57th International Film Festival of India 2026
20 – 28 Nov 2026

প্ৰবাসত নিজৰ এখন ঘৰ নিৰ্মাণ: ‘পেৰিছ পেৰিছ’-এ অন্বেষণ কৰিছে বিচ্ছিন্নতা, পৰিচয় আৰু আপোনত্বৰ

আইএফএফআই ২০২৬ত বেলজিয়ামৰ চলচ্চিত্ৰ নিৰ্মাতা ইজাবেল টলেনাৰেই প্ৰব্ৰজন আৰু নিজৰ বুলি ক’ব পৰা এডোখৰ ঠাইৰ সাৰ্বজনীন অনুসন্ধানৰ বিষয়ে আলোচনা কৰে

পোষ্ট কৰা হৈছে: 27 NOV 2026 1:47PMby PIB Guwahatiৰিলিজ আই ডি : 2342641Views: 2

গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ত প্ৰেছ ইনফৰমেশ্যন ব্যুৰো (PIB)-এ অনুষ্ঠিত কৰা এখন সংবাদমেলত বেলজিয়ামৰ চলচ্চিত্ৰ নিৰ্মাতা ইজাবেল টলেনেয়াৰে (Isabelle Tollenaere) আজি তেওঁৰ চলচ্চিত্ৰ পেৰিছ পেৰিছ(Paris Paris)-ৰ নিৰ্মাণ সন্দৰ্ভত তথ্য দাঙি ধৰি ইয়াৰ সৃষ্টিশীল যাত্ৰা তথা প্ৰব্ৰজন, বিচ্ছিন্নতা আৰু আপোনত্বৰ বিষয়বস্তুসমূহত তেওঁৰ অন্তৰ্দৃষ্টি বিনিময় কৰে। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ (International Cinema) শাখাত প্ৰদৰ্শিত এই ছবিখনে ফৰাচী ৰাজধানীত বসবাস কৰা তিনিজন পুৰুষৰ জীৱনৰ জৰিয়তে আপোন ঘৰৰ অৰ্থ অন্বেষণ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-27at11.57.25AM_20261127135433_3fa24e.jpeg

পেৰিছৰ এটা অট্টালিকাৰ পটভূমিত নিৰ্মিত পেৰিছ পেৰিছ-এ বিভিন্ন পটভূমিৰ তিনিজন পুৰুষক অনুসৰণ কৰে, যিকেইজন ব্যক্তিয়ে এটা দখলীকৃত এপাৰ্টমেণ্টত (squatted apartment) নিজৰ বাবে এটা ঘৰ সাজিবলৈ প্ৰয়াস কৰে। সীমিত সম্পদ ভাগ-বাটোৱাৰা কৰি আৰু অতীত তথা ভৱিষ্যতৰ বিষয়ে কথা-বতৰা পাতি এই লোককেইজনে পৰিচয়, বিচ্ছিন্নতা আৰু আপোনত্বৰ প্ৰশ্নসমূহৰ মাজেৰে আগবাঢ়ে, আৰু বিভিন্ন সংস্কৃতিৰ লোককেইজনক সংযোগ কৰা মানৱীয় অভিজ্ঞতাসমূহ দাঙি ধৰে।

প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰি টলেনেয়াৰে আই এফ এফ আই-ত নিজৰ চলচ্চিত্ৰখন প্ৰদৰ্শন কৰাৰ সুযোগক সন্মান হিচাপে অভিহিত কৰে। তেওঁ স্মৰণ কৰে যে আগদিনা অনুষ্ঠিত প্ৰদৰ্শনীটোৱে উৎসাহজনক সঁহাৰি লাভ কৰিছিল, য'ত প্ৰেক্ষাগৃহটো সম্পূৰ্ণভাৱে দৰ্শকেৰে ভৰি আছিল। তাৰ পাছত অনুষ্ঠিত আকৰ্ষণীয় প্ৰশ্নোত্তৰ শিতানটোৱে ভাৰতীয় দৰ্শকসকলৰ সৈতে মত বিনিময় কৰাৰ আৰু চলচ্চিত্ৰখনৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী বুজি পোৱাৰ সুযোগ প্ৰদান কৰে।

তেওঁৰ সৃষ্টিশীল দৃষ্টিভংগীৰ বিষয়ে কওঁতে টলেনেয়াৰে তথ্যচিত্ৰ নিৰ্মাণৰ পটভূমিয়ে তেওঁৰ অভিনয় শিল্পীসকলৰ নিৰ্বাচনক কেনেদৰে প্ৰভাৱিত কৰিছিল তাৰ ব্যাখ্যা দাঙি ধৰে। তেওঁ এনে কেইগৰাকীমান ব্যক্তিক বাছনি কৰিছিল, যাৰ ব্যক্তিগত ইতিহাস আৰু জীৱনৰ অভিজ্ঞতাসমূহ তেওঁলোকে ৰূপায়ণ কৰা চৰিত্ৰসমূহৰ সৈতে খাপ খায়, যাৰ ফলত কাহিনীটোৱে প্ৰামাণিকতা আৰু গভীৰতা লাভ কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-27at11.57.26AM_20261127135233_e3b450.jpeg

চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে প্ৰযোজনাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ বিষয়েও কয়, বিশেষকৈ সীমিত বাজেট আৰু উপযুক্ত চিত্ৰগ্ৰহণৰ স্থান চিনাক্ত কৰাৰ প্ৰক্ৰিয়াৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে। চলচ্চিত্ৰখনৰ আঁৰৰ ব্যক্তিগত প্ৰেৰণাৰ কথা ব্যক্ত কৰি তেওঁ প্ৰকাশ কৰে যে তেওঁৰ ককাক-আইতাক প্ৰব্ৰজনকাৰী আছিল, আৰু সেই অভিজ্ঞতাই প্ৰব্ৰজন, বিচ্ছিন্নতা আৰু আপোনত্বৰ সন্ধানৰ প্ৰতি তেওঁৰ আগ্ৰহক গঢ় দিছিল।

চলচ্চিত্ৰখনক লৈ নিজৰ আশা ব্যক্ত কৰি টলেনেয়াৰে কয় যে তেওঁ ইয়াক বিভিন্ন দেশ আৰু সংস্কৃতিৰ মাজলৈ যোৱাটো দেখিবলৈ পালে ভাল পাব, যাতে ইয়াৰ সাৰ্বজনীন বিষয়বস্তু আৰু উমৈহতীয়া মানৱীয় অভিজ্ঞতাৰ জৰিয়তে বিশ্বৰ দৰ্শকসকলৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যায়।

সংবাদমেলখন এণ্ড্ৰু লালছানদামাই (Andrew Lalchhandama) পৰিচালনা কৰে।

 

Watch the full press conference:

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rajith/ Supriya/ Yash/ Darshana | IFFI 57 – 113/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2342641
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026