পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়

প্ৰেছ টোকা : পৰিসংখ্যাগত সংশোধন আৰু বিদ্যমান জিডিপি শ্ৰেণী সন্দৰ্ভত স্পষ্টীকৰণ

Posted On: 10 JUN 2019 5:19PM by PIB Guwahati

. একাংশ সংবাদ মাধ্যমত পৰিসংখ্যা তথা কাৰ্যসূচী প্ৰণয়ন মন্ত্ৰালয় (এমঅএছপিআই)ত পৰিসংখ্যাগত সংশোধন আৰু বিদ্যমান জিডিপি শ্ৰেণী সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ পাইছে৷

 

. পৰিসংখ্যাগত সংশোধনী ক্ষেত্ৰত এয়া মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথা যে প্ৰণালীগত সংশোধনী এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু সমাজৰ পৰিৱৰ্তনৰ প্ৰয়োজনৰ ভিত্তিত ইয়াৰ সংবেদনশীলতা নিশ্চিতি হোৱাটো আৱশ্যকীয়৷ বিগত কিছুসময়ৰ পৰা উৎপাদনক্ষেত্ৰৰ প্ৰাসংগিক তথা গুণগতমানৰ পৰিসংখ্যাগত প্ৰণালীৰ প্ৰস্তুতিৰ চাহিদা বৃদ্ধি পাইছে৷ মন্ত্ৰালয়ে উপলব্ধ সম্পদ আৰু প্ৰযুক্তিৰ ব্যৱহাৰ পৰিলক্ষিত কৰি এই চাহিদাসমূহ সৰলীকৃত কৰিছে৷ যিকোনো প্ৰণালীৰ দৰে প্ৰযুক্তিৰ আগমনে পৰিসংখ্যাগত প্ৰক্ৰিয়া তথা উৎপাদনত সংশোধনী নিশ্চিত কৰি তুলিছে যাৰ উদ্দেশ্য বিদ্যমান সংসাধনসমূহৰ সমন্বয় কৰাটো যাতে প্ৰণালীটো দায়বদ্ধ হৈ থাকিব পাৰে৷  চিএছঅআৰু এনএছএছঅৰ দ্বাৰা যাতে লাভান্বিত হব পাৰি তথা বৰ্ধিত চাহিদাসমূহ যাতে পূৰণ কৰিব পাৰি সেই উদ্দেশ্যে সংস্থা দুটা শেহতীয়াকৈ একত্ৰিত কৰা হৈছে৷

 

