কেবিনেট


অৱসৰপ্ৰাপ্ত জোৱানসকলৰ বৰঙণিমূলক স্বাস্থ্য আঁচনি(ইচিএইচএছ)ৰ অধীনত দ্বিতীয় বিশ্বযুদ্ধ সৈনিক, জৰুৰীকালীন আয়োগৰ বিষয়া(ইচিঅ’), হস্ৰকালীন সো আয়োগৰ বিষয়া(এছএছচিঅ’) আৰু নিৰ্ধাৰিত সময়ৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰ্মচাৰীসকলৰ চিকিৎসা সুবিধা প্ৰদানত কেবিনেটৰ অনুমোদন

উপকৃত হ’ব ৪০,০০০তকৈও অধিক লোক

Posted On: 07 MAR 2019 2:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকত অৱসৰপ্ৰাপ্ত জোৱানসকলৰ বৰঙণিমূলক স্বাস্থ্য আঁচনি(ইচিএইচএছ) অধীনত দ্বিতীয় বিশ্বযুদ্ধ সৈনিক, জৰুৰীকালীন আয়োগৰ বিষয়া(ইচিঅ’), হস্ৰকালীন সো আয়োগৰ বিষয়া(এছএছচিঅ’) আৰু নিৰ্ধাৰিত সময়ৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰ্মচাৰীসকলৰ চিকিৎসা সুবিধা প্ৰদানত অনুমোদন জনাইছে৷

ইচিএইচএছ আওঁতাৰ বাহিৰত থকা ৪৩,০০০তকৈও অধিক অৱসৰপ্ৰাপ্ত জোৱানে চিকিৎসা সেৱা লাভ কৰিব৷ সমগ্ৰ দেশৰ ৪২৫টা ইচিএইচএছ পলিক্লিনিক নেটৱর্ক আৰু ,৫০০টা তালিকাভূক্ত বেচৰকাৰী চিকিৎসালয় আৰু সকলো চৰকাৰী চিকিৎসালয়ত এইসকল সেনা কৰ্মীয়ে নগদ বিহীন চিকিৎসাৰ সুযোগ পাব৷

ইফালে, এক বিশেষ সুবিধা হিচাপে যুদ্ধত নিহত জোৱানৰ বিধবা তিৰোতাসকলৰ ইচিএইচএছ আঁচনিত যোগ দিবলৈ এককালীন সাহায্য প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

২০০৩ চনৰ এপ্ৰিলত এনডিএ চৰকাৰে শুভাৰম্ভ কৰা ইচিএইচএছৰ জৰিয়তে পেন্সনপ্ৰাপক প্ৰাক্তন কৰ্মচাৰী, তেওঁলোকক পৰিয়াল তথা আন একাংশ লোককে ধৰি প্ৰায় ৫৪ লাখ লোকক গুণগত চিকিৎসা সেৱা প্ৰদান কৰি অহা হৈছে৷ 

প্ৰাক্তন কৰ্মচাৰীসকলৰ কল্যানৰ প্ৰতি গ্ৰহণ কৰা ব্যৱস্থাৱলীঃ

দেশৰ বাবে মুল্যবান সেৱা আগবঢ়োৱা অনবদ্য অৱদানৰ বিপৰীতে আজি গ্ৰহণ কৰা সিদ্ধান্তই চৰকাৰে প্রাক্তন জোৱানসকলৰ কল্যানৰ ক্ষেত্ৰত আন এক সক্ৰিয় পদক্ষেপ হিচাপে বিবেচিত হৈছে৷

প্রাক্তন জোৱানসকলে দীৰ্ঘদিনে দাবী কৰি অহাএক পদ, এক পেন্সনৰ দৰে সিদ্ধান্ত ৰূপায়ণৰ পাছত নতুন এই পদক্ষেপৰ ফলত প্রাক্তন জোৱান-কৰ্মচাৰীসকলৰ সুবিধা ব৷ ইয়াৰ জৰিয়তে ২০ লাখতকৈ অধিক প্রাক্তন জোৱানে এই আঁচনিৰ অধীনত ৩৫,০০০ কোটি টকা লাভ কৰিব৷ তদুপৰি, অন্যান্য প্ৰাক্তন কৰ্মচাৰী, দিব্যাংগ কৰ্মচাৰী আৰু নিৰ্ধাৰিত সময়ৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীৰ পেন্সন ৪০% বৃদ্ধি, সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত আহতস নিয়ন্ত্ৰণ ৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত আহত জোৱানক নতুন গঠন কৰা সেৱা যুদ্ধ আহতৰ কল্যান পুঁজিৰ অধীনত ৩৬টা চাকৰিৰ ৩০,০০০তকৈ অধিক অৱসৰপ্ৰাপ্ত জোৱানক এককালীন সাহায্য আৰু বানচ প্ৰদান কৰা হব৷

*****

 

AKT/SH/DB



(Release ID: 1568613) Visitor Counter : 90