জীৱনৰ আটাইতকৈ জটিল প্ৰশ্নসমূহৰ উত্তৰ যদি আমাৰ চৌপাশৰ অতি সাধাৰণ বস্তুবোৰৰ মাজতেই লুকাই থাকে, তেন্তে কেনে হ’ব? নিম কৰোলি বাবাৰ আধ্যাত্মিক জীৱনযাত্ৰাৰ মাজেৰে এই চিন্তাধাৰাৰ সন্ধান কৰা ‘হনুমান অংশ’ নামৰ চলচ্চিত্ৰখনে ৫৭সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) ২০২৬ৰ ভাৰতীয় পেনোৰামা শাখাত স্থান লাভ কৰিছে। চলচ্চিত্ৰখনে দৰ্শকক নিজৰ জীৱনৰ বিষয়ে চিন্তা কৰিবলৈ আৰু নিজৰ অন্তৰাত্মাৰ সন্ধান কৰিবলৈ এক বাৰ্তা দিছে। ড০ বিশাল চতুৰ্বেদীৰ পৰিচালনাত নিৰ্মিত চলচ্চিত্ৰখনে বৰ্তমানৰ উত্তৰ প্ৰদেশৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা লক্ষ্মীনাৰায়ণৰ জীৱনযাত্ৰাক তুলি ধৰিছে। জীৱন, মৃত্যু আৰু মানৱীয় দুখ-কষ্টৰ ৰহস্য বুজিবলৈ কৰা তেওঁৰ প্ৰচেষ্টাই ক্ৰমাৎ তেওঁক এনে এক আধ্যাত্মিক পথলৈ লৈ যায়, যিয়ে অগণন লোকৰ জীৱন স্পৰ্শ কৰে।
আজি পি.আই.বি-ৰ দ্বাৰা আয়োজিত এক সংবাদমেলত ভাষণ দি পৰিচালক ড° বিশাল চতুৰ্বেদীয়ে ছবিখনৰ আঁৰৰ অনুপ্ৰেৰণা আৰু ইয়াৰ নিৰ্মাণত প্ৰভাৱ পেলোৱা সৃজনশীল দৰ্শনৰ বিষয়ে বক্তব্য আগবঢ়ায়। অধিক অন্বেষণ আৰু শিকিবলৈ উৎসাহিত কৰাৰ বাবে নিজ মাতৃক কৃতিত্ব দি তেওঁ ছবিখনক অন্তৰ্মুখী হৈ নিজকে চাবলৈ এক আমন্ত্ৰণ বুলি অভিহিত কৰে। ড° চতুৰ্বেদীয়ে লগতে ছবি এখনৰ কাহিনী আৰু বাস্তৱ পৰিস্থিতিৰ মাজৰ ব্যৱধান দূৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু বুজাই দিয়ে যে দৰ্শকৰ সৈতে এক আপোন তথা আকৰ্ষণীয় ধৰণে সংযোগ স্থাপন কৰিবলৈ এটা কাহিনী জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ সৈতে জড়িত হৈ থকাটো অত্যন্ত আৱশ্যক।
চলচ্চিত্ৰখন নিৰ্মাণৰ বিষয়ে উল্লেখ কৰি ড° চতুৰ্বেদীয়ে প্ৰকাশ কৰে যে ইয়াক এখন সাধাৰণ মধ্যম বাজেটৰ হিন্দী ছবিৰ প্ৰায় এক-দশমাংশ বাজেটতে নিৰ্মাণ কৰা হৈছে। তেওঁ ব্যাখ্যা কৰে যে চলচ্চিত্ৰখনত দেখুওৱা আধ্যাত্মিক যাত্ৰাৰ মূল সাৰমৰ্মক প্ৰতিফলিত কৰি ইয়াৰ নিৰ্মাণ শৈলীত সৰলতা আৰু ন্যূনতমবাদী (মিনিমেলিষ্টিক) দৃষ্টিভংগী গ্ৰহণ কৰা হৈছিল। জীৱনটোক সহজ কৰি তোলা আৰু অলাগতিয়াল জটিলতাৰ পৰা আঁতৰি অহাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড° বিশালে মন্তব্য কৰে যে সহজ সমাধানবোৰ প্ৰায়ে আমাৰ কাষতেই থাকে, কিন্তু আধুনিক জীৱনৰ জটিলতাৰ মাজত সেইবোৰ আমাৰ চকুত নপৰাকৈ থাকি যায়।
পৰিচালকগৰাকীয়ে সংগীত আৰু অভিনয়ৰ প্ৰতি থকা তেওঁৰ দৃষ্টিভংগীৰ বিষয়েও আলোকপাত কৰে আৰু সৃজনশীল প্ৰতিভাক বিকশিত হ’বলৈ দিয়াৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। এই চলচ্চিত্ৰখনত সন্নিৱিষ্ট সংগীতৰ সৈতে থকা নিজৰ ব্যক্তিগত সম্পৰ্কৰ কথা উল্লেখ কৰি ড° চতুৰ্বেদীয়ে কয় যে কণ্ঠশিল্পীসকলক বহুত আগতেই চিনাক্ত কৰা হৈছিল, যাতে তেওঁলোকে নিজৰ সম্ভাৱনাৰ পূৰ্ণ বিকাশ ঘটাব পাৰে আৰু ছবিখনৰ সৃজনশীল যাত্ৰাত অৰ্থপূৰ্ণ অৱদান আগবঢ়াব পাৰে। তেওঁ অভিনয়শিল্পীসকলকো নিজৰ প্ৰতিভা অন্বেষণ কৰিবলৈ এক বিশাল সৃজনশীল পৰিসৰ দিব বিচাৰিছিল, কিয়নো তেওঁ বিশ্বাস কৰে যে এজন চলচ্চিত্ৰ নিৰ্মাতাৰ ভূমিকা হ’ব লাগে অভিনেতাৰ প্ৰতিভাক পোনপটীয়াকৈ পৰিচালনা কৰাতকৈ সঠিক দিশত আগবঢ়াই নিয়াহে।
