কেবিনেট

ছত্তিশগড়ৰ অনুসূচীত জাতিৰ তালিকাখন সংশোধনৰ প্রস্তাৱলৈ কেবিনেটৰ অনুমোদন

Posted On: 13 FEB 2019 9:14PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত বুধবাৰে আয়োজিত কেন্দ্রীয় কেবিনেটৰ বৈঠকত ছত্তিশগড়ৰ অনুসূচীত জাতিৰ তালিকাখন সংশোধনৰ বাবে সংবিধান (অনুসূচীত জাতি আৰু উপজাতি) নিৰ্দেশ (সংশোধন) বিধেয়ক, ২০১৬-ত চৰকাৰী সংশোধনৰ বিষয়টোলৈ যাৱতীয় অনুমোদন জনাইছে।

এই সংশোধনৰ ফলত উপজাতিৰ তালিকাত আৰু ভালেমান গোষ্ঠীৰ নাম অন্তৰ্ভুক্ত অনুমোদন কৰা হএই গোষ্ঠীসমূহৰ ভিতৰত আছে ক্ৰমে ভূঞা, ধানোৱাৰ, নাগশিয়া, ওৰাও, ছাওয়াৰ ইত্যাদি।

২০১৬-ৰ এই বিধেয়কখন সংবিধান নিৰ্দেশ (সংশোধনী) বিধেয়ক, ২০১৯ হিচাপেও গণ্য কৰা হব পাৰে। বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত ছত্তিশগড়ৰ অনুসূচীত উপজাতিৰ সংশোধিত তালিকাত নতুনকৈ নথিভুক্ত গোষ্ঠীসমূহে চৰকাৰৰ বর্তমান প্রকল্পসমূহৰ আওতাত বিভিন্ন সুযোগ-সুবিধা গ্রহণ কৰিব পাৰিব। তদুপৰি, চৰকাৰৰ নীতি অনুযায়ী চাকৰিত সংৰক্ষণৰ উপৰিও শিক্ষা প্রতিষ্ঠানবোৰত পঢ়া-শুনাৰ বাবে যিবোৰ সুবিধা আছে, সেইবোৰা গ্ৰহণ কৰিব পাৰিব।

***

AKT/RD



(Release ID: 1564919) Visitor Counter : 94