. ২০১৮ চনত কেবিনেটে বহু নতুন পদক্ষেপৰ অনুমোদন প্ৰদান কৰিছিল যত সেৱা ক্ষেত্ৰৰ বাৰ্ষিক সৰ্বেক্ষণত নতুন সৰ্বেক্ষণ কৰোৱা (সেৱা ক্ষেত্ৰৰ অধিক ব্যাপক ব্যাপ্তিৰ বাবে), অনিগমিত উদ্যমসমূহৰ বাৰ্ষিক সৰ্বেক্ষণ (এই উদ্যমসকলক প্ৰাথমিক ৰূপত অনানুষ্ঠনিক ক্ষেত্ৰত উন্নত উপলব্ধি লাভ কৰাৰ বাবে), সময়োপযোগী সৰ্বেক্ষণ (পৰিয়ালৰ সদস্যসকলৰ সময়ৰ স্থিতিৰ গণনা কৰাৰ বাবে) আৰু সকলো প্ৰতিষ্ঠানৰ আৰ্থিক গণনা অন্তৰ্ভুক্ত কৰা হৈছে৷ এই সকলো গতিবিধিৰ বাবে গুৰুত্বপূৰ্ণ বিত্তীয় আৰু মানৱীয় সংসাধনৰ আৱশ্যকতা হয় যি উপলব্ধ হবলৈ সময়ৰ প্ৰয়োজন হয়৷ জনশক্তিৰ তৎকালীন আৱশ্যকতাক বিদ্যমান জনশক্তি সংসাধনৰ নতুন তথা পেছাদাৰী জনশক্তি এজেন্সীসমূহৰ আউটছৰ্চিঙৰ দ্বাৰা ন্যায়ভিত্তিক মাধ্যমৰ দ্বাৰা পূৰণ কৰিব পাৰি৷ আউটছৰ্চিং ক্ষেত্ৰ কৰ্মীসকলক উন্নত ধৰণে প্ৰথম পৰ্যায়ৰ পৰা প্ৰশিক্ষিত কৰিব লাগে আৰু ইয়াৰ পিছত তেওঁলোকৰ ওপৰত প্ৰভাৱী নিৰীক্ষণ কৰিব লাগে৷ এই মডেল আৰ্থিক গণনা আৰু অন্য এনএছএছ সৰ্বেক্ষণতো প্ৰযোজ্য৷ ২০১৩ চনত কৰা অন্তিমটো আৰ্থিক গণনাত ৰাজ্য চৰকাৰৰ দ্বাৰা ক্ষেত্ৰভিত্তিক কাৰ্য সঞ্চালনৰ বাবে কৰ্মচাৰীৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছিল, যাৰ পৰিণামস্বৰূপে ফলাফলসমূহৰ অন্তিম ৰূপ প্ৰদান কৰাত বিলম্ব হৈছিল৷ চলিত ২০১৯ বৰ্ষৰ আৰ্থিক গণনাত পৰিসংখ্যা তথা কাৰ্যসূচী প্ৰণয়ন মন্ত্ৰালয়ে ক্ষেত্ৰৰ কাম আৰম্ভ কৰিবলৈ সাধাৰণ সেৱা কেন্দ্ৰ (চিএছচি)এছপিভিৰ সৈতে সহযোগিতা সম্পাদন কৰিছে আৰু ফলাফলসমূহৰ গুণগতমান তথা উন্নত ব্যাপ্তি সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় নমুনা সৰ্বেক্ষণ (এনএছএছ), ৰাজ্য চৰকাৰ আৰু ক্ষেত্ৰীয় মন্ত্ৰালয়ৰ অধিকাৰী নিৰীক্ষণ তথা পৰ্যৱেক্ষণত চামিল হব৷ এয়া প্ৰথমবাৰলৈ এনএছএছৰ ক্ষেত্ৰভিত্তিক কাৰ্যৰ কঠোৰ নিৰীক্ষণ আৰু পৰ্যৱেক্ষণৰ ব্যৱহাৰ আৰ্থিক গণনাৰ বাবে কৰা হব যাতে ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যৱসায় ৰেজিষ্টাৰৰ প্ৰস্তুতিৰ বাবে উন্নত গুণগতমানৰ পৰিণাম উপলব্ধ হব পাৰে৷ এই প্ৰক্ৰিয়া এক অনন্য ৰাষ্ট্ৰীয় পৰিসংখ্যাগত কাৰ্যালয় (এনএছঅ’)ৰ স্থাপনৰ জৰিয়তে সম্পাদন কৰা হৈছে৷

 

. পুনঃগাঁথনি সন্দৰ্ভত সংবাদ মাধ্যমৰ বহু প্ৰতিবেদন এটা কথা বিশেষকৈ পৰিলক্ষিত হৈছে আৰু সেয়া হল পৰিসংখ্যা তথা কাৰ্যসূচী প্ৰণয়ন মন্ত্ৰালয়ে বিদ্যমান গণনাসমূহৰ সংশোধন কৰা কৰ্মীসকলৰ পুনঃসংস্থাপন কৰি গণনাসমূহৰ গুণগতমান তথা আশ্বাস প্ৰদানৰ ওপৰত ধ্যান অধিকভাৱে কেন্দ্ৰিত কৰিছে৷ এনএছএছত কম্পিউটাৰ এছিছটেণ্ট পাৰ্ছনেল ইণ্টাৰভিউৱিং (চিএপিআই)ক গ্ৰহণ তথা প্ৰযুক্তিৰ ই-সূচীৰ বাবে তথ্য প্ৰক্ৰিয়াকৰণৰ ৰূপান্তৰণৰ বাবে পৰম্পৰাগত গতিবিধিৰ আমূল পৰিৱৰ্তন কৰাটো আৱশ্যক৷ ইয়াৰ অধীনত অন্তৰ্নিহিত বৈধতা পৰীক্ষণ সহিতে উন্নত তথা অধিক বিশ্বাসযোগ্য ফলাফল লাভ হব৷ এই পৰিৱৰ্তনৰ বাবে গণনাসমূহৰ সংসাধন কৰা বিদ্যমান কৰ্মীসকলক দ্বিতীয়বাৰলৈ কৌশলসম্পন্ন কৰি তোলাৰ প্ৰয়োজন আছে যাতে তেওঁলোকে গণনাসমূহৰ গুণগতমান নিশ্চিত কৰাৰ কাৰ্য সম্পন্ন কৰিব পাৰে৷ বিকশিত হোৱা অথবা বিকশিত হৈ থকা প্ৰশাসনিক তথ্যসমূহৰ পৰিসংখ্যাগত প্ৰণালীত গুণগতমান আৰু উপযোগিতা সুনিশ্চিত হোৱাৰ পিছত সেয়া অধিকভাৱে ব্যৱহাৰ কৰাটো গুৰুত্ব প্ৰদান কৰা হৈছে৷

