প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৫ জুন ২০১৯ তাৰিখে ৰাষ্ট্ৰপতিয়ে লোকসভাত প্ৰদান কৰা ভাষণৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ধন্যবাদসূচক ভাষণৰ অসমীয়া অনুবাদ

Posted On: 25 JUN 2019 11:55PM by PIB Guwahati

মাননীয় অধ্যক্ষ মহোদয়, সপ্তদশ লোকসভা গঠনৰ পিছত ৰাষ্ট্ৰপতি মহোদয়ৰ অভিভাষণত ধন্যবাদ প্ৰস্তাৱ সমৰ্থন কৰাৰ বাবে, ধন্যবাদ প্ৰদান কৰাৰ বাবে মই উপস্থিত হৈছো৷

ৰাষ্ট্ৰপতি মহোদয়ে নিজৰ ভাষণত আমি ভাৰতক ক’লৈ লৈ যাব বিচাৰিছো, ভাৰতৰ সাধাৰণ জনতাৰ আশা-আকাংক্ষা পূৰণৰ বাবে কোনবোৰ দিশক প্ৰাথমিকতা প্ৰদান কৰিব লাগে, ক’ত গুৰুত্ব প্ৰদান কৰিব লাগে, তাৰে এক আভাস দিয়াৰ প্ৰয়াস কৰিছে৷ সাধাৰণ জনতাই আমাক যি আশা-আকাংক্ষাৰে ইয়ালৈ পঠিয়াইছে, ৰাষ্ট্ৰপতি মহোদয়ৰ ভাষণত সেয়া প্ৰতিফলিত হৈছে৷ আৰু সেইবাবে এই ভাষণৰ ধন্যবাদেৰে এক প্ৰকাৰে দেশৰ কোটি কোটি জনতাকো ধন্যবাদ জনোৱা হৈছে৷

এক সশক্ত, সুৰক্ষিত, সমৃদ্ধ, সমাৱেশী- এনে ৰাষ্ট্ৰৰ সপোন আমাৰ দেশৰ অনেক মহাপুৰুষে দেখিছিল৷ সেয়া পূৰণ কৰাৰ বাবে সংকল্পবদ্ধ হৈ, অধিক গতি, অধিক তীব্ৰতাৰ সৈতে আমি সকলোৱে মিলিজুলি আগবাঢ়িব লাগিব, এয়া সময়ৰ আহ্বান, দেশৰ আহ্বান আৰু আজিৰ বিশ্বজনীন বাতাৱৰণত এই অৱকাশ ভাৰতে হেৰুৱাব নালাগে৷

সেই মনোভাৱেৰে সৈতে আমি আগবাঢ়িব লাগে, আমি সকলোৱে একত্ৰিত হৈ আগবাঢ়িলে দেশৰ আকাংক্ষা পূৰণত সন্মুখীন হোৱা সকলো বাধা, মই ভাবো, আমি অতিক্ৰম কৰিব পাৰিম৷

এই আলোচনাত প্ৰায় ৬০জন আদৰণীয় সাংসদে অংশগ্ৰহণ কৰিলে৷ যি প্ৰথম বাৰলৈ আহিছে তেওঁলোকে নিজৰ বক্তব্য উচিত ধৰণে প্ৰদান কৰাৰ প্ৰয়াস কৰিছে, আলোচনাক অধিক সাৰ্থক কৰি তোলাৰ বাবে প্ৰয়াস কৰিছে৷ যি অভিজ্ঞ, তেওঁলোকেও নিজৰ ধৰণে এই আলোচনাক আগবঢ়াই নিছে৷

শ্ৰীমান অধীৰ ৰঞ্জন চৌধুৰী মহোদয়, শ্ৰী টি.আৰ. বালু মহোদয়, শ্ৰী দয়ানিধি মাৰন মহোদয়, শ্ৰীমান সৌগত ৰায় মহোদয়, জয়দেৱ মহোদয়, সুশ্ৰী মহুৱা মৌইত্ৰা, পি.বি. মিঠুন ৰেড্ডি মহোদয়, বিনায়ক ৰাউত, ৰাজীৱ ৰঞ্জন মহোদয়, পিনাকী মিশ্ৰ, শ্ৰী নামা নাগেশ্বৰ ৰাও, মহম্মদ আজম খান, আসদুদ্দিন অ’বেসী, শ্ৰী প্ৰতাপ চন্দ্ৰ ষাড়ংগী, ডাক্টৰ হিনা গাবিতসহিতে সকলোকে এই আলোচনা সাফল্যমণ্ডিত কৰি তোলাৰ বাবে মই হৃদয়েৰে অশেষ কৃতজ্ঞতা জনাইছো৷

এয়া সত্য যে আমি সকলোৱেই মনুষ্য, ৩০ দিন ধৰি মনত যি চাপ বহিছে, প্ৰভাৱ বহিছে, সেয়া ত্যাগ কৰা কঠিন হয় আৰু সেইবাবে নিৰ্বাচনী ভাষণসমূহতো তাৰ অলপ-অচৰপ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল৷ সেই কথা ইয়াতো শুনিবলৈ পোৱা গৈছিল৷ কিন্তু সেয়া বোধহয় প্ৰকৃতিৰ নিয়ম, আৰু সেইবাবে….এতিয়া চাওক, মই..আপোনালোকেও এই গৰিমাপূৰ্ণ পদত যিদৰে আপোনালোকে এই সদন সঞ্চালিত কৰিলে, সমগ্ৰ আলোচনাত সকলোকে আস্থাত লৈ আগবাঢ়িলে, আপোনালোক এই সদনত নতুন, আৰু নতুন হোৱাৰ পৰিপ্ৰেক্ষিতত কিছুমান লোকৰ মনত আপোনালোকক আৰম্ভণিতে অসুবিধাত পেলোৱাৰ ভাব উদয় হয়৷

কিন্তু এই সকলো স্থিতিৰ পিছতো আপোনালোকে অতি সুন্দৰভাৱে এইসমূহ পৰিচালনা কৰিলে, তাৰবাবেও মই আপোনালোকক অশেষ শুভকামনা জনাইছো আৰু সদনত নতুন অধ্যক্ষ মহোদয়ক সহযোগিতা কৰাৰ বাবে তেওঁলোকক ধন্যবাদ প্ৰদান কৰিছো৷

মাননীয় অধ্যক্ষ মহোদয়, বহু দশকৰ পিছত দেশে এক শক্তিশালী জনাদেশ প্ৰদান কৰিছে৷ এখন চৰকাৰক দ্বিতীয়বাৰলৈ নিৰ্বাচিত কৰা হৈছে, পূৰ্বতকৈও অধিক শক্তি প্ৰদান কৰা হৈছে৷ আজিৰ সাধাৰণ পৰিবেশত ভাৰতৰ দৰে উজ্বীৱিত গণতন্ত্ৰত প্ৰতিজন ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ বিষয় যে আমাৰ ভোটদাতা কিমান সজাগ, তেওঁলোকে দেশক কিমান ভাল পায়, নিজতকৈও অধিক নিজৰ দেশৰ বাবে তেওঁলোকে কিদৰে সিদ্ধান্ত গ্ৰহণ কৰে; এই নিৰ্বাচনত এয়া সুন্দৰকৈ প্ৰকট হৈছে৷ আৰু সেইবাবে দেশৰ ভোটদাতাসকলক অশেষ অভিনন্দনৰ অধিকাৰী৷

মই এই কথাত সন্তোষিত হৈছো যে, আমাৰ সমগ্ৰ দলটোৰেই এই সন্তোষ যে ২০১৪ চনত আমি সম্পূৰ্ণ নতুন আছিলো, সেয়ে দেশতো আমি অপৰিচিত আছিলো৷ কিন্তু সেই পৰিস্থিতিৰ পৰা বাহিৰলৈ ওলোৱাৰ বাবে দেশে এক পৰীক্ষণৰ ভিত্তিত-যিয়েই হওক, এওঁলোকৰ পৰাতো ৰক্ষা পৰিম বুলি ভাবিয়েই আমাক সুযোগ প্ৰদান কৰিলে৷ কিন্তু ২০১৯ চনৰ জনাদেশ সম্পূৰ্ণৰূপে অভিজ্ঞতাৰ ভিত্তিত, তুলাচনীত পৰীক্ষা কৰাৰ পিছত, দলক জনতা-জনাৰ্দনে পৰ্যৱেক্ষণ কৰিছে, পৰীক্ষা কৰিছে, আৰু তাৰ ভিত্তিত আমাক দ্বিতীয়বাৰলৈ শাসনভাৰ প্ৰদান কৰিছে৷ এই গণতন্ত্ৰৰ শক্তি অধিক৷ লাগিলে সেয়া বিজেতাই হওক, হাৰোতাই হওক, ক্ষেত্ৰত থকাজনেই হওক অথবা বাহিৰত থকাজনেই হওক, প্ৰত্যেকৰে বাবে এই বিজয়ক চৰকাৰৰ পাঁচ বছৰৰ কঠোৰ পৰিশ্ৰম, চৰকাৰৰ পাঁচ বছৰৰ জনতা-জনাৰ্দনৰ সুখ-সুবিধাৰ বাবে পূৰ্ণ সমৰ্পণ, পূৰ্ণ ৰূপত ‘সৰ্বজন হিতায়, সৰ্বজয় সুখায়’, এই নীতিসমূহ প্ৰণয়ন কৰাৰ সফল প্ৰয়াস-তেওঁলোকে পুনৰবাৰ নিজৰ অনুমোদন প্ৰদান কৰি দেশৰ সেৱা কৰাৰ বাবে দ্বিতীয়বাৰলৈ শাসনাধিষ্ঠ কৰিছে৷

