কেবিনেট

কেবিনেটে সংযুক্ত সচিব স্তৰ তথা ইয়াৰ ওপৰৰ পদসমূহৰ নিৰ্মাণ, বাতিলকৰণ আৰু উন্নয়নৰ সৈতে ভাৰতীয় খনি ব্যুৰ’ৰ (আইবিএম)ৰ পুনৰ গঠনৰ বাবে অনুমোদন প্ৰদান কৰিছে

Posted On: 02 MAY 2018 3:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে সংযুক্ত সচিব স্তৰ তথা ইয়াৰ ওপৰৰ পদসমূহৰ নিৰ্মাণ, বাতিলকৰণ তথা উন্নয়নৰ সৈতে ভাৰতীয় খনি ব্যুৰ’ (আইবিএম)ৰ পুনৰ গঠনৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ ভাৰতীয় খনি ব্যুৰ’ৰ বৰ্তমান ১৪৭৭টা পদ বাহাল ৰখা হৈছে৷

পুনৰ গঠনৰ দ্বাৰা আইবিএমে খনি ক্ষেত্ৰত নিয়মসমূহৰ পৰিৱৰ্তন তথা সংশোধনৰ বাবে সহায় লাভ কৰিব৷ ইয়াৰ জৰিয়তে আইবিএম, খনিজ নিয়ামত তথা বিকাশত সংশোধন কৰাৰ বাবে আইইটি তথা মহাকাশ প্ৰদ্যোগিকীৰ সেৱা গ্ৰহণ কৰাৰ বাবে সক্ষম হ’ব৷ ইয়াৰোপৰি সংগঠনৰ কাৰ্য সঞ্চালনত এই পদসমূহৰ দ্বাৰা নিৰ্ণিত প্ৰক্ৰিয়াত দ্ৰুততা লাভ হ’ব তথা উত্তৰদায়িত্বও বৃদ্ধি হ’ব৷

প্ৰভাৱঃ

উক্ত প্ৰস্তাৱৰ দ্বাৰা খনিজ ক্ষেত্ৰত দ্ৰুত বিকাশত যোগদান কৰাৰ বাবে গম্ভীৰ উত্তৰদায়িত্বসম্পন্ন প্ৰযুক্তি কৰ্মীৰৰ নিয়োজনৰ সৃষ্টি হ’ব৷

ইয়াৰ জৰিয়তে সমূহ ক্ষেত্ৰত নিয়োজনৰ উল্লেখনীয় বৃদ্ধি হ’ব৷ আইবিএমৰ উন্নত প্ৰদৰ্শনৰ দ্বাৰা খনি ক্ষেত্ৰ লাভান্বিত হ’ব৷

বিৱৰণঃ

আইবিএমৰ সংযুক্ত স্তৰত কিছুমান পদৰ উন্নয়ন, নিৰ্মাণ তথা বাতিলকৰণ অন্তৰ্ভুক্ত আছে-

ক) স্তৰ ১৫ত মুখ্য খনি নিয়ন্ত্ৰকৰ এটা পদৰ নিৰ্মাণ তথা স্তৰ ১৪ত খনি নিয়ন্ত্ৰকৰ ৩টা পদৰ নিৰ্মাণ৷

খ) ১১টা পদৰ উন্নয়ন অৰ্থাৎ মহানিয়ন্ত্ৰকৰ ১টা পদ স্তৰ ১৫ৰ পৰা স্তৰ ১৬লৈ, মুখ্য খনি নিয়ন্ত্ৰক তথা নিৰ্দেশক প্ৰত্যেকৰে ২টা পদ (অ’ৰ-ড্ৰেছিং) স্তৰ ১৪ৰ পৰা স্তৰ ১৫লৈ আৰু বিদ্যমান স্তৰ১৩এৰ পৰা স্তৰ ১৪লৈ ৮টা পদৰ উন্নীতকৰণ (খনি নিয়ন্ত্ৰকৰৰ ৫টা পদ, মুখ্য খনি অৰ্থশাস্ত্ৰী, মুখ্য অ’ৰ-ড্ৰেছিং বিষয়া আৰু মুখ্য খনি ভূতত্ববিদৰ প্ৰত্যেকৰে ১টাকৈ পদ); আৰু

