্গত ৰাষ্ট্ৰীয় গুৰুত্বৰ সংস্থা শ্ৰী চিত্ৰ তিৰুনল ইন্সটিটিউট ফৰ মেডিকেল ছাইন্সেছ এণ্ড টেকনজী, তিৰুৱনন্তপুৰম আৰু আমেৰিকাস্থিত উত্তৰ কেৰোলিনাৰ ইন্সটিটিউট ফৰ ৰিজেনেৰেটিভ মেডিচিনৰ তৰফৰ পৰা ৱেক ফৰেষ্ট ইউনিভাৰ্চিটী হেল্থ ছাইন্সেছৰ মাজত শৈক্ষিক সহযোগিতাৰ এক চুক্তি সম্পন্ন হৈছে৷ তিৰুৱনন্তপুৰমৰ শ্ৰী চিত্ৰ তিৰুনল ইন্সটিটিউট ফৰ মেডিকেল ছাইন্সেছ এণ্ড টেকনজীৰ সঞ্চালক অধ্যাপক আশা কিশোৰ আৰু ৱেক ফৰেষ্ট ইউনিভাৰ্চিটী হেল্থ ছাইন্সেছৰ মুখ্য বিজ্ঞান অধিকাৰী তথা অনুসন্ধান প্ৰশাসনৰ জ্যেষ্ঠ সহযোগী ডীন গ্ৰেগৰী বুৰ্ক আৰু ইন্সটিটিউট ফৰ ৰিজেনেৰেটিভ মেডিচিনৰ সঞ্চালক অধ্যাপক এন্ঠনী আটালাই ১৩ ডিচেম্বৰ ২০১৮ তাৰিখে এই চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল৷

 

*******

AKT/PK/SH/MANN



(Release ID: 1579367) Visitor Counter : 88