মাননীয় অধ্যক্ষ মহোদয়, এজন ব্যক্তিৰ ৰূপত জীৱনত ইয়াতকৈ অধিক সন্তোষ নহ’ব যেতিয়া জনতা-জনাৰ্দনে, যি ঈশ্বৰৰ প্ৰতিমূৰ্তি-তেওঁলোকে আপোনালোকৰ কামক অনুমোদন প্ৰদান কৰিছে৷ এয়া কেৱল নিৰ্বাচনৰ জয় অথবা পৰাজয় নহয়, সংখ্যাৰ খেল নহয়-এয়া জীৱনৰ সেই আস্থাৰ খেল য’ত প্ৰতিশ্ৰুতি কি হয়, সমৰ্পণ কি হয়, জনতা-জনাৰ্দনৰ বাবে জীয়াই থকা, জনতা-জনাৰ্দনৰ বাবে যুদ্ধ কৰা, জনতা-জনাৰ্দনৰ বাবে কাম কৰা-এয়া কি হয়, এয়া পাঁচ বছৰৰ অখণ্ডতা, একনিষ্ঠতা, অবিৰত তপস্যাৰ যি ফল লাভ হয়, সেয়াই সন্তোষৰ এক আধ্যাত্মিক অনুভূতি প্ৰদান কৰে৷ আৰু সেইবাবে কোন হাৰিল-কোন জিকিল, এয়া পৰিসৰত নিৰ্বাচনক প্ৰত্যক্ষ কৰাটো মোৰ চিন্তাৰ অংশ হ’ব নোৱাৰে, মই ইয়াতকৈ আগৰ কথা চিন্তা কৰো৷ আৰু সেইবাবে মই ১৩০ কোটি দেশবাসীৰ, তেওঁলোকৰ সপোন, তেওঁলোকৰ আশা-আকাংক্ষাত মই দৃষ্টি নিৱদ্ধ কৰো৷

মাননীয় অধ্যক্ষ মহোদয়, ২০১৪ চনত যেতিয়া দেশৰ জনতাই আমাক সুযোগ প্ৰদান কৰিছিল, প্ৰথমবাৰলৈ মই চেণ্ট্ৰেল হ’লত বক্তব্য প্ৰদানৰ সুযোগ পাইছিলো, আৰু সহজভাৱেই মই কৈছিলো যে মোৰ চৰকাৰ দুখীয়াৰ প্ৰতি সমৰ্পিত৷ আজি সেই পাঁচ বছৰৰ কাৰ্যকালৰ পিছত অধিক সন্তোষেৰে মই ক’ব পাৰো, আৰু যি সন্তোষ জনতা-জনাৰ্দনে ইভিএমৰ বুটাম টিপি প্ৰদান কৰিছে৷ যেতিয়া আলোচনাৰ আৰম্ভ হৈছিল, প্ৰথমবাৰ সদনলৈ আহি শ্ৰীমান প্ৰতাপ ষাড়ংগী মহোদয় আৰু আদিবাসী সমাজৰ পৰা অহা মোৰ ভগ্নী ডাক্টৰ হিনা গাবিত মহোদয়াই যিদৰে বিষয়সমূহ উত্থাপন কৰিলে, যিধৰণে প্ৰসংগসমূহ প্ৰস্তুত কৰিলে- মই ভাবো, ইয়াৰ পিছত মই একো নকলেও কথাসমূহ সকলোৱে উপলব্ধি কৰিব পাৰিছে৷

মাননীয় অধ্যক্ষ মহোদয়, আমাৰ দেশত যিমান মহাপুৰুষ আছিল, সাৰ্বজনিক জীৱনত যিসকলে মাৰ্গদৰ্শন কৰিছিল, তেওঁলোকে এটা কথা সদায়েই কৈছিল আৰু সেয়া অন্ত্যোদয়ৰ কথা কৈছিল, সমাজৰ অন্তিমজন ব্যক্তিৰ কল্যাণৰ কথা কৈছিল৷ লাগিলে পুজ্য বাপুয়েই হওক, বাবাচাহেব আম্বেদকাৰেই হওক, লোহিয়া মহোদয়েই হওক অথবা দীনদয়াল মহোদয়েই হওক-সকলোৱে এই কথাষাৰ কৈছিল৷ যোৱা পাঁচ বছৰৰ কাৰ্যকালত আমাৰ মনতো এই ভাৱ আছিল- যাৰ কোনো নাই, তেওঁলোকৰ বাবে কেৱল চৰকাৰেই থাকে৷

আমাৰ দেশ স্বাধীন হোৱাৰ পিছত এনেকুৱা পৰম্পৰা আমি অজানিতে স্বীকাৰ কৰি ল’লো, অথবা তাত আমি ইমান গুৰুত্ব প্ৰদান কৰিলো, আৰু মই কাৰো ওপৰত আৰোপ নলগাও৷ আমি অজানিতে এনেকুৱা পৰম্পৰা প্ৰসাৰিত কৰিলো য’ত দেশৰ সাধাৰণ জনতাই নিজৰ অধিকাৰৰ বাবে প্ৰণালীৰ সৈতে যুঁজিব লাগে৷ সাধাৰণ জনতাৰ অধিকাৰ সহজ ৰূপত, যি তেওঁলোকৰ প্ৰাপ্য, সেয়া তেওঁলোকে পাব লাগে নে নালাগে? আৰু পাওক বা নাপাওক, তেওঁলোকে অভিযোগ কৰক বা নকৰক- আমি মানি লৈছিলো যে এয়া এনেদৰেই চলে৷

মই জানো যে এই ব্যৱস্থাসমূহ পৰিৱৰ্তনৰ বাবে কিমান পৰিশ্ৰমৰ আৱশ্যক৷ ৰাজ্যসমূহকো অনব’ৰ্ডলৈ অনাৰ বাবে সমস্যা হয়৷ আৰু ৭০ বছৰীয়া বেমাৰ এটা পাঁচ বছৰত সম্পূৰ্ণ কৰাটো কঠিন হয়৷ কিন্তু মই সন্তোষেৰে ক’ব পাৰো যে আমি যি দিশত আগবাঢ়িছো-কঠিনতাৰ পিছতো সেই দিশৰ পৰা আমি কক্ষচ্যুত হোৱা নাই-পথভ্ৰষ্ট হোৱা নাই- আমি সেই লক্ষ্যৰে আগবাঢ়িছো আৰু ই তেল আৰু পানী পৃথক কৰিবলৈ ভালদৰেই জানে৷ তেওঁলোকে শৌচালয়ক কেৱল চাৰিখন দেৱাল বুলিয়েই নাভাবিলে, ঘৰলৈ চৌকা আহিল আৰু ৰন্ধা-বঢ়া ভালকৈ হ’ল, কেৱল সেয়াই নাভাবিলে, সেইসমূহ ব্যৱস্থাৰ অন্তৰালত সেই উদ্দেশ্যকো বুজিলে, আচলতে চৰকাৰে এয়া কিয় কৰি আছে৷ মইতো চৌকা খোজা নাছিলো, মইতো বিদ্যুৎ সংযোগ অবিহনে জীৱন-যাপন কৰিছো, তেওঁলোকে এনেকুৱা কিয় কৰি আছিল? প্ৰথমে প্ৰশ্ন উত্থাপিত হৈছিল যে কিয় নকৰে? আজি তেওঁলোকৰ মনত এক বিশ্বাসৰ ভাৱ উদয় হৈছে যে কিয় কৰি আছে৷ কিয় কৰা নাইৰ পৰা কিয় কৰিছেলৈ-এই যাত্ৰা দীঘলীয়া আছিল৷ কিন্তু তাত বিশ্বাস আছিল, যিসকলে নিশা উজাগৰে কটাইছিল আৰু আজি দেশত এক নতুন সামৰ্থৰ অনুভূতি কৰাইছে আৰু সেয়াই আগবঢ়োৱাৰ দিশত আমি প্ৰয়াস কৰিছো৷

এয়া সত্য যে যিদৰে এক কল্যাণকামী স্থিতিৰ ৰূপত দেশে দৰিদ্ৰতা সৈতে যুঁজি আছে আৰু সেই যোজনাৰ অধীনত ইজ অব্ লিভিঙৰ বাবে এজন সাধাৰণ মানুহৰ যি আৱশ্যকতা হয়, সেয়া পূৰণ হওক, কিন্তু দেশো আগবাঢ়িব লাগিব৷ দুখীয়াৰ কল্যাণ হওক, দুখীয়াৰ উত্থান হওক, দুখীয়াৰ সৱলীকৰণ হওক, কিন্তু লগতে আধুনিক ভাৰতকো সৱলীকৰণৰ সৈতে আগুৱাই লৈ যাব লাগিব৷ এনেকুৱা পথত বিকাশৰ ধাৰা আগবাঢ়িব লাগিব, য’ত এফালে কল্যাণক লৈ ধ্যানকেন্দ্ৰিত হওক, সাধাৰণ জনতাৰ জীৱনৰ আৱশ্যকতাসমূহ পূৰণত ভৰপূৰ প্ৰয়াস হওক আৰু আনফালে এনেকুৱা পথ হওক য’ত আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণ হওক, দেশক আধুনিক হিচাপে নিৰ্মাণ কৰাৰ বাবে যোজনা প্ৰণয়ন হওক৷ আৰু আমি দুয়োফালে গুৰুত্ব প্ৰদান কৰিলো৷ ৰাষ্ট্ৰীয় ঘাইপথেই হওক অথবা আই-পথ, জলপথ, ৰে’ল অথবা স্থলপথ, উড়ান যোজনাৰ দ্বাৰা বিমানৰ ব্যৱস্থা, ষ্টাৰ্ট-আপ, উদ্ভাৱন, টিংকাৰিং লেবৰ পৰা আৰম্ভ কৰি চন্দ্ৰযানলৈ কৰা কল্পনা- এই সকলো পদক্ষেপৰ দ্বাৰা এক আধুনিক ভাৰত আৰু এনেকুৱা অনেক প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ আমি আমি আগবাঢ়িম৷

ইয়াত বহু ভাল কথা কোৱা হৈছে৷ কিছু তিতা-কেঁহা কথাও কোৱা হৈছে৷ অধিকাংশতেই নিৰ্বাচনী সভাসমূহৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে৷ প্ৰত্যেকৰে নিজা নিজা একোটা এজেণ্ডা থাকে, তাৰবাবে মই একো নকও, কিন্তু ইয়াত কোৱা হৈছে যে আমাৰ উচ্চতাক কোনেও কম কৰিব নোৱাৰে; এনেকুৱা ভুল আমি কৰিব নোৱাৰো৷ আমি কাৰো ৰেখা সৰু কৰাত সময় নষ্ট নকৰো, আমি নিজৰ ৰেখা দীঘল কৰাৰ বাবে জীৱন অতিবাহিত কৰো৷

