৫৭সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই-) ২০২৬ৰ শ্ৰেষ্ঠ ৱেব ছিৰিজ (অ’টিটি) বঁটাৰ বাবে গঠিত জুৰী সমিতিৰ অধ্যক্ষ জে ডি মাজেঠিয়া আৰু সদস্য কৃষ্ণ হেব্বালে, শৈলেন্দ্ৰ ঝা তথা গৰিমা ৱাহালে অ’টিটি মাধ্যমত কাহিনী উপস্থাপনৰ ক্ষেত্ৰত হোৱা ক্ৰমবিকাশ, দৰ্শকৰ পৰিৱৰ্তিত পছন্দ তথা ডিজিটেল মঞ্চই সৃষ্টিশীল প্ৰতিভাৰ বাবে মুকলি কৰি দিয়া নতুন সুযোগসমূহ সন্দৰ্ভত তেওঁলোকৰ মতামত প্ৰকাশ কৰে।
মনোৰঞ্জন উদ্যোগটোৰ বিকাশৰ সন্দৰ্ভত মন্তব্য কৰি জুৰীৰ অধ্যক্ষ জে ডি মাজেথিয়াই কয় যে ইণ্টাৰনেটৰ প্ৰসাৰ আৰু অ’টিটি মঞ্চ সমূহৰ বিস্তাৰে দৰ্শকক ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে আন দেশৰ সমলসমূহো চোৱাৰ বা উপভোগ কৰাৰ সুযোগ প্ৰদান কৰিছে, যাৰ ফলত কাহিনী কথনৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। তেওঁ গোৱা আৰু আই এফ এফ আই- ক ভাৰতৰ মনোৰঞ্জন উদ্যোগটোক আগুৱাই নিব পৰা এক শক্তিশালী মঞ্চ হিচাপে অভিহিত কৰে।
অ’টিটি বঁটাৰ বাবে ৱেব ছিৰিজসমূহ মূল্যায়ন কৰাৰ সময়ত বিচাৰক মণ্ডলীৰ অভিজ্ঞতা সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰি মাজেঠিয়াই কয় যে প্ৰতিগৰাকী সদস্যই এই প্ৰক্ৰিয়ালৈ একোটা সুকীয়া দৃষ্টিভংগী আগবঢ়াইছিল। এই মূল্যায়নত কাহিনী কোৱাৰ শৈলী, চৰিত্ৰায়ন, অভিনয়, নিৰ্মাণ শৈলী আৰু এটা ছিৰিজে দৰ্শকৰ মনত পেলোৱা দীৰ্ঘস্থায়ী প্ৰভাৱক বিবেচনা কৰা হৈছিল। তেওঁ বৰ্তমান সময়ত 'এনছেম্বল কাষ্ট' (বহু তাৰকা বা চৰিত্ৰযুক্ত অভিনয়) আৰু চৰিত্ৰ-কেন্দ্ৰিক কাহিনীৰ বৰ্ধিত গুৰুত্বৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে ৱেব ছিৰিজৰ দীঘলীয়া আকাৰৰ কাহিনী আৰু চৰিত্ৰসমূহ বিকশিত কৰাৰ ক্ষেত্ৰত অধিক স্বাধীনতা প্ৰদান কৰে। ক’ভিড-১৯ মহামাৰীয়ে এই উদ্যোগৰ বিকাশত যথেষ্ট গতি প্ৰদান কৰা বুলি তেওঁ উল্লেখ কৰে।
জুৰী সদস্য কৃষ্ণ হেব্বালেই ৱেব ছিৰিজৰ চিত্ৰনাট্য তথা সংলাপ লিখাৰ মান ক্ৰমাৎ উন্নত হোৱা বুলি উল্লেখ কৰে। তেওঁ কয় যে কোনো এটা কাহিনীয়ে দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰাত ব্যৰ্থ হ’লে দৰ্শকে অতি সহজেই আন এখন ধাৰাবাহিক চাবলৈ মন মেলে। ৱেব ছিৰিজত অভিনয় কৰাটো টেষ্ট ক্ৰিকেট খেলাৰ সৈতে তুলনা কৰি তেওঁ কয় যে এই মাধ্যমত অভিনয়ৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে দক্ষতা প্ৰদৰ্শনৰ প্ৰয়োজন হয়। অৱশ্যে ইয়াৰ জৰিয়তে অভিনেতাসকলে নিজৰ চৰিত্ৰসমূহ অধিক গভীৰভাৱে অনুধাৱন আৰু উপস্থাপন কৰাৰ সুযোগ লাভ কৰে।
