কেবিনেট

ডিএনএ প্ৰযুক্তি (ব্যৱহাৰ আৰু প্ৰয়োগ) নিয়ন্ত্ৰণ বিধেয়ক, ২০১৮ত কেবিনেটৰ অনুমোদন ডিএনএ পৰীক্ষাগাৰৰ বাবে স্বীকৃতি আৰু নিয়ন্ত্ৰণ বাধ্যতামুলক

Posted On: 04 JUL 2018 2:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট বৈঠকত ডিএনএ প্ৰযুক্তি (ব্যৱহাৰ আৰু প্ৰয়োগ) নিয়ন্ত্ৰণ বিধেয়ক, ২০১৮ত অনুমোদন জনাইছে।

সবিশেষঃ

  • দেশত ডিএনএভিত্তিক ফৰেন্সিক প্ৰযুক্তি সম্প্ৰসাৰণ আৰু প্ৰয়োগৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতি সমৰ্থন আৰু সুদৃঢ় কৰাৰ লক্ষ্যৰে ডিএনএভিত্তিক প্ৰযুক্তি (ব্যৱহাৰ আৰু নিয়ন্ত্ৰণ) বিধেয়ক, ২০১৮ প্ৰৱৰ্তনৰ মুখ্য উদ্দেশ্য।
  • ডিএনএভিত্তিক প্ৰযুক্তিৰ উপকাৰিতা হৈছে অপৰাধজনিত সমস্যাৰ সমাধান আৰু সন্ধানহীন লোকক চিনাক্তকৰণ, যিটো সমগ্ৰ দেশতে স্বীকৃত।
  • বিধেয়কখনৰ জৰিয়তে ডিএনএ পৰীক্ষাগাৰৰ বাবে স্বীকৃতি আৰু নিয়ন্ত্ৰণ বাধ্যতামুলক কৰাৰ মুল কাৰণ হৈছে দেশত এনে প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা আৰু ডিএনএ পৰীক্ষাৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰাৰ লগতে আমাৰ নাগৰিকসকলৰ গোপনীয়তাৰ অধিকাৰক অপব্যৱহাৰ কৰাত সুৰক্ষা প্ৰদান কৰা।
  • ক্ষীপ্ৰতাৰে ন্যায় প্ৰদান।
  • দোষী সাব্যস্তৰ সংখ্যা বৃদ্ধি কৰা।
  • এই বিধেয়কত দেশৰ যিকোনো স্থানত কোনো এজন লোক সন্ধানহীন হোৱাৰ বিপৰীতে আন এঠাইত অচিনাক্ত মৃতদেহ উদ্ধাৰ হলে, দুয়োটাৰে ক্ৰছ মেচিং কৰাৰ ব্যৱস্থা ৰখা হৈছে।

পটভূমিঃ

ফৰেন্সিকত কৰা ডিএনএ পৰীক্ষাৰ জৰিয়তে মানৱ কৰা বিভিন্ন হানি(যেনে-হত্যা, ধৰ্ষণ, মানৱ সৰবৰাহ অথবা গুৰুতৰ আঘাত) আৰু (চুৰি, ডকাইতি)ৰ দৰে অপৰাধজনিত গোচৰৰ নিষ্পত্তিত উল্লেখযোগ্য ভূমিকা পালন কৰে। ২০১৬ চনত নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰৰ পৰিসংখ্যা অনুসৰি  দেশত এনে ধৰণৰ অপৰাধৰ সংখ্যা প্ৰতি বছৰে ৩ লাখলৈ বৃদ্ধি পাইছে। পৰিতাপৰ বিষয় এই যে ইয়াৰে ন্যূনতম অংশৰ ডিএনএ পৰীক্ষা সম্পন্ন হৈছে। এনে পৰিপ্ৰেক্ষিতত এই বিধেয়কে যথেষ্ট সকাহ দিব।

*****

AKT/VBA/SH/DB



(Release ID: 1537779) Visitor Counter : 73