 

. গণনাসমূহৰ বিশ্বাসযোগ্যতাৰ প্ৰশ্ন উত্থাপন হোৱা পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে ২০১৬ চনৰ মেমাহত কাৰ্যালয় পৰিসংখ্যাৰ সংযুক্ত ৰাষ্ট্ৰ মৌলিক সিদ্ধান্তসমূহ (এফপিঅএছ)ৰ ৰূপত গ্ৰহণ কৰিছিল৷ এইদৰে চৰকাৰে পৰিসংখ্যা প্ৰণালীৰ স্বায়ত্বতা তথা স্বতন্ত্ৰতা সুনিশ্চিত আৰু সংৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত পেছাদাৰী তথা বৈজ্ঞানিক মানদণ্ডসমূহ পালন কৰাৰ বাবে উচিত আৰু বিশ্বাসযোগ্য ফলাফল প্ৰস্তুত কৰিব পাৰি৷ ভাৰতীয় সন্দৰ্ভত অতীতত বহু বিশেষজ্ঞ কমিটীৰ গঠন কৰা হৈছে যিসকলে ৰাষ্ট্ৰীয় পৰিসংখ্যাগত প্ৰণালীৰ কামকাজৰ সংশোধনীৰ বাবে বিভিন্ন পৰামৰ্শ প্ৰদান কৰিছে৷ পৰিসংখ্যা তথা কাৰ্যসূচী প্ৰণয়ন মন্ত্ৰালয়ত কৰা সংশোধনীসমূহ এই সিদ্ধান্ত আৰু লগতে ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগ (এনএছচি)ৰ বিভিন্ন পৰামৰ্শৰ অনুৰূপ হিচাপে বিবেচিত হৈছে৷ প্ৰকৃততে মন্ত্ৰালয়ে কাৰ্যালয় পৰিসংখ্যাৰ ৰাষ্ট্ৰীয় নীতি (এনপিঅএছ)ৰ খচৰা প্ৰস্তুত কৰিছিল আৰু ইয়াক সাৰ্বজনিক ৰূপ প্ৰদান কৰিছিল৷ লাভ কৰা টিপ্পনীসমূহৰ ভিত্তিত এই নীতি পুনৰ প্ৰস্তুত কৰা হৈছে৷

 

. ২৩ মে২০১৯ চনত জাৰী কৰা আদেশৰ উদ্দেশ্য হল অনন্য এনএছঅযাৰ অধিকাংশই অন্য দেশত প্ৰচলিত যি পৰিসংখ্যা তথা কাৰ্যসূচী প্ৰণয়ন মন্ত্ৰালয়ৰ ভিতৰত উপলব্ধ সহযোগিতাসমূহৰ লাভ উঠাই বিশ্বাসযোগ্য তথা গুণগতমানৰ গণনা প্ৰস্তুত কৰা হয়৷  এয়াও উল্লেখ কৰা হৈছে যে চৰকাৰে ভাৰতৰ মুখ্য পৰিসংখ্যাবিদ (চিএছআই) আৰু পৰিসংখ্যা তথা কাৰ্যসূচী প্ৰণয়ন মন্ত্ৰালয়ৰ সচিব পদটো এনএছঅৰ প্ৰমুখ্যৰ ৰূপত সংবদ্ধ কৰিছিল আৰু এই পুনৰ্গঠনৰ বিষয়ে ২৩ মে২০১৯ তাৰিখৰ আদেশানুসৰি স্পষ্ট কৰি দিয়া হয়৷

 

