কেবিনেট

সু-উচ্চতাৰ প্ৰাণীজগত আৰু ঔষধ-পাতিৰ ক্ষেত্ৰত যুটীয়াভাৱে গৱেষণা কৰাক লৈ ভাৰত আৰু কীৰ্গিস্তানৰ মাজত সহযোগিতামূলক চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন

Posted On: 12 JUN 2019 8:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু কীৰ্গিস্তানৰ মাজত সু-উচ্চতাত বসবাস কৰা প্ৰাণীজগত আৰু ঔষধ-পাতিৰ ক্ষেত্ৰত বিজ্ঞান আৰু ঔষধ-পাতিসমূহ অধিক উন্নত তথা শক্তিশালী কৰাৰ লক্ষ্যৰে পাৰস্পৰিক সহযোগিতা বৃদ্ধিত সহযোগিতাৰে গৱেষণাৰ কাম-কাজ কৰিবলৈ সহযোগিতামূলক চুক্তি স্বাক্ষৰত অনুমোদন জনায়৷

এই চুক্তিয়ে সু-উচ্চতাত থকা সৈনিকৰ শাৰিৰীক আৰু মানসিক ছবি এখন জনাৰ লগতে ভাৰতীয় আৰু কীৰ্গিস্তানৰ সৈনিক/জনসাধাৰণে যোগাভ্যাস, জড়ি-বুটী আৰু নিউট্ৰাচিউটিকেলৰ জৰিয়তে সু-উচ্চতাত দেখা দিয়া বিকৃতিসমূহ আঁতৰ কৰাত সহায় কৰিব৷

****

AKT/AK/DB



(Release ID: 1574367) Visitor Counter : 123