আন এগৰাকী জুৰী সদস্য শৈলেন্দ্ৰ ঝাই কয় যে অ’টিটি মঞ্চই এনে বহু সৃষ্টিশীল ব্যক্তিৰ বাবে সুযোগৰ দুৱাৰ মুকলি কৰিছে, যিসকলে পৰম্পৰাগত মনোৰঞ্জন উদ্যোগত হয়তো নিজৰ প্ৰতিভা প্ৰকাশৰ সুযোগ লাভ কৰা নাছিল। তেওঁ লগতে কয় যে এই মাধ্যমত একাধিক চৰিত্ৰৰ বিকাশ আৰু তেওঁলোকৰ জীৱনৰ বিভিন্ন পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব দিয়া হয়। ফলত দৰ্শকসকল চৰিত্ৰসমূহৰ সৈতে আৱেগিকভাৱে জড়িত হৈ পৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ জীৱনত কি ঘটিব সেয়া জানিবলৈ আগ্ৰহী হৈ থাকে। উপ-শিৰোনামৰ ব্যৱস্থাই ভাষাৰ বাধা দূৰ কৰাত সহায় কৰিছে আৰু দৰ্শকক বিভিন্ন ভাষিক পৰিৱেশৰ কাহিনী উপভোগ কৰাৰ সুযোগ দিছে বুলিও তেওঁ উল্লেখ কৰে।
জুৰীৰ আন এগৰাকী সদস্য গৰিমা ৱাহালে কয় যে ৱেব ছিৰিজে বিভিন্ন কাহিনী, আবেগ আৰু সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে ভাৰতৰ বৈচিত্ৰ্যৰ সৈতে দৰ্শকক পৰিচিত কৰোৱাইছে। তেওঁ ৱেব ছিৰিজ উপভোগ কৰাৰ অভিজ্ঞতাক কিতাপ পঢ়াৰ সৈতে তুলনা কৰি কয় যে এই মাধ্যমে দৰ্শকৰ সৈতে অধিক নিবিড় সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰে। তেওঁ লগতে কয় যে বিভিন্ন ধৰণৰ কাহিনী আৰু ধাৰাৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগতে একেলগে এখন সম্পূৰ্ণ ধাৰাবাহিক উপভোগ কৰাৰ সুবিধাই মনোৰঞ্জনৰ পৰিসৰ অধিক বৃদ্ধি কৰিছে। ইয়াৰ ফলত নৱাগত প্ৰতিভাসমূহৰ বাবেও নতুন সুযোগৰ সৃষ্টি হৈছে।
জুৰী সদস্যসকলে মত প্ৰকাশ কৰে যে অ’টিটি মঞ্চই সৃষ্টিশীল পৰীক্ষা-নিৰীক্ষাক উৎসাহিত কৰাৰ লগতে নতুন নতুন সৃষ্টিশীল সুযোগৰ পৰিসৰ বৃদ্ধি কৰিছে। একে সময়তে দেশৰ বিভিন্ন প্ৰান্তৰ বৈচিত্ৰ্যময় কাহিনী তথা সৃষ্টিশীল কণ্ঠসমূহ দৰ্শকৰ মাজলৈ লৈ যোৱাতো এই মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।
৫৭সংখ্যক আই এফ এফ আইত অনুষ্ঠিত এই আলোচনাই কাহিনী উপস্থাপনৰ বিভিন্ন ধাৰাক উদ্যাপন কৰাৰ লগতে চলচ্চিত্ৰ তথা মনোৰঞ্জন জগতৰ পৰিৱৰ্তিত পৰিস্থিতিক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত মহোৎসৱৰ বৃহত্তৰ লক্ষ্যক প্ৰতিফলিত কৰে। চলচ্চিত্ৰ উদ্যোগৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক একত্ৰিত কৰি আই এফ এফ আইয়ে নতুন মাধ্যম, পৰিৱৰ্তিত সৃষ্টিশীল পদ্ধতি আৰু ভাৰতৰ দৃশ্য-শ্ৰাব্য উদ্যোগৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰা বিভিন্ন সুযোগ তথা সম্ভাৱনাৰ বিষয়ে আলোচনাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে নিজৰ ভূমিকা অব্যাহত ৰাখিছে।
আজিৰ এই সংবাদমেলখনৰ আঁত ধৰে শ্ৰী মহেশ কুমাৰে।
ReadIFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48

* * *
PIB IFFI Team | Rajith/ Supriya/ Gopika/ Darshana/DM | IFFI 57 - 125