57th International Film Festival of India 2026
20 – 28 Nov 2026

২০০১ৰ পুনৰ দৰ্শন: ২৫ বছৰৰ পিছত পুনৰ মিলিত হ’ল হিন্দী চলচ্চিত্ৰক নতুন মাত্ৰা প্ৰদান কৰা চলচ্চিত্ৰ নিৰ্মাতাসকল

“চিনেমা হৈছে সমাজৰ এখন দাপোণ; মই ৰীল লাইফতকৈ বাস্তৱ জীৱন অন্বেষণ কৰাত বিশ্বাস কৰোঁ”: মধুৰ ভাণ্ডাৰকাৰ

“এগৰাকী অভিনেতাই এটা ইংগিত কেনেকৈ শুনে আৰু কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হৈছে অতি গুৰুত্বপূৰ্ণ”: আশুতোষ গোৱাৰিকৰ

“নিৰ্ভীক হওক, অহংকাৰ ত্যাগ কৰক আৰু নিজৰ কাহিনী কওক”: চলচ্চিত্ৰ নিৰ্মাণৰ কলা সন্দৰ্ভত ফাৰহান আখতাৰ

পোষ্ট কৰা হৈছে: 27 NOV 2026 6:01PMby PIB Guwahatiৰিলিজ আই ডি : 2342876Views: 20

এখন গাঁৱে এখন ক্ৰিকেট খেলৰ জৰিয়তে এখন সাম্ৰাজ্যক প্ৰত্যাহ্বান জনায়। তিনিজন বন্ধুৰ বন্ধুত্ব, হৃদয়ভগা বেদনা আৰু ডাঙৰ হোৱাৰ অনিশ্চয়তাসমূহৰ মাজেৰে আগবাঢ়ে; আৰু এজন চলচ্চিত্ৰ নিৰ্মাতাই সমাজে প্ৰায়েই আওকাণ কৰিবলৈ বিচৰা মহিলা আৰু বাস্তৱতাৰ দিশে কেমেৰা ঘূৰায়। অপৰম্পৰাগত কাহিনীৰে সমৃদ্ধ তিনিখন চলচ্চিত্ৰ, ২০০১ চন আছিল হিন্দী চলচ্চিত্ৰৰ আটাইতকৈ উল্লেখযোগ্য বছৰসমূহৰ অন্যতম।

লগান(Lagaan), দিল চাহতা হে’(Dil Chahta Hai) আৰু চান্দনী বাৰ(Chandni Bar)-এ কেৱল মনোৰঞ্জন দিয়াই নহয়; সেইবোৰে প্ৰচলিত ধাৰণাক প্ৰত্যাহ্বান জনাইছিল, নতুন বাট মুকলি কৰিছিল আৰু চলচ্চিত্ৰ বিষয়ক আলোচনাৰ গতি সলনি কৰিছিল। লগান-এ য’ত বিদ্ৰোহৰ মনোভাবক উদযাপন কৰিছিল, দিল চাহতা হে’-ই তাত এটা প্ৰজন্মৰ মনোজগতক ধৰি ৰাখিছিল, আৰু চান্দনী বাৰ-এ প্ৰায়েই অদৃশ্য হৈ ৰোৱা মহিলা তথা জীৱনসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল।

পঁচিশ বছৰৰ পিছত, এই কালজয়ী চলচ্চিত্ৰসমূহৰ আঁৰৰ সৃষ্টিশীল ব্যতিক্ৰমী ব্যক্তিত্বসকল—আশুতোষ গোৱাৰিকাৰ, ফাৰহান আখতাৰ আৰু মধুৰ ভাণ্ডাৰকাৰ  —গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ত ‘The Legendary 25s’ শীৰ্ষক এখন অধিৱেশনত পুনৰ সন্মিলিত হয়। এই অধিৱেশনত সাঁচ ভাঙিবলৈ সাহস কৰা চলচ্চিত্ৰ আৰু নিজৰ পথ অনুসৰণ কৰিবলৈ বাছি লোৱা নিৰ্মাতাসকলক সন্মান জনোৱা হয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/1.JPG(1)_20261127180901_7bed08.jpeg

“AI-এ চলচ্চিত্ৰ নিৰ্মাণ সলনি কৰিব পাৰে, কিন্তু ই মানৱ আত্মাৰ স্থান ল'ব নোৱাৰে”

