প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছাসূচক ফোনকল

Posted On: 24 MAY 2019 12:10PM by PIB Guwahati

ভাৰতৰ ১৭ তম লোকসভা নিৰ্বাচনত ব্যাপক ফলাফল প্ৰদৰ্শনেৰে বিজয়ী হোৱাৰ পিছতেই ২৩ মে’ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শুভেচ্ছাসূচক ফোনকল কৰি অভিনন্দন জ্ঞাপন কৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অষ্ট্ৰেলিয়াৰ সৈতে পৰৱৰ্তী সময়ত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ভাৰতৰ আছে যথেষ্ট গুৰুত্ব। তেওঁ লগতে উল্লেখ কৰে যে ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োখন দেশৰে গণতন্ত্ৰ যথেষ্ট শক্তিশালী, আৰু আমাৰ সম্প্ৰসাৰিত অৰ্থনৈতিক যোগাযোগ বা সম্পৰ্ক, ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা উচ্চস্তৰীয় বৈঠক আৰু  শক্তিশালী জনসম্পৰ্কৰ দিশেৰেও দুয়োখন দেশেই যথেষ্ট শক্তিশালী, আৰু আমাৰ সম্পৰ্কত যি এক গতি ইতিমধ্যেই আৰম্ভ হৈছে, সেয়া অনাগত সময়তো অব্যাহত থাকিব।

ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও প্ৰধানমন্ত্ৰী মৰিছনক অলপতে অষ্ট্ৰেলিয়াত সম্পন্ন হৈ যোৱা নিৰ্বাচনত তেওঁৰ লিবাৰেল নেশ্যনেল কোৱেলিয়েশ্যন পাৰ্টীৰ জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ লগতে অদূৰ ভৱিষ্যতে ভাৰত ভ্ৰমণৰ বাবেও আহ্বান জনায় প্ৰধানমন্ত্ৰী মৰিছনক।

***

AKT/SH/VK/RD



(Release ID: 1572705) Visitor Counter : 88