গ) উপ মহানিৰ্দেশক (সাংখ্যিকী)ৰ ১ টা কেডাৰ পদৰ বাতিলকৰণ, ভাৰতীয় সাংখ্যিকী সেৱাৰ বিষয়াৰ এটা পদৰ বাতিলকৰণ (স্তৰ ১৪ৰ বেতনত)৷

পৃষ্ঠভূমিঃ

ভাৰত চৰকাৰে ১৯৪৮ চনত ১ মাৰ্চত খনি তথা শক্তি মন্ত্ৰালয়ৰ অন্তৰ্গত আইবিএমৰ স্থাপনা কৰিছিল৷ ইয়াৰ প্ৰাৰম্ভিক উদ্দেশ্য খনি ক্ষেত্ৰৰ বাবে নীতি নিৰ্ধাৰণ আৰু আইনী পৰিকাঠামো নিৰ্মাণৰ ক্ষেত্ৰত এটা পৰামৰ্শ প্ৰদানকাৰী হিচাপত কাম কৰিছিল৷ ইয়াৰ সৈতে আইবিএম খনিজ সংসাধনৰ বিকাশ আৰু উপযোগিতা সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক পৰামৰ্শ প্ৰদান কৰিছিল৷ খনিজ ক্ষেত্ৰৰ ক্ৰমবৰ্ধমান আৱশ্যকতাৰ অনুৰূপ আইবিএমৰ ভূমিকা আৰু উত্তৰদায়িত্বৰ পৰিৱৰ্তন হৈথে৷ এতিয়া এই খনি ক্ষেত্ৰত (কয়লা, পেট্ৰ’লিয়াম তথা পৰমাণু খনিজৰ উপৰিও)সুবিধা প্ৰদান তথা নিয়ামকৰ ভূমিকা পালন কৰি আছে৷

ৰাষ্ট্ৰীয় খনিজ নীতি (এনএমপি) ২০০৮ৰ আলোকত খনি মন্ত্ৰালয়ত আইবিএমৰ ভূমিকা তথা কাৰ্যৰ সমীক্ষা তথা পুনৰ গঠন বিষয়ত এক সমিতি গঠন কৰিছে৷ সমিতিয়ে ৪ মে’ ২০১২ চনত নিজৰ প্ৰতিবেদন প্ৰদান কৰিছে যাক মন্ত্ৰালয়ে স্বীকাৰ কৰিছে৷

খনিজ ক্ষেত্ৰত সুবিধা প্ৰদান তথা ইয়াৰ নিয়ামকৰ বাবে খনি মন্ত্ৰালয়ে আইবিএমৰ মাধ্যমৰ দ্বাৰা কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে৷

১. বহনক্ষম বিকাশ পৰিকাঠামো (এছডিএফ)ৰ প্ৰণয়ন তথা খনি গতিবিধিৰ বৈজ্ঞানিক, পৰ্যাৱৰণ আৰু সামাজিক প্ৰত্যাশাৰ সন্দৰ্ভত কৰা প্ৰয়াসসমূহ তথা পদক্ষেপৰ বাবে খনিৰ ষ্টাৰ মূল্যায়ন৷

২. ভাস্কৰাচাৰ্য ইন্সিটিটিউট অৱ স্পেছ এপ্লিকেছন এণ্ড জিঅ’-ইনফৰ্মেটিক (বিআইএছএজি)ৰ সহযোগত খনি নিৰীক্ষণ প্ৰণালী (এমএছএছ)ৰ বিকাশ৷ ইয়াৰ অন্তৰ্গত ছেটেলাইটৰ পৰা প্ৰাপ্ত ছবিৰ আধাৰত মুখ্য খনিজ ক্ষেত্ৰৰ ৫০০ মিটাৰ পৰিধিত অবৈধ খননৰ সন্ধান প্ৰাপ্ত কৰিব পাৰি৷