আৰু আপোনালোকৰ উচ্চতা আপোনালোককেই অভিনন্দন৷ কাৰণ আপোনালোক ইমান ঊৰ্ধলৈ উঠিছে যে ভূমিলৈ চাবলৈ আপোনালোকৰ সময় নাই৷ আপোনালোক ইমান উচ্চতালৈ গৈছে শিপাৰ পৰা ছিন্নমূল হৈ পৰিছে৷ আপোনালোক ইমান উচ্চতালৈ গৈছে যে ভূমিত থকা সকলোকে তুচ্চ জ্ঞান কৰিবলৈ ধৰিছে৷ আৰু সেইবাবে আপোনালোক ঊৰ্ধলৈ উঠাটো মোৰ বাবে অত্যন্ত সন্তোষৰ কথা……মই আশা কৰিছো যে আপোনালোক আৰু ঊৰ্ধলৈ যাওক৷ আপোনালোকৰ উচ্চতাৰ সৈতে আমি প্ৰতিযোগিতা কৰিব নোৱাৰো কাৰণ আমাৰ সপোন ঊৰ্ধলৈ যোৱাটো নহয়, আমাৰ সপোন হ’ল মূলসুঁতিৰ সৈতে জড়িত হৈ থকাটো৷

আমাৰ সপোন হ’ল গভীৰতাৰ সৈতে জড়িত হোৱা, আমাৰ সপোন, আমাৰ পথ হ’ল শিপাৰ পৰাই শক্তিৱন্ত হোৱা আৰু দেশক শক্তিশালী কৰা, এয়া আমাৰ পথ৷ আৰু সেইবাৰে যি প্ৰতিযোগিতাত আমি নাই সেই প্ৰতিযোগিতাৰ বাবে আমি আপোনালোকক শুভকামনা জনাইছো যে আপোনালোক আৰু অধিক ঊৰ্ধলৈ যাওক৷ মই দেখিছো যে বাৰে বাৰে এয়া আলোচনা হয়, এয়া সত্য যে কিছুমান লোকে আন কিছুমান লোকক ইমান ভাল পায় যে তেওঁলোকৰ নাম নাহিলে খুব দুখ পায়, আৰু নাম আহিলেও যেন অপমানিত হ’ল, এনে অনুভৱ হ’ব পাৰে৷ হ’ব নালাগে, কিন্তু হয়৷

কিন্তু মই প্ৰত্যাহ্বান জনাইছো, ২০০৪ চনৰ পূৰ্বে অটল বিহাৰী বাজপেয়ী মহোদয়ৰ চৰকাৰ আছিল৷ ২০০৪ চনৰ পৰা ২০১৪ চনলৈ শাসনাধিষ্ঠ লোকসকলে অধিকৃত কাৰ্যসূচীত এবাৰো অটল মহোদয়ৰ প্ৰশংসা নকৰিলে, তেওঁৰ ভাল কামসমূহৰ উল্লেখ নকৰিলে৷ এয়াই নহয়, অটল মহোদয়তো দূৰৰেই কথা, তেওঁলোকে নৰসিংহ ৰাওৰ চৰকাৰৰ প্ৰশংসা কৰিলেনে? তাৰোপৰি এতিয়াৰ ভাষণতো তেওঁলোকে এবাৰো যদি ডঃ মনমোহন সিঙৰ নাম উল্লেখ কৰিলে যদি মোক কওক৷ আৰু তেওঁলোক ডাঙৰ ডাঙৰ মানুহ, মই তেওঁলোকৰ সন্মুখত তুচ্চ, মই এজন সাধাৰণ ব্যক্তি৷কিন্তু লালকিল্লাৰ পৰা বোধহয়, এয়া পৰীক্ষা কৰা উচিত, বোধহয় মই প্ৰথমজন প্ৰধানমন্ত্ৰী যিয়ে দুবাৰ এয়া কৈছে যে স্বাধীনতাৰ পৰা আৰম্ভ কৰি এই পৰ্যন্ত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ যিমান চৰকাৰ হ’ল সকলোৱেই দেশক আগুৱাই লৈ যোৱাত অগ্ৰণী ভূমিকা পালন কৰিছে৷

এই সদনতো মই বহুবাৰ কৈছো, আজি দ্বিতীয়বাৰলৈ কৈছো, আমি তেনেধৰণৰ লোক নহয়৷ আৰু সেইবাবে বাৰে বাৰে এয়া কোৱা- হয়, তেওঁলোকে এয়াই ভাবে যে সেই নামেই আহক, সেয়া এক অন্য কথা, কিন্তু মই এটা উদাহৰণ দিছো- আমাৰ চৰিত্ৰ কেনে, আমাৰ চিন্তা কেনে, আপোনালোকৰ জ্ঞানৰ বাবে, আপোনালোকৰ বুজাত সুবিধা হ’ব, সকলোৰে নহয়৷

গুজৰাটত মই দীৰ্ঘদিনৰ বাবে মুখ্যমন্ত্ৰীৰ পদত কাম কৰিছিলো৷ গুজৰাটৰ ৫০ বৰ্ষ হৈছিল, সোণালী জয়ন্তীৰ বৰ্ষ আছিল৷ সেই সোণালী জয়ন্তীৰ বৰ্ষত অনেক কাৰ্যসূচীৰ বাবে সকলোৰে সহযোগিতাত কাম কৰা হৈছিল৷ কিন্তু এটা গুৰুত্বপূৰ্ণ কথা আজি মই ক’ব বিচাৰো৷ মই চৰকাৰলৈ জাননী প্ৰকাশ কৰিলো যে ৫০ বছৰত ৰাজ্যপাল মহোদয়ৰ যিমানবোৰ ভাষণ হৈছে, সেই ভাষণসমূহ একত্ৰিত কৰি তাৰে এক গ্ৰন্থ প্ৰকাশ কৰা যাওক আৰু সেয়া ইতিহাসত খোদিত হ’ব লাগে৷ এতিয়া মোক কওক, ৫০ বছৰৰ ৰাজ্যপালৰ ভাষণ, অৰ্থাৎ কাৰ ভাষণ আছিল?

সেই সময়ৰ চৰকাৰৰ এক প্ৰকাৰে বাহ-বাহেই কওক অথবা সেই সময়ৰ চৰকাৰৰ কাম-কাজৰ খতিয়ান সেই গ্ৰন্থখনত উল্লেখ আছিল৷ আমাৰ দলৰ চৰকাৰ নাছিল৷ কিন্তু এয়া আমাৰ চিন্তাৰ অংশ যে শাসন চলোৱাৰ ব্যৱস্থাত যিয়েই নাথাকক কিয়, দেশক আগুৱাই লৈ যোৱাত তেওঁলোকৰ ভূমিকা আছে আৰু সেয়া পূৰ্ণতঃ ধনাত্মক আছিল৷ কোনো বাতৰি-কাকতৰ সম্পাদকীয়ৰ একত্ৰীকৰণ নাছিল, ৰাজ্যপালৰ ভাষণ ছপোৱা হৈছিল আৰু আজিও সেয়া উপলব্ধ৷ গৈ চাওক৷

আৰু সেইবাবে এয়া কোৱাটো যে দেশত প্ৰথমে যি কাম হৈছিল সেয়া আমি গণনা নকৰো আৰু বাৰে বাৰে এয়া আমাক শুনাই থকাটো… এয়া শুনোৱাৰ তেওঁৰেই অধিকাৰ আছে যি কেতিয়াবা কাৰোবাক স্বীকাৰ কৰিছে৷ অন্যথা দেশে ভাবিলে হয় যে তেওঁলোকৰ কাৰ্যকালত নৰসিংহ ৰাৱে ভাৰত ৰত্ন পাইছিল, তেওঁৰ কাৰ্যসূচীৰ প্ৰথমটো কাৰ্যকালৰ পিছত ডঃ মনমোন সিঙে ভাৰত ৰত্ন পালেহৈ৷ কিন্তু পৰিয়ালৰ ঊৰ্ধত তেওঁলোকে একো নাপায়৷ এয়া আমি, আমাৰ চিন্তা-প্ৰণৱদা কোনটো দলৰ আছিল, কোন দলৰ বাবে তেওঁ নিজৰ জীৱন সমৰ্পিত কৰিছিল, তাৰ ভিত্তিত আমি সিদ্ধান্ত নলও, তেওঁ দেশৰ বাবে অৱদান আগবঢ়াইছে, ভাৰত ৰত্নৰ আমি সিদ্ধান্ত ল’ব পাৰো৷ আৰু সেইবাবে কৃপা কৰি- মই এয়া কোৱাৰ পিছত মোৰ ভাল লগা নাই, মই আনন্দ পোৱা নাই, কিন্তু বাৰে বাৰে এয়া আমাক শুনোৱা হৈছে সেয়ে যাতে আগলৈ এনে নহয়৷

আজি মই এয়া ৰেকৰ্ডত এইবাবেই ৰাখিব বিচাৰিছো যে কৃপা কৰি এয়া যাতে বাৰে বাৰে নকয়৷ আমি কাৰোৰেই অৱদানক অস্বীকাৰ নকৰো৷ আৰু যেতিয়া আমি কও যে এশ পচিশ কোটি দেশবাসীয়ে দেশক আগুৱাই লৈ গৈছে, অৰ্থাৎ এশ পচিশ কোটি দেশবাসীৰ মাজত সকলো অন্তৰ্ভুক্ত হয়৷ আৰু সেইবাবে কৃপা কৰি আলোচনাৰ স্তৰ নিম্ন নকৰিব৷

