কেবিনেট
যুৱ সম্প্ৰদায়ৰ বিভিন্ন দিশৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু তাজিকিস্তানৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
22 NOV 2018 1:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত যুৱ সম্প্ৰদায়ৰ বিভিন্ন দিশৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু তাজিকিস্তানৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনায়৷
দুছানবেত ৮-১০-২০১৮ত দুয়ো দেশৰ যুৱ সম্প্ৰদায়ৰ বিভিন্ন দিশৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু তাজিকিস্তানৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়৷ এই চুক্তিখন ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ হৈ তাজিকিস্তানত থকা ভাৰতীয় ৰাষ্ট্ৰদূত শ্ৰী সোমনাথ ঘোষ আৰু তাজিকিস্তান চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া কমিটীৰ অধ্যক্ষ শ্ৰীযুত আব্দুল্লজোদা আহটম ৰুষ্টমৰ মাজত স্বাক্ষৰিত হয়৷
এই বুজাবুজি চুক্তিখন পাঁচ বছৰলৈ বাহাল থাকিব৷ যুৱ সম্প্ৰদায়ৰ সহযোগিতা বৃদ্ধি পাবলগীয়া ক্ষেত্ৰসমূহৰ ভিতৰত যুৱক-যুৱতী, যুৱ সংগঠনৰ প্ৰতিনিধি আৰু যুৱ সম্প্ৰদায়ক লৈ নীতি প্ৰস্তুত কৰা চৰকাৰী বিষয়াবৰ্গ, দুয়ো দেশত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলন তথা আলোচনা-চক্ৰলৈ আমন্ত্ৰণ, ছপা বস্তুৰ আদান-প্ৰদান, ছবি, অভিজ্ঞতা, গৱেষণা আৰু যুৱ সম্প্ৰদায়ৰ অন্যান্য বিষয়, যুৱ শিৱিৰ, দুয়ো দেশত অনুষ্ঠিত যুৱ মহোৎসৱ তথা অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ আৰু দুয়োখন দেশৰ আইন আৰু নিয়মাৱলীৰ অধীনত যুটীয়াভাৱে অনুমোদিত যুৱ সম্প্ৰদায়ৰ অন্যান্য সহযোগিতামূলক কাম-কাজ ইত্যাদি উল্লেখযোগ্য৷
এই বুজাবুজি চুক্তি উদ্দেশ্য হৈছে এখন দেশে আনখন দেশক যুৱ সম্প্ৰদায়ৰ সৈতে জড়িত বিভিন্ন তথ্য আৰু জ্ঞানৰ বিনিময় আৰু যুৱ সম্প্ৰদায়ৰ আদান-প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণৰ জৰিয়তে তাজিকিস্তানৰ সৈতে যুৱ সম্প্ৰদায়ৰ লগত সম্পৰ্কীত সহযোগিতা বৃদ্ধি আৰু এই ক্ষেত্ৰত উৎসাহ যোগোৱা৷
এই চুক্তিৰ ফলত ভাৰত আৰু তাজিকিস্তানৰ মাজত যুৱ পৰিক্ৰমাৰ ক্ষেত্ৰত বিভিন্ন বিনিময়মূলক কাৰ্যসূচী গ্ৰহণ কৰি যুৱ প্ৰজন্মৰ মাজত ধাৰণা, মূল্যবোধ আৰু সাংস্কৃতিক বিনিময় বৃদ্ধি কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কও সুদৃঢ় কৰিব৷
*********
AKT/DB
(ৰিলিজ আই ডি : 1553813)
অতিথি কক্ষ : 114