৩. খনিজ বাসগৃহত অনুসন্ধান তথা বিকাশত বিশেষ গুৰুত্ব৷ ইয়াত নিম্ন স্তৰৰ অ’ৰৰ উন্নয়নৰ বাবে প্ৰক্ৰিয়াৰ বিকাশ তথা খনিজ ক্ষেত্ৰৰ গতিবিধি কম্পিউটাৰাজড কৰিবলৈ আইইটি ভিত্তিক খনন প্ৰণালীৰ বিকাশ আদি গতিবিধি অন্তৰ্ভুক্ত আছে৷

আইবিএমৰ পুনৰ গঠনৰ আৱশ্যক আছিল যাতে এটা সংগঠনৰ ৰূপত নিজৰ দায়িত্ব পালন কৰিব পাৰে৷ নীতি তথা আইনৰ পৰিৱৰ্তন, আইবিএমৰ কাৰ্যসূচীৰ সংশোধন তথা আইবিএমৰ দ্বাৰা আৰম্ভ কৰা নতুন গতিবিধিসমূহৰ বাবে আইবিএমৰ ভূমিকা পৰিৱৰ্তন হৈছে৷ খনিজ অৰ্পণৰ আৱণ্টনত উন্নত পাৰদৰ্শিতাৰ বাবে আইবিএম খনিজ ব্লকৰ নিলামত ৰাজ্যসমূহক সহায় প্ৰদান কৰি আছে৷ আইবিএম, ৰাজ্যৰ নিলামী ব্লকৰ প্ৰস্তুত কৰাৰ বাবে, গড় বিক্ৰয় মূল্য প্ৰকাশিত কৰা, নিলামীৰ পিছত পৰিদৰ্শনৰ বাবে সহায় কৰাৰ বাবে তথা অনুমোদন প্ৰক্ৰিয়াত সহায়তা প্ৰদান কৰি আছে৷

নিজৰ উত্তৰদায়িত্ব সম্পূৰ্ণ কৰাৰ ক্ৰমত আইবিএম কাৰ্যালয়ৰ স্থানান্তৰণ হৈছে৷ ৰায়পুৰ আৰু গান্ধী নগৰত নতুন কাৰ্যালয়ৰ স্থাপনা কৰা হৈছে তথা গুৱাহাটীস্থিত উপ ক্ষেত্ৰীয় কাৰ্যালয়ৰ উন্নয়ন কৰি ইয়াক ক্ষেত্ৰীয় কাৰ্যালয় হিচাপে সূচীত কৰা হৈছে৷ কলকাতা আৰু উদয়ৰপুৰ স্থিত ক্ষেত্ৰীয় কাৰ্যালয়ৰ উন্নয়ন কৰা হৈছে আৰু ইয়াক মাণ্ডলিক কাৰ্যালয় (পূব) তথা মাণ্ডলিক কাৰ্যালয় (উত্তৰ) হিচাপে নিৰ্মাণ কৰা হৈছে৷ কৌশল বিকাশৰ উদ্দেশ্যে উদয়পুৰত বহনক্ষম বিকাশ পৰিকাঠামো সংস্থা, হায়দৰাবাদত ৰিমোট ছেন্সিং কেন্দ্ৰ তথা কলকাতাত ইন্সটিটিউট অৱ বহনক্ষম মাইনিঙৰ আৰম্ভণি কৰা হৈছে৷ বাৰাণসীত কৌশল বিকাশ কেন্দ্ৰৰ শীঘ্ৰে আৰম্ভ হ’ব৷

*****

AKT/VBA/SH/MANN                      



(Release ID: 1531133) Visitor Counter : 64