কেবিনেট

পৰ্যটনৰ ক্ষেত্ৰত ভাৰত আৰু ৰোমানিয়াৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন প্ৰদান

Posted On: 10 OCT 2018 1:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আজি পৰ্যটনৰ ক্ষেত্ৰত ভাৰত আৰু ৰোমানিয়াৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত সন্মতি প্ৰদান কৰিছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰ ৰোমানিয়াৰ উপ ৰাষ্ট্ৰপতিয়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ভাৰত ভ্ৰমণলৈ অহাৰ সময়ত স্বাক্ষৰিত হৈছিল৷

এই বুজাবুজিৰ চুক্তিপত্ৰৰ প্ৰধান উদ্দেশ্যসমূহ হ’লঃ

ক) পৰ্যটন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰা৷

খ) পৰ্যটন সম্বন্ধীয় তথ্যসমূহৰ বিনিময়৷ হোটেল, ট্যুৰ অপাৰেটৰকে ধৰি পৰ্যটনৰ ষ্টেকহ’ল্ডাৰসমূহক উৎসাহিত কৰা৷

গ) পৰ্যটন আৰু আতিথ্য খণ্ডত বিনিয়োগ৷

ঘ) দ্বি-পথ পৰ্যটনৰ উত্তৰণৰ বাবে ট্যুৰ অপাৰেটৰ/সংবাদ মাধ্যম/সিদ্ধান্ত গ্ৰহণ কৰোঁতাসকল পৰিদৰ্শনৰ বিনিময়৷

ঙ) প্ৰচাৰ, বিপণন, লক্ষ্যস্থানৰ বিকাশ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত অভিজ্ঞতাৰ বিনিময়৷

চ) দুয়োখন দেশৰ আকৰ্ষণীয় পৰ্যটনথলীসমূহৰ প্ৰচাৰৰ বাবে তথ্যচিত্ৰৰ জৰিয়তে দ্বিপাক্ষিক সহযোগিতা৷

ছ) সুৰক্ষিত, সন্মানীয় আৰু বহনক্ষম পৰ্যটনৰ প্ৰচাৰ৷

জ) দুয়োখন দেশৰ মাজত পৰ্যটন বিপ্লৱৰ প্ৰসাৰ কৰা৷

ৰোমানিয়া ভাৰতৰ বাবে সক্ৰিয় পৰ্যটনৰ বজাৰ (২০১৭ বৰ্ষত ৰোমানিয়ান পৰ্যটকৰ সংখ্যা প্ৰায় ১১৮৪৪ গৰাকী আছিল)৷ ৰোমানিয়াৰ সৈতে বুজাবুজিৰ চুক্তিপত্ৰত কৰা স্বাক্ষৰৰ দ্বাৰা এই খণ্ড অধিক উদ্ভাসিত হ’ব৷

পৃষ্ঠভূমিঃ

ভাৰত আৰু ৰোমানিয়াই শক্তিশালী কূটনৈতিক আৰু দীৰ্ঘকালীন অৰ্থনৈতিক সম্বন্ধৰ দ্বাৰা জড়িত৷ দুয়োখন দেশৰ পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা স্বাক্ষৰিত হোৱা এই বুজাবুজিৰ চুক্তিপত্ৰ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত দুয়োটা পক্ষই ইচ্ছা কৰিছে৷ 

 

 

*********

NW/AKT/SH/MANN



(Release ID: 1550432) Visitor Counter : 80