সংগীত ৰচনাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি চতুৰ্বেদীয়ে কয় যে পাৰ্বতী গীতটিৰ সংগীত সামান্য সালসলনিৰে প্ৰায় মূল খচৰা সংস্কৰণটোতেই ৰখা হৈছিল, যাৰ ফলত সংগীতশিল্পীগৰাকীৰ কণ্ঠ আৰু ভাৱপ্ৰকাশ স্বাভাৱিকভাৱেই বিকশিত হ’বলৈ সুবিধা পাইছিল। লগতে তেওঁ এইটোও উল্লেখ কৰে যে চলচ্চিত্ৰখনৰ এটা গীত একাদশ শতিকাৰ নাথ যোগী গোৰখনাথৰ দোহাসমূহৰ দ্বাৰা অনুপ্ৰাণিত আছিল, যিয়ে চলচ্চিত্ৰখনৰ আধ্যাত্মিক বিষয়বস্তু আৰু ভাৰতৰ দাৰ্শনিক পৰম্পৰাৰ সমৃদ্ধিক একত্ৰিত কৰিছে। নিজৰ জীৱনক পথ প্ৰদৰ্শন কৰা শিক্ষাসমূহৰ বিষয়ে চিন্তা কৰি চতুৰ্বেদীয়ে ভগৱদ গীতাৰ ভগৱান শ্ৰীকৃষ্ণৰ বাণীৰ কথা উল্লেখ কৰে আৰু ফলাফলৰ প্ৰতি আসক্তি নাৰাখি কৰ্ম কৰি যোৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ সময়ৰ এটা আমোদজনক অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি পৰিচালকগৰাকীয়ে কয় যে চিত্ৰকূটৰ যিটো কোঠাত নিম কৰোলি বাবাক খাদ্য বিতৰণ কৰা অৱস্থাত দেখুওৱা হৈছে, সেই কোঠাটো প্ৰকৃততে মহাৰাজজীয়ে নিজে বাস কৰা কোঠাটোৱেই আছিল। ইয়াৰ ফলত দৃশ্যগ্ৰহণৰ অভিজ্ঞতাটো তেওঁলোকৰ বাবে অত্যন্ত বিশেষ আৰু ব্যক্তিগত অনুভূতিৰে পৰিপূৰ্ণ হৈ পৰিছিল।
‘হনুমান অংশ’ হৈছে ত্ৰিলজীৰ প্ৰথমখন চলচ্চিত্ৰ। এই ত্ৰিলজীত উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ মাজেৰে লক্ষ্মীনাৰায়ণৰ জীৱনযাত্ৰা তুলি ধৰা হ’ব। এই যাত্ৰাত বিভিন্ন সাধু-সন্ত আৰু সাধাৰণ মানুহৰ সৈতে হোৱা সাক্ষাৎকাৰে জীৱন আৰু আধ্যাত্মিকতাৰ বিষয়ে তেওঁৰ বুজাবুজি গঢ়ি তোলে। নিম কৰোলি গাঁৱৰ ওচৰত হোৱা এক ৰহস্যময় সাক্ষাৎকাৰৰ পৰাই তেওঁ ‘নিম কৰোলি বাবা’ নামেৰে পৰিচিত হৈ পৰে। চলচ্চিত্ৰখনে তেওঁৰ ক্ৰমবিকাশৰ মাজেৰে এগৰাকী শ্ৰদ্ধাৰ আধ্যাত্মিক ব্যক্তিত্বলৈ পৰিণত হোৱাৰ কাহিনী তুলি ধৰিছে। তেওঁৰ শিক্ষা আৰু আদৰ্শই ষ্টিভ জবছ, মাৰ্ক জুকাৰবাৰ্গ আৰু জুলিয়া ৰবাৰ্টছকে ধৰি সমগ্ৰ বিশ্বৰ বহু ব্যক্তিক অনুপ্ৰাণিত কৰিছিল। কাহিনী উপস্থাপন আৰু আত্ম-অনুসন্ধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি ‘হনুমান অংশ’ই দৰ্শকক এই কথাই সোঁৱৰাই দিব বিচাৰিছে যে পৃথিৱীখনক বুজি পোৱাৰ যাত্ৰা প্ৰায়ে নিজৰ সত্তাক বুজি পোৱাৰ পৰাহে আৰম্ভ হয়।
সংবাদমেলখনৰ আঁত ধৰে কুলদীপ মিনাই।
সম্পূৰ্ণ সংবাদমেলখন ইয়াত চাব পাৰিব:
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48

* * *
PIB IFFI Team | Rajith/ LekshmiPriya/ Yash/ Darshana/DM | IFFI 57 - 126