প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গঙ্গা অভিযানৰ প্ৰতিনিধিবৰ্গৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

Posted On: 04 OCT 2018 12:41PM by PIB Guwahati

গঙ্গা নদীৰ স্বচ্ছতাৰ বাবে সজাগতে সৃষ্টি কৰিবলৈ আগবাঢ়ি ৪০ অহা জন অভিজ্ঞ পৰ্বতাৰোহীৰ এটা উদ্যমী দলে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এভাৰেষ্ট শৃঙ্গ জয় কৰা প্ৰথম ভাৰতীয় মহিলা শ্ৰীমতী বাচেন্দ্ৰী পালৰ নেতৃত্বাধীন এই দলত সফলতাৰে এভাৰেষ্ট শৃঙ্গ আৰোহণ কৰা ৮ জন সদস্য আছে।  

কেন্দ্ৰীয় চৰকাৰৰ নমামী গঙ্গাৰ প্ৰচাৰৰ দ্বাৰা উৎসাহিত হৈ আৰম্ভ কৰা এই সজাগতা যাত্ৰাৰ নাম গঙ্গা আভিযান ৰখা হৈছে। মাহযোৰাকৈ চলিবলগীয়া এই নৌকাযাত্ৰাত দলটোৱে এই নদীয়েদি হৰিদ্বাৰৰ পৰা বিজনোৰ, নৰোৰা, ফাৰুখাবাদ, কানপুৰ, এলাহবাদ, বাৰানসী আৰু বুখাৰ হৈ পাটনালৈকে যাত্ৰা কৰিব।এই নখন চহৰত দলটোৱে কিছুমান কৰ্ম-আঁচনি ৰূপায়ণৰ যোগেদি গঙ্গা নদীৰ স্বচ্ছতাৰ বিষয়ে সজাগতে সৃষ্টি কৰিবলৈ যত্ন কৰিব।    

দলটোৰ লগত মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ পদক্ষেপক প্ৰশংসা কৰে।গঙ্গা নদীৰ স্বচ্ছতাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও তেওঁ দোহাৰে। তেওঁ দলটোক তেওঁলোকে ভ্ৰমণ কৰিবলগীয়া আটাইকেইখন চহৰৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক সজাগতা সম্পৰ্কীয় কাম-কাজবোৰৰ লগত জড়িত কৰিবলৈ বিশেষভেৱে আহ্বান জনায়।   

*****

AKT/KP/SBP/PRK



(Release ID: 1548669) Visitor Counter : 47