মাননীয় অধ্যক্ষ মহোদয়, যেতিয়া আপোনালোকে কালি প্ৰতিটো ক্ষেত্ৰতে কোলাহল কৰিলে? কোনে কৰিলে? আজি ২৫ জুন! বহুতে গমেই নাপা. যে ২৫ জুন কি? ওচৰৰ মানুহক সুধিব লাগে৷২৫ জুনৰ সেই ৰাতি দেশৰ আত্মাৰ ডিঙি মোহাৰি পেলোৱা হৈছিল৷ ভাৰতত গণতন্ত্ৰ সংবিধানৰ পৃষ্ঠাৰ পৰা উৎপন্ন হোৱা নাই, ভাৰতত গণতন্ত্ৰ অতীজৰে আমাৰ আত্মা হিচাপে বিবেচিত হৈ আহিছে আৰু দেশৰ এই আত্মাৰ ডিঙি মোহাৰি পেলোৱা হৈছিল৷ দেশ সংবাদ মাধ্যমৰ মুখ বন্ধ কৰি দিয়া হৈছিল৷ দেশৰ মহাপুৰুষসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল৷ সমগ্ৰ ভাৰতক কাৰাগাৰ কৰি পেলোৱা হৈছিল- কেৱল ক্ষমতা যাতে হাতৰ পৰা গুচি নাযায় সেইবাবে৷ ন্যায়পালিকাৰ ন্যায় আছিল, ন্যায়পালিকাৰ অনাদৰ কেনেদৰে হয়, তাৰ জীৱন্ত উদাহৰণ সেয়া৷

আজি ২৫ জুন তাৰিখে আমি গণতন্ত্ৰৰ প্ৰতি পুনৰবাৰ আমাৰ সমৰ্পণ, নিজৰ সংকল্প, ইয়াক অধিক শক্তিশালী কৰি নিজকে সমৰ্পিত কৰিব লাগিব৷ সংবিধানৰ কথা কোৱা আৰু সংবিধানক নস্যাৎ কৰাৰ পাপ কৰা, এই কথাসমূহ পাহৰিব নোৱাৰি, আৰু সেই সময়ত যিসকল লোক এই পাপৰ অংশীদাৰ আছিল, তেওঁলোকৰ পৰা এই দাগ আঁতৰি নাযায়৷ আৰু এই কথা বাৰে বাৰে স্মৰণ কৰাটো এইবাবেই আৱশ্যক কিয়নো আগলৈ যাতে এনে কোনো সমস্যাৰ উদ্ভৱ নহওক যাৰ পাপৰ পথত যাবলৈ ইচ্ছা হয়- সেয়ে ইয়াক স্মৰণ কৰাটো আৱশ্যক, কাৰোবাক ভাল-বেয়া কোৱাৰ বাবে নহয়৷

গণতন্ত্ৰৰ প্ৰতি আস্থাৰ মহত্ব কি এয়া অনুধাৱন কৰাৰ বাবেও গণতন্ত্ৰৰ ওপৰত কিদৰে প্ৰহাৰ হৈছিল, এয়া স্মৰণ কৰোৱাটো গুৰুত্বপূৰ্ণ, কাৰোবাৰ ভাল-বেয়া কোৱাৰ বাবে নহয়৷ সেই সময়ত যেতিয়া সংবাদ মাধ্যমৰ ওপৰত তলা লগোৱা হৈছিল, প্ৰত্যকেই ভাবিছিল যে আজি সন্ধিয়া পুলিচে আহি ধৰি লৈ যাব, এনে পৰিস্থিতি মোৰ দেশৰ নাগৰিকৰ সামৰ্থ পৰিলক্ষিত কৰক, এওঁলোকৰ শক্তি চাওক- জাতি, পন্থ, সম্প্ৰদায় সবাৰো ঊৰ্ধত দেশে সেই সময়ত নিৰ্বাচনত ইয়াৰ উত্তৰ দিছিল আৰু গণতন্ত্ৰৰ বাবে ভোটদান দিছিল আৰু গণতন্ত্ৰক পুনৰ স্থাপিত কৰিছিল৷ এয়া হ’ল মোৰ দেশৰ ভোটদাতাসকলৰ শক্তি৷ এইবাৰ পুনৰ জাতি, পন্থ, সম্প্ৰদায়, ভাষা সবাৰো ঊৰ্ধলৈ গৈ কেৱল দেশৰ উজ্বল ভৱিষ্যতৰ বাবে পুনৰ দেশে মতদান প্ৰদান কৰিছে৷

মাননীয় অধ্যক্ষ মহোদয়, ৰাষ্ট্ৰপতি মহোদয়ে নিজৰ ভাষণত দুটা গুৰুত্বপূৰ্ণ কথাৰ উল্লেখ কৰিছে- এটা হ’ল গান্ধী ১৫০ আৰু দ্বিতীয়টো স্বাধীনতা ৭৫৷ ব্যক্তিৰ জীৱনেই হওক, পৰিয়ালৰ জীৱনেই হওক, সমাজৰ জীৱনেই হওক, কিছুমান এনে তাৰিখ আছে য’ত নতুন উৎসাহৰ সৃষ্টি হয়, জীৱনক প্ৰাণৱন্ত কৰাৰ অৱকাশৰ সৃষ্টি হয়, সংকল্প পূৰ্ণ কৰাৰ সমৰ্পণৰ ভাৱ জড়িত হয়৷ ভাৰতৰ জীৱনতো আজি আমাৰ ওচৰত পূজ্য বাপুৰ ব্যতিৰেকে কোনো ডাঙৰ প্ৰেৰণা নাই৷ আজি আমাৰ ওচৰত স্বাধীনতাৰ বাবে জীৱন ত্যাগ কৰা বীৰ সকলৰ বাহিৰে কোনো স্মৃতি নাই৷ এই অৱকাশ হেৰুৱাব নালাগে৷

দেশৰ স্বাধীনতাৰ বাবে যিজে নিজৰ জীৱন সমৰ্পিত কৰিলে, তেওঁৰ পুণ্য স্মৰণ কৰি; যিসকলে অশেষ যাতনা ভুগিলে, যিসকলে নিজৰ যৌৱন মা ভাৰতীৰ বাবে উৎসৰ্গিত কৰিলে; তেওঁলোকৰ পুণ্য স্মৰণ কৰি আৰু দেশৰ স্বাধীনতাৰ বাবে জন আন্দোলনক সফলতাৰে নেতৃত্ব প্ৰদান কৰা পূজ্য বাপুৰ স্মৰণ কৰি এই তাৰিখসমূহক এক উপলক্ষ হিচাপে আমি দেশত পুনৰ উৎসাহৰ সৃষ্টি কৰিব পাৰো৷ আৰু এয়া চৰকাৰৰ এজেণ্ডা হ’ব নোৱাৰে, কোনো দলৰ এজেণ্ডা হ’ব নোৱাৰে, এয়া সমগ্ৰ দেশৰ এজেণ্ডা, ইয়াত দল নাথাকে, একমাত্ৰ কেৱল দেশ থাকে৷ ৰাষ্ট্ৰপতি মহোদয়ে এই কথাষাৰ কৈছে৷ এয়া আমাৰ বাবে সংকল্প গ্ৰহণ কৰাৰ সময়৷ নিৰ্বাচনৰ সময়ত তই-মই যি কৰিবলগীয়া আছে, কৰি লওক, কিন্তু এই অৱকাশ আমি ধৰি ৰাখিব লাগিব৷ স্বাধীনতাৰ পূৰ্বে দেশৰ বাবে প্ৰাণ ত্যাগৰ উৎসাহ আছিল, আজি স্বাধীনতাৰ ৭৫ বছৰৰ পিছত দেশৰ বাবে জীয়াই থকা উৎসাহৰ অৱকাশ আমি সৃষ্টি কৰাৰ সুযোগ পাইছো৷

মই এই সদনৰ পৰা সকলো জন প্ৰতিনিধিক আহ্বান জনাইছো, মই দেশৰ সকলো সাৰ্বজনিক জীৱনৰ নেতৃত্ব প্ৰদান কৰা লোকসকলক আহ্বান জনাইছো যে ৰাষ্ট্ৰপতি মহোদয়ে আমাক যি আদেশ প্ৰদান কৰিছে, যি আমাৰ পৰা আশা কৰিছে, সেই আশা পূৰ্ণ কৰাৰ বাবে আমি আগবাঢ়ি আহিব লাগিব আৰু এই দুই গুৰুত্বপূৰ্ণ অৱকাশক নতুন ভাৰতৰ নিৰ্মাণৰ বাবে, জন-সাধাৰণৰ সৈতে জড়িত কৰাৰ বাবে কিদৰে আগুৱাই লৈ যাব পাৰো, সেয়া প্ৰয়াস কৰিব লাগিব৷

ভাৰতৰ দাসত্বৰ সময়চোৱা দীঘলীয়া আছিল, কিন্তু সেই দাসত্বৰ কালচোৱাতো এনেকুৱা সময় পাৰ হোৱা নাছিল য’ত কোনোবা নহয় কোনোবা প্ৰান্তত স্বাধীনতাৰ বাবে দাবী উত্থাপিত হোৱা নাছিল, ত্যাগ বলিদানৰ পৰম্পৰা হোৱা নাছিল৷ ১৮৫৭ চনত এক সংগঠিত গোটৰ সৃষ্টি হৈছিল, কিন্তু মহাত্মা গান্ধীৰ এক বৃহৎ যোগদান আছিল৷ তেওঁ দেশৰ জন সাধাৰণক স্বাধীনতাৰ সেনানী হিচাপে গঢ়ি তুলিছিল৷ যদি তেওঁ ঝাৰু দিয়ে- সেয়াও স্বতন্ত্ৰতাৰ বাবে, তেওঁ যদি শিশুসকলক শিক্ষা প্ৰদান কৰে-সেয়াও স্বতন্ত্ৰতাৰ বাবে, যদি তেওঁ খাদী বস্ত্ৰ পৰিধান কৰে- সেয়াও স্বতন্ত্ৰতাৰ বাবে৷

এয়া পূজ্য বাপুৱে কৰিলে- সমগ্ৰ ভাৰতত পৰিবেশৰ সৃষ্টি কৰিলে৷ আৰু ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত সমগ্ৰ দেশৰ জনতা জড়িত হৈ পৰল৷ ১৯৪২-৪৭ স্বাধীনতাৰ এক গুৰুত্বপূৰ্ণ সময়৷ গান্ধী-১৫০ আৰু স্বাধীনতা-৭৫ক সেই ১৯৪২ চনৰ উৎসাহৰ সৈতে দেশক সংকটৰ পৰা মুক্তি দিবলৈ, দেশক সমস্যাৰ পৰা মুক্তি দিবলৈ, অধিকাৰৰ ঊৰ্ধত কৰ্তব্যক গুৰুত্ব দিবলৈ, দায়িত্ব পালন কৰিবলৈ দেশক উৎসাহিত কৰা- ইয়াক লৈ আমি আগবাঢ়িব নোৱাৰোনে?