. এনএছচিৰ অধ্যক্ষ তথা সদস্যসকল জ্যেষ্ঠ হয় আৰু তেওঁলোকক ৰাষ্ট্ৰীয় পৰিসংখ্যাগত প্ৰণালী সংশোধন কৰা দায়িত্ব প্ৰদান কৰা হৈছে আৰু মন্ত্ৰালয়ে তেওঁলোকৰ পৰামৰ্শ তথা ইনপুটসমূহ উচিত ৰূপত বিচাৰ কৰে৷ এনএছচিৰ স্থিতি, ভূমিকা তথা কাৰ্যকলাপ পূৰ্বৰ দৰে অব্যাহত আছে (প্ৰসংগ ৩১ মে২০১৯ৰ প্ৰেছ বিজ্ঞপ্তি)৷ এক বিধায়িনী ৰূপৰেখা বিকশিত কৰাৰ প্ৰয়াস কৰা হৈছে যাৰ অধীনত এনএছচিয়ে স্বতন্ত্ৰতাৰ সৈতে কাৰ্য কৰিব পাৰে আৰু পৰিসংখ্যা তথা কাৰ্যসূচী প্ৰণয়ন মন্ত্ৰালয়, বিভিন্ন মন্ত্ৰালয় তথা ৰাজ্য চৰকাৰসমূহে মিলি যাতে ৰাষ্ট্ৰীয় পৰিসংখ্যাগত প্ৰণালীৰ সংশোধনীৰ বাবে সমগ্ৰ নিৰ্দেশনা প্ৰদান কৰিব পাৰে৷

 

. জিডিপিৰ শৃংখলাক প্ৰশ্নৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে অনেক স্পষ্টীকৰণ জাৰী কৰিছে যত সূচীত তথা সন্তুলিত দৃষ্টিকোণৰ বাবে উপযুক্ত ধৰণে বিচাৰ কৰাৰ থল আছে৷ বাস্তৱিকতে জিডিপি শৃংখলাসমূহৰ (নতুন শৃংখলা তথা পূৰ্বৰ শৃংখলা)বাবে বিস্তৃত প্ৰক্ৰিয়া আৰু দৃষ্টিকোণ সাৰ্বজনীক ৰূপত উপলব্ধ কৰোৱা হৈছে৷ ৩০ মে২০১৯ তাৰিখৰ বিস্তৃত প্ৰেছ বিজ্ঞপ্তিত সেৱা ক্ষেত্ৰত এনএছএছ (৭৪তম ৰাউণ্ড) প্ৰযুক্তি প্ৰতিবেদনৰ তুলনা অনুসৰি জিডিপি অনুমানসমূহৰ বিষয়ে এমচিএ কৰ্পৰেট তথ্য কভাৰেজক কোৱা হৈছিল যাতে এমচিএ তথ্যৰ উপযোগিতাৰ ওপৰত সংবাদ মাধ্যমত উত্থাপন কৰা বিষয়সমূহ সমাধান কৰিব পাৰি৷ এয়া উল্লেখ কৰা হৈছিল যে এনএছএছে এই সৰ্বেক্ষণ সেৱা ক্ষেত্ৰৰ বাৰ্ষিক সৰ্বেক্ষণ কৰাৰ সময়ত উত্থাপিত হোৱা প্ৰত্যাহ্বানসমূহক বুজাৰ বাবে কৰা হৈছে৷ সুক্ষ্ম স্তৰ পৰ্যায়ত তথ্যসমূহৰ বিশ্লেষণ কৰা হৈছে আৰু এয়া উল্লেখ কৰা হৈছে যে বহুমত সাপেক্ষে উদ্যোগসমূহে এমচিএৰ সৈতে নিজৰ বিধিগত অনলাইন ৰিটাৰ্ণ দাখিল কৰিছে আৰু ইয়াক জিডিপি অনুমানত এৰি থৈ যোৱা হোৱা নাই৷ ভুল শ্ৰেণীবদ্ধকৰণৰ প্ৰশ্নৰ ব্যাখ্যা এইদৰে দিয়া হৈছে যে কৰ্পৰেট চিনাক্তকৰণ সংখ্যা (চিআইএন)ত ৰাষ্ট্ৰীয় উদ্যোগীকিকৰণ শ্ৰেণীবদ্ধকৰণ অনুবিদ্ধ কৰা হৈছে৷ ইয়াক পঞ্জীকৰণৰ সময়ত ঘোষিত গতিবিধিত উদ্যোগৰ দ্বাৰা পৰিৱৰ্তন কৰাৰ পিছতো উন্নীতকৰণ কৰা নহয়৷ সেৱা ক্ষেত্ৰত বাৰ্ষিক সৰ্বেক্ষণ কৰাৰ পূৰ্বে পৰিসংখ্যা তথা কাৰ্যসূচী প্ৰণয়ন মন্ত্ৰালয়ে এই সীমাৱদ্ধতাসমূহক গুৰুত্ব প্ৰদান কৰিব আৰু সৰ্বেক্ষণ ডিজাইন পদ্ধতিত অন্তৰ্ভুক্ত কৰিব৷ এই তথ্যসমূহৰ ব্যৱহাৰ নতুন ভিত্তিত জিডিপি শৃংখলাসমূহৰ সংশোধনতো কৰা হব৷

