কেবিনেট

নৱীকৰণযোগ্য শক্তিত ভাৰত-মৰক্কোৰ সহযোগিতাৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 23 MAY 2018 3:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু মৰক্কোৰ মাজত নৱীকৰণযোগ্য শক্তিক্ষেত্ৰৰ সহযোগিতাত পূৰ্ব-স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷ ২০১৮ৰ ১০ এপ্ৰিলত নতুন দিল্লীত বুজাবুজিৰ চুক্তিখন স্বাক্ষৰ কৰা হৈছিল৷

দুয়ো পক্ষই এক সহযোগিতামূলক প্ৰতিষ্ঠানগত সম্পৰ্ক স্থাপনৰ লক্ষ্য লৈছে, যাতে পাৰস্পৰিক লাভালাভৰ ভিত্তিত নতুন আৰু নৱীকৰণযোগ্য শক্তি বিষয়ত কাৰিকৰী দ্বিপাক্ষিক সহযোগিতাক উৎসাহিত আৰু প্ৰসাৰিত কৰিব পৰা যায়৷ সহযোগিতাৰ দিশসমূহ পৰ্যালোচনা, নিৰীক্ষণ আৰু আলোচনা কৰিবলৈ এখন যুটীয়া কাৰ্যনিৰ্বাহক কমিটি গঠনৰ কথা বুজাবুজিৰ চুক্তিখনত সন্নিবিষ্ট কৰা হৈছে৷

বুজাবুজিৰ চুক্তিখন দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাত সহায়ক হ’ব৷ .

***

AKT/VBA/SH/MS



(Release ID: 1533939) Visitor Counter : 89