মই ভাবো যে ৰাষ্ট্ৰপতি মহোদয়ে এই বিষয়টোক অধিক গুৰুত্বপূৰ্ণ ধৰণে আমাৰ সন্মুখত দাঙি ধৰিছে৷ আৰু জনতা আচৰিত হৈছিল যেতিয়া স্বাধীনতাৰ দাবী উত্থাপিত হৈছিল৷ ঠাট্টা-মস্কৰা কৰা হৈছিল- কিদৰে চলাব, কি চলাব? কিন্তু স্বাধীনতাপিয়াসী সকলৰ অন্তৰত এক উৎসাহ আছিল৷ স্বাধীনতাৰ বাবে প্ৰাণ দিয়াৰ এক উৎসাহ আছিল, স্বাধীনতাৰ বাবে, স্বাধীন ভাৰতৰ বাবে জীয়াই থকাৰ এক উৎসাহ সৃষ্টি কৰা, এই নেতৃত্বত ক্ষমতা আছে৷

মই চাৰিওদিশে ঘূৰি আহি কৈছো৷ মই কেৱল মোৰ বাবে কোৱা নাই, না মই মোৰ হৈ কৈছো৷ আমি সকলোৱে লগ হৈ এই কাম কৰিম আৰু স্বভাৱতঃ মোক তৎকালীন লাভ- এয়া মোৰ চিন্তাৰ পৰিসৰত নপৰে, সৰু কথা চিন্তা কৰাটো মই ভাল নাপাও-আৰু সেইবাবে মই ভাবো যে এশ পচিশ কোটি দেশবাসীৰ সপোন পূৰণ কৰিবলৈ সৰু কথা চিন্তা কৰিবলৈ মোৰ অধিকাৰ নাই৷     

যেতিয়াই সিদ্ধান্ত গ্ৰহণ কৰিলো ওপৰলৈ উৰাৰ

কি প্ৰয়োজন তেতিয়া আকাশৰ পৰিসৰ লক্ষ্য কৰাৰ

 

এই ভাৱনাৰ সৈতে আমি আগবঢ়াৰ নতুন উৎসাহ, নতুন উদ্দীপনা চিন্তাৰ সৈতে….এই চৰকাৰৰ কেৱল তিনি সপ্তাহ হৈছেহে৷ কিন্তু আমাৰ ইয়াত এষাৰ কথা কোৱা হয়- পুত্ৰৰ লক্ষণ পালনত৷ এই তিনি সপ্তাহত মন গৈছিল যে জয়মালা পিন্ধো, জয়কাৰ ধ্বনি হওক, কিন্তু আমি সেই পথ বাচনি নকৰিলো৷ আমিও ভাবিছিলো যে ইমান ডাঙৰ নিৰ্বাচন, ছমাহ ধৰি দৌৰি আছিল- অলপ বিশ্ৰাম কৰা যাওক, কিন্তু সেই পথ আমি বাচনি নকৰিলো৷

আমাৰ পথ সেয়া নহয়, আমি দেশৰ বাবে জীয়াব বিচাৰো৷ তিনি সপ্তাহৰ ভিতৰত কিমান গুৰুত্বপূ্ৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে এই চৰকাৰে- এক গতিশীল সময়ৰ পল-পলৰ সদ্ব্যৱহাৰ কৰি দেশক কিদৰে আগুৱাই লৈ যাব লাগে, ক্ষুদ্ৰ কৃষকেই হওক, ক্ষুদ্ৰ দোকানীয়েই হওক, খেতিৰ শ্ৰমিকেই হওক; তেওঁলোকক ষাঠি বছৰৰ পিছত পেঞ্চন প্ৰদানৰ সিদ্ধান্ত লোৱা হ’ল৷

আমাৰ প্ৰধানমন্ত্ৰী-কৃষক সমৃদ্ধি যোজনা- আমি প্ৰতিজ্ঞা কৰিছিলো যে সকলো কৃষককে তেওঁলোকৰ পৰিসৰৰ ভিতৰত লাভ প্ৰদান কৰা হ’ব- দি দিয়া হ’ল৷ সেনা জোৱানৰ সন্তানসকলে যি জলপানি পায়, সেয়া বৃদ্ধি কৰা হ’ল৷ কিন্তু সমাজৰ সুৰক্ষাত ব্যস্ত পুলিচৰ জোৱানসকৰ সন্তানসকলেও যাতে এই সুবিধা লাভ কৰে, তাৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল৷ মানৱ অধিকাৰৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত সংসদলৈ অনাৰ যি প্ৰস্তুতি কৰিব লাগে, সেয়া সম্পূৰ্ণ কৰিলো৷

২০২২ চনৰ সপোন পূৰণ, মুখ্যমন্ত্ৰীসকলৰ বৈঠক, সৰ্বদলীয় বৈঠক আৰু সকলো দলৰ অধ্যক্ষসকলৰ বৈঠক- প্ৰতিটো কামকে তিনি সপ্তাহৰ ভিতৰত সকলোকে লগত লৈ যিমান কাম হওক-এটাৰ পিছত এটা কৰা হ’ল৷ মই সম্পূৰ্ণ গণনা কৰিলে বোধহয় দিনত তিনিটাকৈ কাম ওলাব৷ আৰু সেইবাবে মানননীয় অধ্যক্ষ মহোদয়, ৰাষ্ট্ৰপতি মহোদয়ে নিজৰ ভাষণত উল্লেখ কৰিছে৷ আমিতো এনেকৈ কোৱা নাই যে পূৰ্বৰ চৰকাৰে একো কাম কৰা নাই৷

এয়া আলোচনা হৈছিল যে এইটো বান্ধ নিৰ্মাণ হ’ল, সেইটো বান্ধ নিৰ্মাণ হ’ল, অমুক বান্ধ নিৰ্মাণ হ’ল, তমুক বান্ধ নিৰ্মাণ হ’ল- এনে বহু আলোচনা হ’ল৷ বাবা চাহেব আম্বেদকাৰৰ নাম উল্লেখ কৰিলেও ভাল হ’লহেঁতেন৷ ভাৰতত পানী বিষয়ক যিমানবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই সকলোবোৰ বাবে চাহেব আম্বেদকাৰৰ নেতৃত্বত কৰা হৈছিল৷ কিন্তু হয় কি, এটা উচ্চতালৈ যোৱাৰ পিছত তললৈ চোৱা নহয়৷ আৰু বাবা চাহেবে কেন্দ্ৰীয় জলপথ, জলসিঞ্চন, নেভিগেচন আৰু তেওঁ পানী বিষয়ত কথা কৈছিল- মই ভাবো আজিৰ দিনত বাবা চাহেবৰ এই আদেশ আমাৰ ববে অতিশয় উপযোগী৷ তেওঁ কৈছিল- Man suffers more from the lack of water than from the access to it৷ মই ভাবো যে বাবা চাহেবে এই চিন্তা প্ৰকাশ কৰিছিল৷ সেই চিন্তাক অনুধাৱন কৰি আমিও কিবা এটা চিন্তা কৰিব লাগিব৷

ইয়াক অনেক বান্ধৰ কথা আলোচনা কৰা হ’ল, তাতে চৰ্দাৰ সৰোবৰ বান্ধৰ কথাও ওলাল৷ মই অকনমান সময় ল’ব বিচাৰিছো মাননীয় অধ্যক্ষ মহোদয়৷ কাৰণ হৈছে কি যে এনেকুৱা ভ্ৰম প্ৰচাৰ কৰা হৈছে৷ তেওঁলোকৰ পৰিবেশতন্ত্ৰ এনে যে ইয়াক আগুৱাই লৈ যোৱাত তেওঁলোতকে আনন্দ পায়৷ সত্যক কেতিয়াও প্ৰকাশ হ’বলৈ নিদিয়ে৷ মই আজি প্ৰকাশ কৰাৰ পিছতো যে সত্য প্ৰকাশিত হ’ব ইয়াৰো কোনো গেৰাণ্টি নাই৷ এয়া ইয়াতেই থাকি যাব৷ কিন্তু তথাপিও মই মোৰ কৰ্তব্য পালন কৰা সন্তোষ লাভ কৰিম৷

এই চৰ্দাৰ সৰোবৰ বান্ধ- ১৯৬১ চনত পণ্ডিত নেহৰুৱে আধাৰশিলা স্থাপন কৰিছিল৷চৰ্দাৰ বল্লভ ভাই পেটেলৰ যি সপোন আছিল তাৰ আধাৰশিলা স্থাপন কৰা হৈথিল ১৯৬১ চনত৷ আৰু দশকলৈ অনুমোদন নাছিল, পাথৰ স্থাপন কৰা হ’ল বিনা অনুমোদনেৰে৷ আৰু সেই সময়ত এয়া ছয় হাজাৰ কোটি টকাৰ প্ৰকল্প আছিল৷ সেয়া সম্পূৰ্ণ হওতে হওতে ৬০-৭০ হাজাৰ কোটি টকাৰ ব্যয় হ’ল৷

এই দেশৰ কি সেৱা আপোনালোকে চাওক…এয়াই নহয়, ইউপিএ চৰকাৰৰ সময়তো ইয়াক স্তব্ধ কৰাৰ পৰ্য়াস কৰা হ’ল৷ ১৯৮৬-১৯৮৭ চনত ব্যয় ছয় হাজাৰ কোটিৰ পৰা ৬২ হাজাৰ কোটি হ’লগৈ…আমি ইয়াক সম্পূৰ্ণ কৰিলো…মই অনশনত বহিবলগীয়া হ’ল৷ ইউপিএ চৰকাৰৰ বিৰুদ্ধে মই অনশনত বহিবলগীয়া হৈছিল৷ মুখ্যমন্ত্ৰী আছিলো, সকলো বস্তু বন্ধ কৰি দিলো আৰু তেতিয়াহে এই যোজনা…আৰু এতিয়া মই ইয়াক সম্পূৰ্ণ কৰিলো… প্ৰধানমন্ত্ৰী হোৱাৰ ১৫ দিন পূৰ্বে ইয়াত যি বাধা আছিল, সেয়া সকলো আঁতৰোৱাৰ কাম কৰিছিলো৷

