কেবিনেট
কৃষিভিত্তিক ব্যৱসায়ৰ পৰিবেশতন্ত্ৰ উত্তৰণৰ বাবে ভাৰত আৰু মালদ্বীপৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন
Posted On:
06 FEB 2019 9:51PM by PIB Guwahati
কেন্দ্ৰীয় কেবিনেটক ভাৰতৰ কৃষি আৰু কৃষক উন্নয়ন মন্ত্ৰালয় আৰু মালদ্বীপৰ ফিচাৰী, সাগৰীয় সম্পদ আৰু কৃষি মন্ত্ৰালয়ৰ মাজত হোৱা বুজাবুজিৰ পূৰ্ব প্ৰস্তাৱিত চুক্তিৰ বিষয়ে অৱগত কৰোৱা হয়৷ এই চুক্তি মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে ১৭ ডিচেম্বৰ ২০১৮ তাৰিখে ভাৰত ভ্ৰমণলৈ আহোঁতে স্বাক্ষৰিত হৈছিল৷
এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা কৃষিৰ বিভিন্ন ক্ষেত্ৰৰ পৰিবেশতন্ত্ৰ উত্তৰণ কৰাৰ বাবে দ্বিপাক্ষিত সহযোগিতা স্থাপন হ’ব৷
এই বুজাবুজিৰ চুক্তিপত্ৰৰ অধীনত সহযোগিতাৰ পৰিকল্পনা প্ৰস্তুত, প্ৰণয়ন কৰাৰ বাবে এটা যৌথ কৰ্মদল গঠন কৰা হ’ব আৰু কাৰ্যসমূহৰ প্ৰণয়ন নিৰীক্ষণ কৰিব৷
AKT/SNC/SH/MANN
(Release ID: 1563499)
Visitor Counter : 170