চলচ্চিত্ৰক সমাজৰ প্ৰতিফলন হিচাপে সমৰ্থন জনাই চলচ্চিত্ৰ নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰে বাস্তৱ জীৱনৰ পৰা লোৱা কাহিনী ক’বলৈ নিজৰ দায়বদ্ধতা পুনৰ ব্যক্ত কৰে, বিশেষকৈ যিবোৰ কাহিনীয়ে অকথিত আখ্যান আৰু উপেক্ষিত বাস্তৱতাসমূহক সন্মুখলৈ আনে। উদ্যোগটোৱে মহিলাৰ অপৰম্পৰাগত চিত্ৰায়নক আদৰি ল’বলৈ দ্বিধাবোধ কৰা সময়ত নাৰীকেন্দ্ৰিক বিষয়ৰ পক্ষত থিয় দিয়াৰ প্ৰত্যাহ্বানসমূহ স্মৰণ কৰি তেওঁ কয় যে চান্দনী বাৰ, কৰ্পোৰেট  আৰু ফেশ্বন-ৰ দৰে চলচ্চিত্ৰসমূহ মহিলাক তেওঁলোকৰ সকলো জটিলতা, দুৰ্বলতা আৰু শক্তিৰ সৈতে চিত্ৰায়িত কৰাৰ বাবে থকা তেওঁৰ দৃঢ় বিশ্বাসৰ পৰাই জন্ম হৈছিল। “মই সদায়েই এনে বিষয়ৰ চলচ্চিত্ৰ নিৰ্মাণ কৰিব বিচাৰিছিলোঁ, যিবোৰৰ বিষয়ে মানুহে কথা পাতিবলৈ বা আনকি অন্বেষণ কৰিবলৈও দ্বিধাবোধ কৰে। মই পর্দাৰ আঁৰৰ কাহিনীসমূহৰ প্ৰতি আকৃষ্ট হওঁ, সেইবোৰ বাস্তৱতাৰ প্ৰতি যিবোৰ প্ৰায়েই সাধাৰণ দৃষ্টিৰ আঁৰত লুকাই থাকে। মোৰ বাবে চলচ্চিত্ৰ সদায়েই সমাজৰ এখন দাপোণ। কল্পনাপ্ৰসূত আভাৱপূৰ্ণ চিত্ৰপট গঢ়াতকৈ মই বাস্তৱ জীৱনক অন্বেষণ কৰিবলৈহে বেছি পছন্দ কৰোঁ,” তেওঁ কয়।

সৃষ্টিশীল সাহস আৰু দৃঢ় বিশ্বাসৰ গুৰুত্বত আলোকপাত কৰি ভাণ্ডাৰকাৰে চলচ্চিত্ৰ নিৰ্মাতাসকলক প্ৰচলিত উদ্যোগৰ ধাৰা বা দৰ্শকৰ প্ৰত্যাশাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰিৱৰ্তে তেওঁলোকে বিশ্বাস কৰা কাহিনীসমূহৰ প্ৰতি সৎ হৈ থাকিবলৈ আহ্বান জনায়। চলচ্চিত্ৰ নিৰ্মাণত প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান ভূমিকাৰ বিষয়েও তেওঁ মত প্ৰকাশ কৰে, আৰু স্বীকাৰ কৰে যে AI আৰু ভিজুৱেল ইফেক্টছ-এ (VFX) দৃশ্যমান কাহিনী কথনত নতুন আৰু আকৰ্ষণীয় মাত্ৰা মুকলি কৰিব পাৰে। অৱশ্যে, তেওঁ দৃঢ়ভাৱে কয় যে প্ৰযুক্তিয়ে কেতিয়াও চলচ্চিত্ৰক আৱেগিক গভীৰতা প্ৰদান কৰা মানৱীয় উপাদানটোৰ স্থান ল'ব নোৱাৰে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/3.JPG_20261127180953_918353.jpeg

 