আজি প্ৰায় চাৰি কোটি লোকে পানীৰ সুবিধা লাভ কৰিছে৷ সাতখন মহানগৰ, ১০৭খন নগৰপালিকা আৰু ৯ হাজাৰ গাঁৱে বিশুদ্ধ খোৱা পানী লাভ কৰিছে৷ পানীৰ অসুবিধা কি হয় সেয়া ৰাজস্থান আৰু গুজৰাটৰ মানুহে ভালকৈ জানে আৰু সেইবাবে আমি জল শক্তি মন্ত্ৰালয় পৃথকে নিৰ্মাণ কৰিছো৷ জল সংকটক আমি অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব৷ আৰু এইবাৰৰ কালচোৱাতো আমি যিমান গুৰুত্ব জল সঞ্চয়ত দিব লাগে সেয়া প্ৰদান কৰিব লাগিব৷

আৰু মই সকলো আদৰণীয় সাংসদ মহোদয়ক প্ৰাৰ্থনা জনাইছো, সকলো এনজিঅ’ক প্ৰাৰ্থনা জনাইছো যে আমি দেশত পানীত গুৰুত্ব বৃদ্ধি কৰাত কিদৰে যোগদান কৰিব পাৰো আৰু চৰকাৰী পৰিসৰৰ বাহিৰত থাকি কৰিব পাৰো৷ পানী ৰক্ষা কৰিব লাগে৷ এই কাম কৰি আমি জনসাধাৰণৰ জীৱন ৰক্ষা কৰাত সহায় কৰিব পাৰো৷ আৰু জলসংকটে দুই ধৰণৰ লোকক বিশেষকৈ বিপদত পেলায়- দুখীয়াক আৰু বিশেষকৈ আমাৰ মাতৃ-ভগ্নীক৷

আমাৰ সমাজবাদী মিত্ৰৰ কি হ’ল মই গম পোৱা নাই৷ কিন্তু লোহিয়া মহোদয়ে খুব আগ্ৰহেৰে কৈছিল যে দেশৰ মহিলাৰ দুটা সমস্যা আছে- পানী আৰু পায়খানা৷ লোহিয়া মহোদয়ে নিৰন্তৰে কৈছিল যে এই সমস্যাসমূহৰ পৰা মাতৃ আৰু ভগ্নীসকলক মুক্ত কৰিব লাগিব৷ পায়খানাৰ সংকট শৌচালয় নিৰ্মাণ কৰি মাতৃ-ভগ্নীসকলক সন্মান প্ৰদান কৰাৰ লোহিয়া মহোদয়ৰ সপোন পূৰণ কৰাৰ বাবে আমি প্ৰাণাধিকেৰে কাম কৰিছো আৰু প্ৰতিখন ঘৰতে জল-এই মন্ত্ৰ আঁওৰাই আমি আগবাঢ়িব লাগিব৷

মই জানো যে এয়া কঠিন কাম, ডাঙৰ কাম, ইয়াক কোনোবাই তুলাচনীত উঠাই আমাক অনুত্তীৰ্ণও ঘোষিত কৰিব পাৰে যে মোদী তুমি ১০০ৰ ভিতৰত ৭০ নম্বৰ নোপোৱা, ৫০ পাবা- যিয়েই হওক, কোনোবাইতো দায়িত্ব গ্ৰহণ কৰিব লাগিব..জড়িত হ’ব লাগিব৷ আমি জল শক্তি মন্ত্ৰালয় স্থাপনৰ কথা কৈছো৷ জল সঞ্চয় আন এটা দায়িত্ব৷ এয়া বিশ্বত প্ৰমাণিত যে কুঁহিয়াৰৰ খেতিত ক্ষুদ্ৰ জলসিঞ্চনৰ আৱশ্যক৷ কৃষকসকলক কোনে বুজাব, ক্ষুদ্ৰ জলসিঞ্চনৰ বিষয়ে কোনে বুজাব৷ চৰকাৰৰ আঁচনি আছে, টকা আহি যাব, পানী ৰক্ষা কৰাৰ এক বৃহৎ কাৰণ হ’ব পাৰে৷ এনেকুৱা অনেক কথা আছে য’ত আমি টোপাল-টোপাল পানী ৰক্ষা কৰি দেশক আগুৱাই নিব লাগিব৷

কৃষি হ’ল আমাৰ দেশৰ অৰ্থব্যৱস্থাৰ মূল আধাৰ৷ আমাৰ গ্ৰামীণ অৰ্থব্যৱস্থাৰ মূল আধাৰ কিন্তু আমি পুৰণি প্ৰক্ৰিয়াৰ পৰা ওলাই আহিব লাগিব৷ তাৰ ইনপুট ব্যয় কম হওক, শূন্য বাজেটিঙৰ খেতিৰ যি প্ৰয়োগ আৰম্ভ হৈছে সি সফলতা লাভ কৰিছে৷ উৎপাদনত কোনো কম নহয়, গুণগতমানৰ পৰাও আজি সামূহিত স্বাস্থ্য সুৰক্ষাৰ দিশত আগবাঢ়িছো৷

আমি সকলোৱে ৰাজনীতিৰ ঊৰ্ধলৈ গৈ যিকোনো কাৰ্যসূচীক চৰকাৰী কাৰ্যসূচী হিচাপে নলৈ দেশৰ কৃষকৰ কল্যাণৰ বাবে সহযোগিতাৰে আগবাঢ়িব লাগিব৷ আমি কৃষকসকলক হাতে হাত ধৰি শিকাব লাগিব৷ আমাৰ ঔদ্যোগিক জগতৰ কৃষি ক্ষেত্ৰত কোনো বিনিয়োগেই নাই৷ তেওঁলোককো আমি উৎসাহিত কৰিব লাগি, তেওঁলোকৰ বাবে কিছু নতুন নীতি-নিয়ম নিৰ্মাণ কৰিব লাগিব অন্যথা কোনোবাই ট্ৰেক্টৰ নিৰ্মাণ কৰিলে ভাবে যে তেওঁ বিনিয়োগ কৰিলে৷ আমি প্ৰত্যক্ষ খাদ্য সংসাধনত, পণ্যাগাৰ নিৰ্মাণত, শীতলীকৃত ভৱন নিৰ্মাণত, ঔদ্যোগিক জগতৰ বিনিয়োগ, এয়া সময়ৰ আহ্বান আৰু ইয়াক অধিক সৱলীকৰণ কৰাৰ দিশত আমি কাম কৰিব লাগে৷

কৃষকসকলক এপিঅ’সমূহৰ দ্বাৰা অধিকতম সুবিধা প্ৰদান কৰি তেওঁলোকৰ বাবে বীজৰ পৰা আৰম্ভ কৰি বজাৰলৈ এক ব্যৱস্থা প্ৰণয়ন কৰিব লাগে যাৰ বাবে আমাৰ কৃষি খণ্ডত ৰপ্তানিৰ এক বৃহৎ সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে৷ সেই ক্ষেত্ৰসমূহত আমি অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব৷

যোৱাবাৰ যেতিয়া ২০১৪ চনত আমি ডাইলৰ মূল্য প্ৰত্যক্ষ কৰিছিলো, এয়াই এক বিষয় হৈ পৰিছিল৷ কিন্তু দেশৰ কৃষকৰ ভাৱনা লক্ষ্য কৰক, যেতিয়া মই এক সাধাৰণ অনুৰোধ কৰিছিলো যে মাহজাতীয় শস্যৰ খেতিৰ বাবে আপোনালোক আগুৱাই আহক আৰু মোৰ দেশৰ কৃষকসকলে মাহজাতীয় শস্যৰ বাবে দেশৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে নামি পৰিল৷ এতিয়া আমি দেশৰ কৃষকসকলক তেলজাতীয় শস্যৰ বাবে উৎসাহিত কৰিব লাগে যাতে এটোপাল তেলো দেশে আমদানি কৰিবলগীয়া নহয়৷

মই ভাবো যে দেশৰ কৃষকসকলক উৎসাহিত কৰিব পাৰি আৰু তেওঁলোকক সমবেত কৰিব পাৰি৷ এই স্থিতিসমূহক লৈয়েই এক ভৱিষ্যতৰ বীক্ষণৰ সৈতে গ্ৰামীণ অৰ্থব্যৱস্থাক কৃষকৰ শক্তি আৰু দেশৰ প্ৰয়োজনীয়তাৰ সৈতে সংবদ্ধ কৰি কাম কৰিব পাৰো, সেই দিশত আগবাঢ়িব খোজো৷

মাননীয় অধ্যক্ষ মহোদয়, এয়া সত্য যে আলোচনা কৰাৰ বাবে হিচাপসমূহৰ সকলো প্ৰকাৰে ব্যৱহাৰ হ’ব পাৰে৷ কিন্তু এই দেশৰ সপোন কাৰোবাৰ সময়ত ইমান আনন্দৰ বিষয় আছিলনে আৰু কাৰোবাৰ সময়ত ইমান বেয়া আছিলনে….এই সদনত যেতিয়া আমি অৰ্থব্যৱস্থাত ১১ অথবা ১৩ নম্বৰ যেতিয়া লাভ কৰিছিলো তেতিয়া ইমান উৎসাহেৰে বেঞ্চত থপথপোৱা হৈছিল আৰু অধিক বৃহৎ সাফল্যৰ ৰূপত ইয়াক প্ৰদৰ্শিত কৰা হৈছিল৷ কিন্তু যেতিয়া ৬ নম্বৰ পালো তেতিয়া এনে লাগিল যে কি হ’ল ভাই৷ আৰে দেশ সেইখনেই আৰু আমিও সেই দেশৰেই লোক, ১১ নম্বৰ পাওতে আনন্দ পালে কিন্তু ৬ পাওতে অধিক আনন্দ পাব লাগিছিল৷