 

. এটা কথা লক্ষ্য কৰাটো গুৰুত্বপূৰ্ণ যে জিডিপিৰ অনুমান কাৰ্য এক অতিশয় জটিল কাৰ্য আৰু অনুমান অপূৰ্ণ তথ্য প্ৰণালীৰ ওপৰত কৰা হয়৷ ইয়াৰ দ্বাৰা বিষয়সমূহৰ বিশেষজ্ঞৰ পৰামৰ্শৰ সৈতে কাৰ্যপদ্ধতি নিৰ্ধাৰিত কৰাৰ পূৰ্বে জটিল অনুকৰণ তথা পৰিসংখ্যাৰ পুৰ্বানুমানৰ প্ৰয়োজন হয়৷ প্ৰকৃততে বৰ্তমান জিডিপি শৃংখলাসমূহৰ আলোচক ২০১১-১২ৰ আধাৰ সংশোধন কাৰ্যপদ্ধতিৰ ওপৰত বিচাৰ কৰা আৰু অন্তিম ৰূপ প্ৰদান কৰাটো অন্তৰ্ভুক্ত আছিল৷ এয়া কোৱা হৈছে যে এই সমিতিসমূহৰ সিদ্ধান্ত একমত আৰু সামুহিক ৰূপত লোৱা হৈছিল৷ সৰ্বাধিক উচিত দৃষ্টিকোণৰ ৰূপত পৰামৰ্শ কৰাৰ পূৰ্বে তথ্যৰ উপলব্ধতা আৰু কাৰ্যপদ্ধতিৰ প্ৰক্ৰিয়াসমূহৰ ওপৰত বিবেচনা কৰাৰ পিছত সিদ্ধান্ত লোৱা হৈছে৷ মন্ত্ৰালয়ে পৰম্পৰাগত ৰূপত বিচাৰ-পৰামৰ্শত ভিন ভিন প্ৰকাৰৰ পেছাদাৰীসকলক অন্তৰ্ভুক্ত কৰি আহিছে আৰু তেওঁলোকৰ যোগদানৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰিসংখ্যা প্ৰণালী লাভান্বিত হৈছে৷ ইয়াৰোপৰি ভাৰতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষ (আইএমএফ)ৰ বিশেষ তথ্য প্ৰসাৰ মানদণ্ড (এছডিডিএছ) পালন কৰে তথা অনুমান জাৰী কৰাৰ বাবে অগ্ৰীম ৰিলিজ কেলেণ্ডাৰৰ নিৰ্ণয় লোৱা হয়৷ আইএমএফে ভাৰতীয় জিডিপি শৃংখলাত দ্বৈত স্ফীতিহ্ৰাসৰ ব্যৱহাৰিতা সন্দৰ্ভত কিছুমান প্ৰশ্ন উত্থাপন কৰিছে আৰু ভাৰতে আইএমএফক সূচীত কৰিছে যে বৰ্তমানে ভাৰতত চলিত তথ্য উপলব্ধতা অনুপ্ৰয়োগৰ অনুমতি দিয়া নহয়৷ দ্বৈত স্ফীতিহ্ৰাসক গ্ৰহণ কৰাৰ জৰিয়তে জিডিপি বিকাশত হবলগীয়া পৰিৱৰ্তনসমূহ দেখুৱাই সংবাদ মাধ্যমৰ প্ৰতিবেদনত এয়া মানি লোৱা হৈছে যে বিভিন্ন লেখকৰ দ্বাৰা লাভ কৰা ফলাফল তেওঁলোকৰ বিভিন্ন অনুমানৰ ভিত্তিত আধাৰভুক্ত কৰা হৈছে৷ এই চিন্তাধাৰাৰ ফলতেই ৰাষ্ট্ৰীয় গাণনিক পৰিসংখ্যাৰ পৰামৰ্শ সমিতিয়ে বৰ্তমান অৱস্থাত দ্বৈত স্ফীতিহ্ৰাসৰ ব্যৱহাৰত সন্মত হোৱা নাছিল৷ কেৱল এয়াই নহয়, দ্বৈত স্ফীতিহ্ৰাসৰ উপযোগিতা এনে কিছুমান দেশৰ ওপৰত কৰা হৈছে যত ইনপুট কম কৰাৰ বাবে উৎপাদক মূল্য সূচকাংক (পিপিআই)ৰ ব্যৱস্থা কৰা হয়৷ পিপিআইক অন্তিম ৰূপ প্ৰদান কৰাৰ বাবে পৰিসংখ্যা তথা কাৰ্যসূচী প্ৰণয়ন মন্ত্ৰালয়ে বাণিজ্য তথা উদ্যোগ মন্ত্ৰালয়ৰ সৈতে কাম কৰি আছে৷

