কেবিনেট

নদীসমূহৰ আন্তঃসংযোগৰ বাবে গঠিত বিশেষ সমিতিৰ স্থিতি তথা প্ৰগতি প্ৰতিবেদন

Posted On: 06 JUN 2018 3:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক ১..২০১৬ৰ পৰা ৩১..২০১৮ পৰ্যন্ত নদীসমূহৰ আন্তঃসংযোগ কৰাৰ বাবে গঠিত বিশেষ সমিতিৰ প্ৰতিবেদনৰ বিষয়ে অৱগত কৰোৱা হয়৷

নদীসমূহৰ আন্তঃসংযোগ কৰাৰ প্ৰগতি প্ৰতিবেদন ২০০২ৰ ৰিট আবেদন (অসামৰিক)-৫১২: নদীসমূহৰ নেটৱৰ্কিংৰ সৈতে ২০০২ৰ ৰিট আবেদন সংখ্যা ৬৬৮ৰ বাবে মাননীয় উচ্চতম ন্যায়ালয়ৰ দিনাংক ২৭.০২.২০১২ৰ সিদ্ধান্তৰ সন্দৰ্ভত প্ৰস্তুত কৰা হৈছে৷ ইয়াৰ অধীনত কেন্দ্ৰীয় চৰকাৰক নদীসমূহৰ আন্তঃসংযোগ কৰাৰ বাবে এক বিশেষ সমিতিৰ গঠনৰ বাবে নিৰ্দেশ দিয়া হৈছিল৷ নদীসমূহৰ আন্তঃসংযোগৰ বাবে গঠিত এই বিশেষ সমিতিৰ প্ৰগতি প্ৰতিবেদন সময়ে-সময়ে কেবিনেটৰ সন্মুখত প্ৰস্তুত কৰোৱাটো প্ৰয়োজনীয়৷

আইএলআৰৰ বিশেষ সমিতিৰ স্থিতি প্ৰতিবেদনত কেন-বেতৱা সংযোগ, দমনগংগা-পিঞ্জল সংযোগ আৰু পাৰা-তাপী-নৰ্মদা সংযোগ- এই তিনিটা ক্ষেত্ৰত হোৱা প্ৰগতিৰ বিষয়ে জ্ঞাত কৰোৱা হৈছে৷ ইয়াৰোপৰি ১৯৮০ চনৰ ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষিত যোজনাৰ অধীনত চিনাক্ত কৰা অন্য হিমালয় তথা উপদ্বীপসংক্ৰান্তীয় সংযোগৰো স্থিতি অৱগত কৰোৱা হৈছে৷

******

AKT/VBA/SH/MANN



(Release ID: 1535730) Visitor Counter : 50