কেতিয়ালৈ ইমান উচ্চতাত থাকিব যে তললৈ চাব নোৱাৰিব আৰু সেইবাবে পাঁচ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি কিয় আমাৰ সকলোৰে সপোন হ’ব নোৱাৰে? আমি সকলোৱে মিলি দেশক পাঁচ ত্ৰিলিয়নলৈ লৈ গ’লে কাৰ লোকচান হ’ব? সকলোৰে লাভ হ’ব৷ আৰু মই ভাবো যে ইয়াৰ বাবে সকলোৱে পৰিশ্ৰম কৰিব লাগে আৰু সেই দিশত আগবাঢ়িব লাগে৷ এনে এক সপোন লৈ আগবাঢ়িব লাগে আৰু মোৰ বিশ্বাস যে আমাৰ দেশত মেক ইন ইণ্ডিয়াক লৈ ঠাট্টা মস্কৰা কৰা হ’ল যদিও কোনোবাই ইয়াক অস্বীকাৰ কৰিব পাৰিব নে যে দেশত মেক ইন ইণ্ডিয়া হ’ব নালাগে৷

মাননীয় অধ্যক্ষ মহোদয়, মই কাৰো বিষয়ে সমালোচনা কৰি নিজৰ সময় নষ্ট নকৰো, মোৰ কৰিবলগীয়া কাম বহু আছে৷ কিন্তু দেশে কেইটামান কথা গম পোৱাটো আৱশ্যক৷ আমাৰ দেশৰ ওচৰত প্ৰায় ২০০-২২৫ বছৰীয়া আয়ুষ প্ৰস্তুত কৰাৰ অভিজ্ঞতা আছে আৰু যেতিয়া দেশ স্বাধীন হৈছিল তেতিয়া দেশৰ ওচৰত এনে ১৮টা কাৰখানা আছিল যি আয়ুষৰ নিৰ্মাণ কৰিছিল আৰু দেশ যেতিয়া স্বাধীন হৈছিল সেই সময়ত চীন আয়ুষৰ ক্ষেত্ৰত শূন্য স্থানত আছিল, শূন্য….তেওঁলোকৰ কোনো অভিজ্ঞতা নাছিল, না কোনো কাৰখানা আছিল৷ আজি চীনে বিশ্বত নিজৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰে আৰু আমি বিশ্বৰ সবাতোকৈ বৃহৎ ৰপ্তানিকৰ্তা৷ এই সত্যৰ পৰা আমি দেশক বাহিৰলৈ উলিয়াই আনিব লাগিব৷ মেক ইন ইণ্ডিয়াৰ ঠাট্টা কৰি কি লাভ হ’ব, হ’ব পাৰে ৰাতি টোপনি ভাল হ’ভ কিন্তু দেশৰ ভাল নহ’ব৷ আৰু সেইবাবে….আৰু ভাল কথা কিদৰে ক’ব৷

অধ্যক্ষ মহোদয়, মই আপোনাৰ ওচৰত কৃতজ্ঞ আৰু সদনৰ ওচৰতো কৃতজ্ঞ যে মোক অৱকাশ প্ৰদান কৰিলে৷ ভাৰতে বিশ্বৰ শীৰ্ষৰ পাঁচখন অৰ্থনীতিৰ দেশত নাম অন্তৰ্ভুক্ত কৰক৷ ভাৰতে ৰপ্তানি কিদৰে বৃদ্ধি কৰিব, মেক ইন ইণ্ডিয়া কিদৰে বৃদ্ধি কৰিব, ষ্টাৰ্ট-আপৰ বিশ্বত আমাৰ নৱপ্ৰজন্মই বহু কাম কৰি আছে৷ জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান আৰু এতিয়া জয় অনুসন্ধান৷ আমাৰ দেশত এই পদক্ষেপসমূহক কিদৰে গুৰুত্ব দিয়া যায়৷ আৰু আমাৰ তৰুণ প্ৰজন্মক কৰ্ম সংস্থাপনো প্ৰদান কৰিব লাগে৷ আমাৰ দেশত পৰ্যটনৰ অলেখ সম্ভাৱনা আছে, কিন্তু আমিয়েই দেশত এনে কিছুমান ভাৱৰ সৃষ্টি কৰিছো যে বিশ্বৰ জনতাই ভাৰতৰ প্ৰতি আকৰ্ষিত কৰাত আমি পিছুৱাই আছো৷

স্বচ্ছতাৰ অভিযানে এক শক্তি প্ৰদান কৰিছে৷ আমি পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব পাৰো৷ আৰু ভাৰতত নিয়োজনৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰো৷ আৰু বিশ্বত ভাৰতৰ এক নতুন পৰিচয় দাঙি ধৰিব পাৰো৷ অনাগত দিনসমূহত দেশত আধুনিক আন্তঃগাঁথনি স্থাপন কৰিব লাগিব৷ ১০০ লাখ কোটি টকাও কম হ’ব, দেশক ইমানেই প্ৰয়োজন৷

কিন্তু ইমান ডাঙৰ সপোনক লৈ আমি আগবাঢ়িব লাগিব আৰু যি ব্যৱস্থাই আমি বিশ্বৰ পৰা লাভ কৰো সেই সকলো ব্যৱস্থাৰ ব্যৱহাৰ কৰিব লাগিব৷ আৰু সেই সকলো পদক্ষেপৰ অন্তৰালত আমাৰ সপোন- নতুন ভাৰত, আমাৰ সপোন-আধুনিক ভাৰত- আৰু আমাৰ সপোন- ইজ অব্ লিভিং৷ জনসাধাৰণৰ জীৱন সৰল কৰাৰ বাবে, তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাৰ সকলো অৱকাশ তেওঁলোকৰ ওচৰত যেন থাকে৷ এই প্ৰকাৰৰ ব্যৱস্থাসমূহক বিকশিত কৰা আৰু সেই দিশসমূহক লৈ আৰু লাগিলে সেয়া গাঁৱেই হওক অথবা নগৰেই হওক, প্ৰত্যেকৰে বাবে সম-সুবিধাৰে আমি আগবাঢ়িব বিচাৰিছো৷

আজি বিশ্বত আমি ডেম’গ্ৰাফিক ডিভিডেণ্ডৰ কথা কও, দেশৰ ওচৰত যুৱ শক্তি আছে৷ কিন্তু বিশ্বৰ আৱশ্যকতা অনুসৰি আমি আমাৰ যুৱ শক্তিক প্ৰস্তুত কৰিব পাৰিছো নে? দক্ষতা বিকাশৰ কথা ওলালে তেওঁলোকৰ মানদণ্ডও বৃদ্ধি কৰিব লাগিব, প্ৰতিটো সুযোগ গ্ৰহণ কৰিব লাগিব৷ আৰু আমি আধুনিকতাৰ দিশলৈ কিদৰে আগবাঢ়িম৷ ৰাষ্ট্ৰপতি মহোদয়ে এই বিষয়ে উল্লেখ কৰিছে৷

চৰকাৰে একক বজাৰৰ বাবে জেএম (JAM)ৰ ব্যৱস্থা কৰিছে৷ মই বিচাৰিম যে য’তেই আপোনাৰ ৰাজ্য চৰকাৰৰেই হওক, যি দলৰেই হওক, জেএএম প’ৰ্টেলৰ ব্যৱহাক কৰক৷ ইয়াৰ দ্বাৰা বৃহৎ পৰিমাণৰ ধন ৰাহি হ’ব পাৰে আৰু বহু লোকে সহায় লাভ কৰিব পাৰে৷ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলেও নিজৰ উৎপাদিত সামগ্ৰী চৰকাৰৰ ঘৰলৈ পঠিয়াব পাৰে৷ সেই দিশত আমি কৰিব লাগিব৷ এয়া মোৰ আহ্বান৷

ভ্ৰষ্ট্ৰাচাৰৰ বিৰুদ্ধে আমাৰ যুদ্ধ অব্যাহত থাকিব৷ আমাক এইবাবেই নিন্দা কৰা হৈছে যে অমুকক কিয় কাৰাগাৰলৈ প্ৰেৰণ কৰা নহ’ল৷ এয়া জৰুৰীকালীন অৱস্থা নহচয় যে চৰকাৰে সকলোকে কাৰাগাৰলৈ প্ৰেৰণ কৰিব৷ এয়া গণতন্ত্ৰ৷ এই কাম ন্যায়পালিকাৰ৷ আমি আইনত চলা মানুহ আৰু কোনোবাই যদি জামিন লাভ কৰিছে তেওঁ আনন্দ কৰক, ইয়াত আমি কৰি কৰিম৷ শত্ৰুতাৰ ভাৱেৰে কাম হ’ব নালাগে কিন্তু ভ্ৰষ্ট্ৰাচাৰৰ বিৰুদ্ধে আমাৰ যুদ্ধ অব্যাহত থাকিব৷ ঈশ্বৰে আমাক যিমানেই বুদ্ধি আৰু শক্তি নিদিয়ক কিয়, যি কাম কৰিম সেয়া সততাৰে কৰিম, কাৰো প্ৰতি হীনভাৱ নাৰাখো আৰু দেশে আমাক ইমান দিছে….ইমান দিছে, আমি ভুল পথেৰে যোৱাৰ প্ৰয়োজন নাই৷ প্ৰযুক্তিৰ ব্যৱহাৰ বৃহৎ ৰূপত কৰিব পাৰি৷

মাননীয় অধ্যক্ষ মহোদয়, সন্ত্ৰাসবাদৰ বিষয়ত দেশত কিয় মতভেদ হ’ব লাগে…এয়া মানৱতাৰ বাবে এক বৃহৎ সংকট আৰু এয়া মানৱতাৰ বাবে প্ৰত্যাহ্বানস্বৰূপ৷ যিয়ে মানৱতাত বিশ্বাস ৰাখে তেওঁলোকে সকলোৱে একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে যুঁজিব লাগিব৷

আমি মহিলা সৱলীকৰণৰ কথা কও- কংগ্ৰেছে বহুবাৰ ভাল সুযোগ পাইছিল, কিন্তু নাজানো কিয়…উচ্চতাত থকাৰ বাবে তেওঁলোকে দেখা নাপায়, কথাবোৰ অন্ধকাৰত লুকাই যায়৷ ৫০ৰ দশকত ইউনিফ’ৰ্ম টিভিল কোডৰ আলোচনা কৰা হৈছিল, কংগ্ৰেছৰ ওচৰত সুযোগ আছিল কিন্তু তেওঁলোকে সেই সুযোগ হেৰুৱালে৷ আৰু হিন্দু কোডৰ আইন আনি তেওঁলোকে নিজৰ গাড়ী চলাই দিলে৷