 

১০. মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ অনুমানত তেতিয়াহে সংশোধন কৰা হয় যেতিয়া সময়ত প্ৰশাসনিক স্ৰোতৰ দ্বাৰা তথ্য ব্যাপ্তিৰ অগ্ৰগতি হয় আৰু সেই অগ্ৰগতি উপযুক্ত ধৰণে তথ্যায়িত হয়৷ ইয়াৰ পৰিণামস্বৰূপে জিডিপিৰ প্ৰাৰম্ভিক অনুমান সংৰক্ষণবাদী হয়৷ ইয়াৰ সংশোধনৰ কৰাৰ বাবে তথ্য স্ৰোত এজেন্সীসমূহত ক্ষেত্ৰীয় তথ্য প্ৰবাহ আৰু সম্বন্ধিত গাঁথনি নিয়ামকত সহযোগী পৰিৱৰ্তনৰ প্ৰয়োজন হ, তেতিয়াহে অধিক মেক্ৰমডেলিং প্ৰযুক্তিৰ উপযোগিতাত সহায়ক হব৷ মন্ত্ৰালয়ে গণনাসমূহৰ ওপৰত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ তথ্য পণ্যাগাৰ স্থাপন কৰাৰ প্ৰস্তাৱনা প্ৰদান কৰিছে যত বৃহৎ আৰ্থিক ৰাশিসমূহৰ গুণগতমানত অগ্ৰগতি প্ৰদানৰ বাবে প্ৰযুক্তিক বৃহৎ তথ্য বিশ্লেষণৰ উপকৰণেৰে সুসজ্জিত কৰা হব৷ যদিও এই সকলো প্ৰক্ৰিয়া এক চলন্ত প্ৰক্ৰিয়া, সেয়ে এয়া গুৰুত্বপূৰ্ণ যে পাঠক আৰু ব্যৱহাৰকৰ্তাই যাতে ইয়াক বুজি পায় আৰু অনুমান প্ৰক্ৰিয়াত তথ্য আৰু প্ৰত্যাহ্বানৰ সীমাৱদ্ধতাসমূহৰ যাতে প্ৰশংসা কৰে৷ এই সংশোধনীৰ সময়ত এয়া অনুভৱ কৰা গুৰুত্বপূৰ্ণ যে নতুন তথ্য ছেট আৰু সৰ্বেক্ষণ পৰিণামসমূহ সদায়েই ব্যৱহাৰ কৰা হব আৰু এয়া কোৱাটো ভুল হব যে পুৰণি প্ৰক্ৰিয়াসমূহ নতুন প্ৰক্ৰিয়াৰ তুলনাত উন্নত আছিল৷ পৰিসংখ্যা আৰু কাৰ্যসূচী প্ৰণয়ন মন্ত্ৰালয়ত কৰা সংশোধন প্ৰক্ৰিয়াত ভৱিষ্যতে উন্নত তথ্য ছেট আৰু উন্নত অনুমান প্ৰাপ্ত হব আৰু আধাৰ বৰ্ষৰ সংশোধনৰ সময়চোৱাত এচিএনএএছৰ দ্বাৰা এইসমূহৰ ওপৰত বিধিৱতঃ বিচাৰ-পৰামৰ্শ কৰা হব৷

