কেবিনেট
কেবিনেটৰ পেছাগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম স্থিতি আইন, ২০১৯ত অনুমোদন
নতুন কোডৰ অধীনত ১৩টা কেন্দ্ৰীয় শ্ৰম আইনৰ প্ৰণয়ন
Posted On:
10 JUL 2019 6:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ ‘সকলোৰে সৈতে, সকলোৰে বিকাশ’ আৰু ‘সকলোৰে বিশ্বাস’ মূলমন্ত্ৰক সৰোগত কৰি চৰকাৰে বিভিন্ন শ্ৰেণীৰ লোকৰ জীৱনৰ উন্নতিৰ বাবে কাম কৰি আছে৷ এই উদ্দেশ্যৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে সংসদত পেছাগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম স্থিতি আইন, ২০১৯ৰ অনুমোদন প্ৰদান কৰিছে৷ এই প্ৰস্তাৱনাৰ দ্বাৰা বৰ্তমানৰ দৃশ্যাৱলীৰ তুলনাত কৰ্মক্ষেত্ৰত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম স্থিতিৰ ভালেখিনি উন্নতি হ’ব৷
১৩টা কেন্দ্ৰীয় শ্ৰম আইনৰ প্ৰাসংগিক ব্যৱস্থাপনাসমূহৰ একত্ৰীকৰণ, সৰলীকৰণ আৰু যুক্তি প্ৰণয়নৰ পিছত নতুন কোডৰ খচৰা প্ৰস্তুত কৰা হৈছেঃ
- কাৰখানা আইন, ১৯৪৮;
- খনি আইন, ১৯৫২; বন্দৰৰ কৰ্মীসকল (সুৰক্ষা, স্বাস্থ্য আৰু কল্যাণ) আইন, ১৯৮৬;
- নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ কৰ্মী (নিয়োজনৰ নিয়ামক আৰু সেৱাৰ স্থিতি) আইন, ১৯৯৬;
- বাগিচাৰ শ্ৰম আইন, ১৯৫১;
- ঠিকাভিত্তিক শ্ৰম (নিয়মীয়াকৰণ আৰু বাতিলকৰণ) আইন, ১৯৭০;
- আন্তঃৰাজ্যিক প্ৰবাসী কৰ্মী (নিয়োজনৰ নিয়ামক আৰু সেৱাৰ স্থিতি) আইন, ১৯৭৯;
- কৰ্মৰত সাংবাদিক আৰু বাতৰিকাকতৰ অন্য কৰ্মচাৰী (সেৱাৰ স্থিতি আৰু বহুভিত্তিক ব্যৱস্থা)আইন, ১৯৫৫;
- কৰ্মৰত সাংবাদিক (স্থিৰ দৰমহা) আইন, ১৯৫৮;
- মটৰ পৰিবহণ কৰ্মী আইন, ১৯৬১;
- বিক্ৰী প্ৰচাৰ কৰ্মী (সেৱাৰ স্থিতি)আইন, ১৯৭৬;
- বিড়ি আৰু চিগাৰ কৰ্মী (নিয়োজনৰ স্থিতি) আইন, ১৯৬৬; আৰু
- চিনেমা কৰ্মী আৰু চিনেমা থিয়েটাৰ কৰ্মী আইন ১৯৮১৷ এই কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত উক্ত সকলো আইন বাতিল কৰা হ’ব৷
পৃষ্ঠভূমিঃ
শ্ৰমিকসকলৰ সুৰক্ষা, কল্যাণ আৰু উন্নত কৰ্মস্থিতি অনিবাৰ্য আৰু এয়া দেশৰ অৰ্থনৈতিক উন্নতিৰ বাবেও অনিবাৰ্য৷ উক্ত কোড প্ৰণয়নৰ দ্বাৰা দেশৰ সকলো শ্ৰমিকৰ সুৰক্ষা, স্বাস্থ্য আৰু কৰ্মস্থিতি উন্নত হ’ব৷
*****
AKT/PK/SH/MANN
(Release ID: 1578292)