প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ সৈতে সফলতাৰ কাহিনী ভাগ-বতৰা কৰিলে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ উপভোক্তাই

Posted On: 11 APR 2018 7:40PM by PIB Guwahati

 

দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ ১০০০ৰো অধিক উপভোক্তাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক তেঁওৰ বাসগৃহত সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীৰ সৈতে অনানুষ্ঠানিক বাৰ্তালাপত বহুসংখ্যক উপভোক্তাই বৰ্ণনা কৰে কিদৰে মুদ্ৰা ঋণে তেওঁলোকৰ জীৱনশৈলী উন্নত কৰিছে৷

২লাখ টকাৰ ঋণ লাভ কৰা ঝাৰখণ্ডৰ বোকাৰোৰ শ্ৰীমতী কিৰণ কুমাৰীয়ে উল্লেখ কৰে কিদৰে তেওঁ নিজাববীয়াকৈ পুতলা আৰু উপহাৰ সামগ্ৰীৰ দোকান আৰম্ভ কৰে৷ পূৰ্বে স্বামীৰ সৈতে তেওঁ হকাৰ হিচাপে পুতলা বিক্ৰী কৰি জীৱন-নিৰ্বাহ কৰিছিল৷ কিন্তু ঋণ লাভ কৰাৰ পাছত তেওঁ এগৰাকী সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ল৷

.৭৭ লাখৰ ঋণ লাভ কৰা ছুৰাটৰ শ্ৰীমতী মুনিৰাবানু চব্বিৰ হুছেইন মালেকে ব্যাখ্যা কৰে কিদৰে তেওঁ এলএমভি ড্ৰাইভিং প্ৰশিক্ষণ লাভ কৰে আৰু এতিয়া এখন অ’টো ৰিক্সা চলাই মাহিলি ২৫,০০০টকা উপাৰ্জন কৰি আছে৷

কেৰালাৰ কান্নুৰৰ শ্ৰীমান চিজেশ পি. নামৰ ব্যক্তিগৰাকী ৮বছৰ ধৰি বিদেশত কাম কৰি আছিল৷ স্বদেশলৈ ঘূৰি আহি তেওঁ এটি মেডিকেল ইউনিটত ছেলছ মেনেজাৰ হিচাপে কাম আৰম্ভ কৰে৷ তেওঁ প্ৰধানমন্ত্ৰীক বৰ আগ্ৰহেৰে কয় কিদৰে মুদ্ৰা ঋণ হিচাপে লাভ কৰা ৮.৫৫ লাখ টকাৰে তেওঁ এটি হাৰ্বেল টুথ পাউডাৰ কোম্পানী স্থাপন কৰিবলৈ সক্ষম হয়৷

টেলেংগনাৰ পৰা অহা শ্ৰীমান ছালেহান্দাম ৰাৱে প্ৰধানমন্ত্ৰীৰ সৈতে নিজৰ ব্যৱসায়ৰ কথা ভাগ-বতৰা কৰে৷ তেওঁ ৯.১০ লাখ টকাৰ ঋণ লাভ কৰিছিল, যাৰ জৰিয়তে তেওঁ ডাই কাষ্টিং আৰু ঘৰুৱা সা-সামগ্ৰীৰ ব্যৱসায় বিস্তাৰ কৰিবলৈ সক্ষম হয়৷

জম্মু আৰু কাশ্মীৰৰ কাঠুৱা জিলাৰ শ্ৰীমতী বীনা দেৱী তাতশিল্পৰ সৈতে জড়িত৷ তেওঁ ১ লাখ টকাৰ মুদ্ৰা ঋণ লাভ কৰে আৰু এতিয়া তেওঁ অঞ্চলটোৰ এগৰাকী আগশাৰীৰ পশ্মিনা শ্ব’ল প্ৰস্তুতকাৰী হৈ পৰিছে৷ আজি তেওঁ প্ৰধানমন্ত্ৰী মোদীক এখন পশ্মিনা শ্ব’ল উপহাৰ দিয়ে৷

ডেৰাডুনৰ শ্ৰীমান ৰাজেন্দ্ৰ সিং এগৰাকী প্ৰাক্তন সৈনিক৷ তেওঁ প্ৰধানমন্ত্ৰীক কয় কিদৰে মুদ্ৰা যোজনাৰ পৰা লাভ কৰা ৫লাখ টকাৰ ঋণৰ জৰিয়তে ঝাড়ু প্ৰস্তুতৰ ব্যৱসায় সম্প্ৰসাৰণ কৰি প্ৰতিষ্ঠিত হৈছে৷ তেওঁ কেৱল নিজৰ ব্যৱসায় সফলতাৰে প্ৰতিষ্ঠা কৰাই নহয়, আন কেইবাজনো লোকক সংস্থাপনৰ বাট দেখুৱাইছে৷

চেন্নাইৰ শ্ৰীমান টি.আৰ. সজীৱনে ১০ লাখ টকাৰ মুদ্ৰা ঋণ লাভ কৰিছিল৷ এই ঋণেৰে কিদৰে তেওঁ  লোহা ঢালাই কাৰ্যত মনোনিবেশ কৰিব পাৰিছে, সেয়া প্ৰধানমন্ত্ৰীক অৱগত কৰায়৷

জম্মুৰ শ্ৰীমান সতীশ কুমাৰে ৫ লাখ টকাৰ ঋণ লৈছিল৷ তেওঁ আগতে নিৱনুৱা আছিল৷ কিন্তু এতিয়া তেওঁ তীখাৰ সামগ্ৰী নিৰ্মাণ আৰু কিনা-বেচাৰ এক ব্যৱসায় গঢ়ি তুলিছে৷ প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত তেওঁ এই অভিজ্ঞতাৰ কথা প্ৰকাশ কৰে৷

উত্তৰাখণ্ডৰ উধাম সিং নগৰৰ পৰা অহা শ্ৰীমান বিপ্লৱ সিঙে এটি ফাৰ্মা ফাৰ্মৰ সৈতে কাম কৰিছিল৷ কিন্তু তেওঁ নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছিল৷ মুদ্ৰা ঋণৰ জৰিয়তে পোৱা ৫ লাখ টকাৰ সহায়ত তেওঁ কীটনাশক আৰু সাৰ ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হয় আৰু আন কেইবাজনো ব্যক্তিক সংস্থাপনৰ সুযোগ দিছে৷ প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁ আজি ভাৱ বিনিময় কৰে৷

প্ৰধানমন্ত্ৰীয়ে মুদ্ৰা ঋণৰ সদব্যৱহাৰ কৰা উদ্যোগীসকলৰ প্ৰচেষ্টাৰ শলাগ লয়৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ পৰা ১১ কোটি লোক উপকৃত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে এই আঁচনিৰ এটি অন্যতম লক্ষ্য আছিল মানুহৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰা৷ এই আঁচনিয়ে জীৱন-নিৰ্বাহ আৰু আত্মসংস্থাপনৰ ৰূপত ‘ব্যক্তিগত খণ্ড’ৰ বিকাশ সাধনত সহায় কৰিছে৷

প্ৰধানমন্ত্ৰী আৰু উপভোক্তাসকলৰ মাজত চলা অনানুষ্ঠানিক বাৰ্তালাপ প্ৰায় এঘণ্টা ধৰি চলে৷ কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী শ্ৰী পন ৰাধাকৃষ্ণন আৰু শ্ৰী শিৱ প্ৰতাপ শুক্লাও আলোচনাকালত উপস্থিত আছিল৷

***

AKT/VJ/VK/MS


(Release ID: 1529164) Visitor Counter : 99