 

১১. কোনো প্ৰত্যক্ষ ভুল ধাৰণাৰ বিষয়ে এয়া স্পষ্ট কৰি দিয়া হৈছে যে বিদ্যমান জিডিপি শৃংখলাত অনানুষ্ঠনিক নিৰ্মাণ ক্ষেত্ৰ দ্ৰুত গতিত আগবাঢ়িবলৈ ধৰিছে যি দৰত উদ্যোগসমূহৰ বাৰ্ষিক সৰ্বেক্ষণৰ দ্বাৰা আনুষ্ঠানিক নিৰ্মাণ ক্ষেত্ৰৰ পৰিমাপ লোৱা হৈছে৷ প্ৰকৃততে এয়া কেৱল এএছআই (অৰ্থাৎ মালিকানাধীন, সহযোগিতা আৰু এছইউএফ)ত উচিত উদ্যমসমূহৰহে বিকাশ আৰু ইয়াক আনুষ্ঠানিক/অসংগঠিত নিৰ্মাণ খণ্ডৰ বেঞ্চ মাৰ্ক অনুমানক অগ্ৰগতি প্ৰদান প্ৰয়োগ কৰা হয় এনে নহয়, ইয়াক সমগ্ৰ এএছআইৰ প্ৰগতিতে ব্যৱহাৰ কৰা হয়৷ ইয়াৰোপৰি নমুনা পৰিণামৰ অনুমাপ পৰিৱৰ্তনৰ ভিত্তিত প্ৰদত্ত পুঁজিৰ ব্যৱহাৰ কৰি মন্ত্ৰালয়ে এতিয়া অধিক ব্যাপক এমচিএ তথ্যভাণ্ডাৰ (প্ৰায় ৭ লাখ সক্ৰিয় কৰ্পৰেট)ৰ ব্যৱহাৰ কৰে যত আৰবিআইৰ দ্বাৰা বিশ্লেষণ কৰা কেৱল ২,৫০০ কৰ্পৰেটৰ নমুনাৰ দ্বাৰা প্ৰাপ্ত পৰিণামসমূহক পূৰ্বৰ জিডিপি শৃংখলাত ব্যৱহাৰ কৰা হৈছিল৷

 

১২. ৰাষ্ট্ৰীয় পৰিসংখ্যা প্ৰণালীয়ে নিজৰ পৰিসংখ্যা প্ৰক্ৰিয়াত স্বতন্ত্ৰ আৰু স্বায়ত্ব পৰিস্থিতি তন্ত্ৰত কাম কৰে৷ যিকোনো ধৰণৰ বাহ্যিক প্ৰভাৱক সম্পূৰ্ণৰূপে অনুচিত হিচাপে জ্ঞান কৰা হয়৷ মন্ত্ৰালয়ৰ এয়াই প্ৰয়াস যে বিভিন্ন পৰিসংখ্যা উৎপাদন তথা প্ৰক্ৰিয়াসমূহৰ বিষয়ে ব্যৱহাৰকাৰীসকলক নিৰন্তৰ শিক্ষিত কৰা হওক কিয়নো উৎপাদন তথা প্ৰক্ৰিয়াসমূহ হল আৱশ্যকীয় ৰাজহুৱা সামগ্ৰী৷ এই দিশত এতিয়া মন্ত্ৰালয়ে জনসাধাৰণক সকলো প্ৰাথমিকভাৱে সংগ্ৰহ কৰা তথ্যক নিঃশুল্কভাৱে প্ৰদান কৰি আছে৷ আনহাতে বাহ্যিক মাধ্যমিক আৰু প্ৰশাসনিক তথ্য ছেটক বিনিময় কৰা সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ পৰিপ্ৰেক্ষিতত এয়া বিভিন্ন নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু অনুসন্ধানকৰ্তাই অধিক তথ্যৰ বিষয়ে সংৰক্ষক স্ৰোত এজেন্সীসমূহৰ সৈতে যোগাযোগ কৰিব পাৰে৷

 

 

***

AKT/VJ/SBP/MANN



(Release ID: 1573844) Visitor Counter : 171