“AI আৰু VFX-এ নিশ্চয়কৈ দৃশ্যমান অভিজ্ঞতাক সমৃদ্ধ কৰিব পাৰে আৰু চলচ্চিত্ৰ নিৰ্মাণৰ সম্ভাৱনাসমূহ সম্প্ৰসাৰিত কৰিব পাৰে, কিন্তু সেইবোৰে কেতিয়াও মানৱীয় স্পৰ্শৰ স্থান ল'ব নোৱাৰে। প্ৰযুক্তিয়ে ছবি সৃষ্টি কৰিব পাৰে, কিন্তু ই মানৱীয় আৱেগ, সংবেদনশীলতা আৰু চৰিত্ৰ এটাত প্ৰাণ সঞ্চাৰ কৰা আৱেগিক সংযোগৰ অনুৰূপ সৃষ্টি কৰিব নোৱাৰে,” তেওঁ লগতে কয়।

“প্ৰতিখন চলচ্চিত্ৰই হৈছে শূন্যলৈ কৰা পুনৰ আৰম্ভণি। অভিনয়ৰ যাদু নিহিত থাকে শব্দৰ মাজৰ নীৰৱতাত”

তেওঁৰ সৃষ্টিশীল যাত্ৰাৰ বিষয়ে আলোকপাত কৰি আশুতোষ গোৱাৰিকাৰে প্ৰতিখন নতুন চলচ্চিত্ৰকে “শূন্যলৈ কৰা পুনৰ আৰম্ভণি” বুলি বৰ্ণনা কৰে, যাৰ বাবে এটা নতুন দৃষ্টিভংগী, মুকলি মন আৰু কাহিনী কথনৰ কলাক পুনৰ আৱিষ্কাৰ কৰাৰ ইচ্ছা অপৰিহাৰ্য। অপৰম্পৰাগত চলচ্চিত্ৰই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আলোকপাত কৰি তেওঁ কয়, “যিকোনো নতুন, ভিন্ন বা অপৰম্পৰাগত বস্তুৱে নিজৰ দৰ্শক বিচাৰি পাবলৈ অধিক সময়ৰ প্ৰয়োজন হয়। আমি কেৱল প্ৰথম সপ্তাহান্তৰ প্ৰদৰ্শনত ভিত্তি কৰিয়েই এখন চলচ্চিত্ৰৰ বিচাৰ কৰা উচিত নহয়।”

অভিনয়ৰ কলা সম্পৰ্কে নিজৰ অন্তৰ্দৃষ্টি বিনিময় কৰি তেওঁ এটা চৰিত্ৰক জীৱন্ত কৰি তোলাত শুনা, অভিব্যক্তি আৰু বিৰতিৰ গুৰুত্বত জোৰ দিয়ে। “মোৰ বাবে প্ৰকৃত অভিনয় বিৰতিসমূহৰ মাজত নিহিত থাকে। শুনাটো এগৰাকী অভিনেতা-অভিনেত্ৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গুণসমূহৰ অন্যতম। এগৰাকী অভিনেতা বা অভিনেত্ৰীয়ে কেনেকৈ শুনে আৰু ইংগিতত কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেয়াও সমানেই গুৰুত্বপূৰ্ণ,” তেওঁ কয়।

দৰ্শকে কি বিচাৰে তাক অনুমান কৰাৰ পৰিৱৰ্তে চলচ্চিত্ৰ নিৰ্মাতাসকলে নিজৰ কাহিনীৰ ওপৰত বিশ্বাস ৰখা উচিত বুলি পুনৰ দোহাৰি তেওঁ দৰ্শকসকলক নিজস্ব ব্যাখ্যা গঢ় ল’বলৈ দিয়াৰ গুৰুত্বত হেঁচা প্ৰয়োগ কৰে।

 

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/2.JPG_20261127181024_4c26b0.jpeg

“নিজৰ কাহিনী নিৰ্ভয়ে কওক। আপোনাৰ অহংকাৰ দুৱাৰৰ বাহিৰতে থৈ আহক”

মৌলিকতা আৰু সৃষ্টিশীল নিৰ্ভীকতাক সমৰ্থন জনাই ফাৰহান আখতাৰে নৱাগত চলচ্চিত্ৰ নিৰ্মাতাসকলক নিজৰ অন্তৰ্দৃষ্টিত বিশ্বাস ৰাখিবলৈ আৰু নিজৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰা কাহিনী ক’বলৈ আহ্বান জনায়। প্ৰচলিত চিন্তাধাৰাৰ পৰা আঁতৰি অহাৰ গুৰুত্বত আলোকপাত কৰি তেওঁ কয়, “এগৰাকী পৰিচালক বা লেখকে এখন মুকলি হৃদয় আৰু মন ৰাখিব লাগিব, আৰু নিজৰ অহংকাৰ ত্যাগ কৰি আহিব লাগিব। নিৰ্ভীক হওক, নিজৰ দৃষ্টিভংগীত বিশ্বাস ৰাখক আৰু আপুনি সঁচাকৈয়ে ক'বলৈ বিচৰা কাহিনীটো কওক।”

