কেবিনেট

খনি আৰু ভূতত্ত্ব ক্ষেত্ৰত ভাৰত আৰু মৰক্কোৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 16 MAY 2018 3:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে খনি আৰু ভূতত্ত্ব ক্ষেত্ৰত ভাৰত আৰু মৰক্কোৰ মাজত পূৰ্বে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷ মৰক্কোৰ শক্তি,খনি আৰু বহনক্ষম উন্নয়ন মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ খনি মন্ত্ৰালয়ৰ মাজত যোৱা ১১ এপ্ৰিলত নতুন দিল্লীত এই চুক্তিখন স্বাক্ষৰিত হৈছিল৷

বুজাবুজিৰ চুক্তিখনে ভাৰত আৰু মৰক্কোক খনি আৰু ভূতত্ত্ব ক্ষেত্ৰত সহযোগিতাৰ বাবে এক প্ৰতিষ্ঠানগত ব্যৱস্থা প্ৰদান কৰিব৷ দুয়োখন দেশৰ অৰ্থনৈতিক, সামাজিক আৰু পৰিৱেশগত ক্ষেত্ৰক  এই সহযোগিতাই উপকৃত কৰিব৷

বুজাবুজিৰ চুক্তিখনৰ লক্ষ্য হ’ল খনি আৰু ভূতত্ত্ব ক্ষেত্ৰত  ভাৰত আৰু মৰক্কোৰ সহযোগিতা বৃদ্ধি৷ সহযোগিতাৰ সৈতে জড়িত দিশসমূহ হ’ল—ভূতাত্ত্বিক আন্তঃগাথনিৰ বিকাশ, খনি আৰু ভূতত্ত্বৰ প্ৰসাৰ, প্ৰশিক্ষণ কাৰ্যসূচী আৰু ভূতাত্ত্বিক ডাটা বেংক স্থাপন আদি৷

AKT/VBA/SH/MS



(Release ID: 1537016) Visitor Counter : 68