প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাবে শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 28 FEB 2019 6:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ২০১৬, ২০১৭ আৰু ২০১৮ বৰ্ষৰ শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰসমূহ প্ৰদান কৰে৷

পুৰস্কাৰ বিজয়ীসলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে সামাজিক আশা-আকাংক্ষা আৰু চাহিদাসমূহৰ সৈতে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনক জড়িত কৰিব লাগিব৷ তেওঁ লগতে কয় যে দেশৰ বিজ্ঞান সংস্থাসমূহক ভৱিষ্যতৰ চাহিদা পুৰণ কৰিব পৰাকৈ উপযুক্ত হিচাপে গঢ়ি তুলি স্থানীয় সমস্যাসমূহৰ সমাধানসূত্ৰ বিচাৰি উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব৷

প্ৰধানমন্ত্রীয়ে বিগ ডাটা, মেচিন লার্নিং, ব্লক চেন আৰু কৃত্রিম বুদ্ধিমত্তাৰ দৰে নতুন তথা উদীয়মান ক্ষেত্ৰসমূহত গৱেষণা আৰু উন্নয়নৰ প্ৰয়োজনীয়তাৰ ওপৰতো জোৰ দিয়ে৷ তেওঁ কয় যে ইণ্টাৰ ডিচিপ্লিনেৰি চাইবাৰ ফিজিকেল ছিষ্টেম শীৰ্ষক ৰাষ্ট্ৰীয় অভিযানে এই ক্ষেত্ৰসমূহত গৱেষণা আৰু উন্নয়নমূলক কামৰ সুযোগ বৃদ্ধি কৰিব৷ চতুর্থ শিল্প বিপ্লৱৰ সুবিধা গ্ৰহণ কৰিবলৈ বিজ্ঞানীসকলৰ প্ৰতি আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক এনে কেতবোৰ নতুন নতুন প্ৰযুক্তি উদ্ভাৱন কৰিবলৈ কয় যিবোৰে ভাৰতক উৎপাদন, জ্ঞান আৰু প্ৰযুক্তিভিত্তিক উদ্যোগৰ ক্ষেত্রত গ্লবেল হাবত পৰিণত কৰিবলৈ সক্ষম হয়৷

সীমিত সম্পদেৰে কাম সম্পাদন কৰি বিশ্ব মানৰ কৃতিত্ব অর্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে বিজ্ঞানীসকলক প্ৰশংসা কৰে৷ প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে মহাকাশ কাৰ্যসূচীত ইছৰোৰ অসাধাৰণ সাফল্য আৰু ঔষধৰ ক্ষেত্রত ভাৰতীয় সংস্থাসমূহৰ লক্ষ্যণীয় অগ্ৰগতিৰ কথাও উল্লেখ কৰে৷

পৰম্পৰাগত ধাৰণাৰ বাহিৰলৈ গৈ চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে বিজ্ঞানী আৰু গৱেষকসকলৰ মাজত পাৰস্পৰিক সমন্বয় বজাই ৰাখিব লাগিব৷ উভয় পক্ষৰ মাজত এই ধৰণৰ সমন্বয়ে বিভিন্ন ধৰণৰ বৈজ্ঞানিক সমস্যাৰ ক্ষীপ্ৰ আৰু কার্যকৰী সমাধানসূত্ৰ বিচাৰি উলিওৱাত সহায় কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্রীয় চৰকাৰৰ নীতিসমূহৰ উদ্দেশ্য হৈছে দেশত জনগাঁথনিমূলক বৈশিষ্ট্য, গণতন্ত্ৰ আৰু চাহিদাৰ ক্ষেত্রত যিবোৰ সা-সুবিধা আছে, তাৰ সুযোগ গ্ৰহণ কৰা৷ দেশত উদ্ভাৱনৰ প্ৰসাৰ তথা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰক শক্তিশালী কৰি তুলিবলৈ চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাৰ কথাও তেওঁ উল্লেখ কৰে৷

ভাৰতীয় বিজ্ঞানসন্মত আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য ড০ শান্তি স্বৰূপ ভাটনগৰৰ নামত এই পুৰস্কাৰ প্ৰদান আৰম্ভ হয়। দেশত বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ বিভিন্ন শাখাত অসাধাৰণ কামৰ স্বীকৃতিস্বৰূপে বছৰি এই পুৰস্কাৰ প্ৰদান কৰা হয়৷

*****

AKT/AK/DB



(Release ID: 1567235) Visitor Counter : 47