চিত্ৰনাট্যক “জীৱন্ত, উশাহ লৈ থকা বস্তু”  বুলি বৰ্ণনা কৰি ফাৰহানে লেখক, অভিনেতা আৰু কাৰিকৰী কলা-কুশলীসকলৰ সামূহিক কল্পনাৰ জৰিয়তে এটা কাহিনী কেনেকৈ বিকশিত হয়, সেই প্ৰসংগত আলোকপাত কৰে। তেওঁ জোৰ দি কয় যে চলচ্চিত্ৰ নিৰ্মাণ এটা সহযোগিতামূলক প্ৰক্ৰিয়া, য’ত ব্যক্তিগত অহংকাৰসমূহ আঁতৰাই ৰাখিলেহে এটা কাহিনী বিকশিত হ’ব পাৰে আৰু নিজৰ প্ৰকৃত কণ্ঠ বিচাৰি পায়। তেওঁ অত্যধিক প্ৰচাৰে যাতে চলচ্চিত্ৰৰ মূল সাৰমৰ্মক ঢাকি পেলাব নোৱাৰে, তাৰ প্ৰতিও সতৰ্ক কৰি দিয়ে, আৰু অৰ্থপূৰ্ণ কাহিনী কথন তথা দৰ্শকৰ সৈতে প্ৰকৃত সংযোগ সদায়েই প্ৰথমলৈ আহিব লাগে বুলি গুৰুত্ব আৰোপ কৰে।

 

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/4.JPG_20261127181106_b058ce.jpeg

কথোপকথন আগবঢ়াই নিয়াৰ লগে লগে এটা চিন্তাই বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰে: সৃষ্টিশীল সাহস, মৌলিক কাহিনী কথন আৰু প্ৰচলিত ধাৰাক প্ৰত্যাহ্বান জনোৱাৰ ইচ্ছাশক্তিৰ পৰাই মহান চলচ্চিত্ৰৰ জন্ম হয়। লগান, দিল চাহতা হ্যে আৰু চান্দনী বাৰ-এ ভাৰতীয় সমাজৰ বিভিন্ন দিশ অন্বেষণ কৰা আৰু চলচ্চিত্ৰ বিষয়ক আলোচনাৰ গতি সলনি কৰাৰ পঁচিশ বছৰৰ পাছত, সেই চলচ্চিত্ৰসমূহৰ নিৰ্মাতাসকলে মানৱীয় অভিজ্ঞতাত প্ৰোথিত কাহিনীসমূহৰ যুগমীয়া শক্তিক পুনৰ দৃঢ় কৰে।

‘Stories Without Borders’ বিষয়বস্তুৰ অধীনত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মনোভাবৰ সৈতে সংগতি ৰাখি এই আলোচনাটোৱে দাঙি ধৰে যে প্ৰামাণিক কাহিনীসমূহে সাংস্কৃতিক বা ভৌগোলিক উৎপত্তি যিয়েই নহওক কিয়, সীমা অতিক্ৰম কৰিব পাৰে আৰু সকলো ঠাইৰ দৰ্শকৰ মনত অনুৰণন সৃষ্টি কৰিব পাৰে। প্ৰযুক্তিয়ে চলচ্চিত্ৰ নিৰ্মাণক ৰূপান্তৰিত কৰি যোৱাৰ মুহূৰ্ততো অৱশেষত মানৱীয় আৱেগ, সৃষ্টিশীল দৃঢ় বিশ্বাস আৰু কাহিনী কথনৰ সাৰ্বজনীনতাইহে চলচ্চিত্ৰক ইয়াৰ চিৰস্থায়ী যুগমীয়া আকৰ্ষণ প্ৰদান কৰে।

অধিৱেশনখন খ্যাতনামা অভিনেত্ৰী আৰু প্ৰযোজক খুছবু সুন্দৰে পৰিচালনা কৰে।

 

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rajith/ LekshmiPriya/ Swadhin/ Darshana | IFFI 57 – 117/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2342876
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026