তাৰে ৩৫ বছৰৰ পিছত কংগ্ৰেছে দ্বিতীয়টো সুযোগ পালে৷ শ্বাহবানুৰ- উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণ সহায় কৰিছিল…আৰু দেশত একক লিংগ সমতাৰ বাবে এক সুস্থ পৰিবেশৰ সৃষ্টি হৈছিল কিন্তু তেওঁলোকে উচ্চতাত থকাৰ বাবে দেখা নাপালে আৰু তেওঁলোকে সেই সুবিধা হেৰুৱালে…আজি ৩৫ বছৰৰ পিছতো পুনৰবাৰ কংগ্ৰেছে সুবিধা লাভ কৰিছে…আমি আইন লৈ আহিছো যে দেশৰ মহিলাৰ গৌৰৱৰ৷ ইয়াক কোনো সম্প্ৰদায়ৰ সৈতে জড়িত কৰা কোনো আৱশ্যক নাই৷

মই বিচাৰিম যে কংগ্ৰেছ দলে বিশেষকৈ যি সময়ত শ্বাহবানুৰ গোচৰ চলি আছিল৷ সেই সকলো সন্দৰ্ভত যি গৰাকী মন্ত্ৰী আছিল তেওঁ এক টিভি সাক্ষাৎকাৰত যি কথা ক’লে…আচৰিত হ’বলগীয়া কথা…মোৰ ওচৰত সেয়া সত্যাপন কৰাৰ বাবে কোনো অৱকাশ নাই, মই যি শুনিছো সেয়া কৈছো৷ সেই সময়ত তেওঁ কংগ্ৰেছৰ মন্ত্ৰীসকলৰ মুখেৰে যি কথা ওলাইছিল সেয়া কৈছিল, তেওঁ কৈছিল যে যেতিয়া শ্বাহবানুৰ গোচৰ চলি আছিল তেতিয়া কংগ্ৰেছৰ কোনো মন্ত্ৰীয়ে কৈছিল যে মুছলমানৰ উত্থানৰ দায়িত্ব কংগ্ৰেছৰ নহয়৷ চাওক, কি গুৰুতৰ কথা…‘মুছলমানৰ উত্থানৰ দায়িত্ব কংগ্ৰেছৰ নহয়৷ যদি তেওঁলোকে গাঁতত পৰি থাকিব বিচাৰিছে তেন্তে তেওঁলোকক তাতেই থাকিব দিয়া’ আমাৰ দেশৰ নাগৰিকক আগুৱাই লৈ যোৱাৰ বাবে….পাই যাব, পাই যাব, পাই যাব৷ মই ইউ টিউবৰ লিংক পঠিয়াই দিম আপোনালোকক৷

মাননীয় অধ্যক্ষ মহোদয়, মই অধিক সময় নলও কিন্তু ৰাষ্ট্ৰপতি মহোদয়ে গান্ধী ১৫০ আৰু স্বাধীনতা-৭৫ৰ কথা কৈছে…আমি দেখিছো যে আমাৰ দেশত কিবা নহয় কিবা কাৰণত অধিকাৰৰ ওপৰতেই সকলো কথা কেন্দ্ৰীভূত হৈছে৷ সকলোৱে অধিকাৰৰ সৈতে জড়িত, অধিকাৰৰ কথা চিন্তা কৰি আছে৷ এয়া এনে এক পৰিস্থিতি যে আমি দেশৰ আদৰ্শ স্থানান্তৰ কৰি অধিকাৰৰ ঊৰ্ধলৈ গৈ কৰ্তব্যৰ দিশত আগবাঢ়িব লাগে৷ আৰু জনপ্ৰতিনিধিৰ এয়াও এক কাম যে জনচেতনা জাগ্ৰত কৰা, জনপ্ৰতিনিধিৰ কাম হ’ল এনে সময়ত নেতৃত্ব প্ৰদান কৰা আৰু এয়া এনে বিষয় নহয় যি মই কৈ আছো…ইয়াত সকলোৱেই শুনিছে যে কৰ্তব্যৰ শক্তি কেনে ধৰণৰ হ’ব পাৰে৷

মহাত্মা গান্ধীয়ে কৈছিল- প্ৰত্যেকটো অধিকাৰে নিৰ্ধাৰিত কৰ্তব্য কঢ়িয়াই আনে! লোহিয়া মহোদয়ে কৈছিল- কৰ্তব্য পালনৰ সময় লাভ-লোকচান প্ৰত্যক্ষ কৰিব নালাগে৷ আৰু এই উদ্ধৃতিক মই বিস্তাৰিতভাৱে ক’ব বিচাৰছো..বহু পুৰণি কথা, ‘‘বিশ্বই ভাৰতে এক গুৰুত্বপূৰ্ণ শিকনি প্ৰদান কৰিছে যে ইয়াত প্ৰথমে কৰ্তব্য সমাধা হয় আৰু এই কৰ্তব্যৰ পৰাহে অধিকাৰ সৃষ্টি হয়৷ আজিৰ এই আধুনিক ভৌতিকবাদী বিশ্বত সকলোতে যেতিয়া মতভেদ প্ৰত্যক্ষ হয়, তাত সকলোৱে নিজৰ অধিকাৰ আৰু সুবিধাৰ কথা কয়, কিন্তু বোধহয় কোনোবাইহে কৰ্তব্যৰ কথা কয়, তেতিয়াই মতভেদৰ সৃষ্টি হয়৷ এয়া বাস্তৱিক সত্য যে অধিকাৰ আৰু সুবিধাসমূহৰ বাবে আমি যুদ্ধ কৰোঁ, কিন্তু এনেকুৱা কৰাৰ ফলত যদি আমি আমাৰ কৰ্তব্যৰ কথা পাহৰি যাও তেতিয়া অধিকাৰ আৰু সুবিধাও আমাৰ কাষত সদায়ে নাথাকিব৷’’

মই ভাবো যে এয়া সত্য দৰ্শন৷ আমাৰ এয়া দায়িত্ব যে যি মহাপুৰুষে এই কথাষাৰ কৈছে তেওঁক পিছত পাহৰি যোৱা হৈছে- সেই মহাপুৰুষক পুনঃ স্মৰণ কৰি এই পদক্ষেপক আগুৱাই লৈ যাব নোৱাৰিনে? আৰু সেই মহাপুৰুষ যিজনে এয়া ১৪ জুলাই ১৯৫১ চনত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰথম ইস্তাহাৰত কৈছিল তেওঁ আছিল পণ্ডিত নেহৰু৷

মই ভাবো যে সেই পণ্ডিত নেহৰুৱে যি সপোন ১৯৫১ চনত দেখিছিল, সেই সপোনক পূৰণ কৰাৰ বাবে, দেশক কৰ্তব্যৰ পথত আগুৱাই লৈ যোৱাৰ বাবে, পণ্ডিতজীৰ সেই ইচ্ছাক আমি আগবঢ়াই লৈ যাব পাৰো নেকি?...আমি সকলোৱে লগ ইয়াক আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিব পাৰো৷

আমাৰ দেশৰ অভিজ্ঞতা এনে যে যেতিয়া মহাত্মা গান্ধীয়ে দেশৰ তৰুণ প্ৰজন্মক কৈছিল যে কিতাপ বাদ দিয়া, স্বাধীনতাৰ বাবে আগবাঢ়া- মানুহ ওলাই আহিছিল৷ গান্ধীজীয়ে যেতিয়া কৈছিল যে বিদেশী এৰা, স্বদেশী কৰা- মানুহ ওলাই আহিছিল৷ লালা বাবাদুৰ শাস্ত্ৰীয়ে যেতিয়া কৈছিল যে এটা সময়ৰ খাদ্য পৰিত্যাগ কৰা, অন্নৰ উৎপাদন কৰা৷ দেশে কৰিছিল৷ মোৰ দৰে সৰু ব্যক্তিয়ে যেতিয়া ক’লে যে গেছৰ সাহায্য পৰিত্যাগ কৰা- জনসাধাৰণে ত্যাগ কৰিলে৷ অৰ্থাৎ দেশ সাজু….দেশ সাজু৷

আহক…আমি সকলোৱে লগ হৈ এক নতুন ভাৰতৰ নিৰ্মাণৰ বাবে, আধুনিক ভাৰতৰ নিৰ্মাণৰ বাবে, ৰাজনীতিৰ নিজৰ সীমাতকৈও ঊৰ্ধত থাকে দেশ, দলতকৈ ডাঙৰ হয় দেশ৷ দেশৰ কোটি কোটি লোকৰ আশা-আকাংক্ষা, সেইসমূহ পূৰণ কৰাৰ বাবে ৰাষ্ট্ৰপতি মহোদয়ে আমাক যি পথ প্ৰদৰ্শিত কৰিছে, যি দিশ-নিৰ্দেশনা দিছে৷ ৰাষ্ট্ৰপতি মহোদয়ক অভিনন্দন প্ৰকাশ কৰি, তেওঁক ধন্যবাদ প্ৰদান কৰি…আমি কেৱল তেওঁৰ ভাষণৰেই ধন্যবাদ প্ৰদান নকৰি, সেই ভাষণৰ আত্মাক ধাৰণ কৰি ৰাষ্ট্ৰহিতৰ উদ্দেশ্যে কিবা এটা কৰি সত্য স্থাপিত কৰিব লাগে৷

এই আশাৰ সৈতে মই এই আলোচনাক সমৃদ্ধ কৰি তোলা সকলো আদৰণীয় সদস্যক অভিনন্দন জনাই মোৰ ভাষণ সামৰিছো৷

অধ্যক্ষ মহোদয়, আপোনাকো বহু বহু ধন্যবাদ৷            

 

*****

अतुल तिवारी/शाहबाज़ हसीबी/बाल्मीकि महतो/निर्मल शर्मा/ममता साहनी/MANN



(Release ID: 1576978) Visitor Counter : 130