পোষ্ট কৰা হৈছে:
26 NOV 2026 7:43PM by PIB Guwahati
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (২৬ নৱেম্বৰ, ২০২৬) নতুন দিল্লীত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা আয়োজিত সংবিধান দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।
এই উপলক্ষে ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে সংবিধান দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ জনসাধাৰণে নিজৰ সংবিধান গ্ৰহণ কৰিছিল। ২০১৫ চনত আমাৰ সংবিধানৰ প্ৰধান খনিকৰ ড° বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ ১২৫সংখ্যক জয়ন্তীৰ শুভক্ষণত প্ৰতি বছৰে এই দিনটো 'সংবিধান দিৱস' হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এই দিনটো সংবিধানৰ মহান খনিকৰগৰাকীৰ লগতে ইয়াত নিহিত হৈ থকা আদৰ্শসমূহৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ দিন।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমাৰ গণৰাজ্যৰ গৌৰৱময় যাত্ৰাত উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়সমূহ আৰু জিলা তথা নিম্ন আদালতসমূহে অমূল্য অৱদান আগবঢ়াইছে। বিগত দশককেইটাত জীৱনৰ বহুতো দিশত অকল্পনীয় পৰিৱৰ্তন আহিছে। বিশেষকৈ প্ৰযুক্তি আৰু সংবাদ মাধ্যমৰ প্ৰভাৱ ক্ৰমান্বয়ে সৰ্বব্যাপী আৰু গভীৰ হৈ পৰিছে। পৰিৱৰ্তিত পৰিস্থিতি আৰু প্ৰত্যাশাৰ সৈতে নিজৰ ভূমিকা খাপ খুৱাই লোৱাৰ সমান্তৰালকৈ ন্যায়পালিকাই ন্যায়ৰ মৌলিক আদৰ্শসমূহ অক্ষুণ্ণ ৰাখিছে আৰু শক্তিশালী কৰিছে। সময়ে সময়ে ভাৰতীয় ন্যায়পালিকাই ন্যায়িক দায়বদ্ধতাত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে, যাৰ ফলত সংবিধান প্ৰণেতাসকলে কল্পনা কৰা আদৰ্শসমূহ কাৰ্যকৰী হৈছে। ন্যায়পালিকাৰ স্বাধীনতা আৰু ন্যায়িক দায়বদ্ধতাৰ মাজৰ সমন্বয়ে ন্যায়পালিকাৰ ভূমিকাক অধিক শক্তিশালী কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সময়মতে ন্যায় প্ৰদান কৰাটো ন্যায়ৰ ধাৰণাটোৰেই এটা অপৰিহাৰ্য অংগ। সময়মতে ন্যায় সুলভ কৰি তুলিবলৈ ন্যায়পালিকাই প্ৰক্ৰিয়াসমূহ সৰল কৰা, প্ৰযুক্তিৰ ব্যৱহাৰ কৰা আৰু বিশেষ আদালত স্থাপন কৰাৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে এই প্ৰচেষ্টাসমূহৰ পাছতো নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ বিশাল বোজা আমাৰ ন্যায় প্ৰদান ব্যৱস্থাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈয়েই আছে। ন্যায়পালিকাৰ প্ৰতিটো স্তৰতে গ্ৰহণ কৰা সামূহিক প্ৰচেষ্টাৰ জৰিয়তে এই প্ৰত্যাহ্বান দূৰ হ’ব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ সকলোৰে হাতত প্ৰয়োজনীয় সমল নাথাকে। আমাৰ সংবিধানে সমান সুযোগৰ ভিত্তিত ন্যায় প্ৰদানৰ নিৰ্দেশ দিয়ে, য’ত বিনামূলীয়া আইনী সাহায্য প্ৰদানৰ ব্যৱস্থাও অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ উদ্দেশ্য হৈছে অৰ্থনৈতিক সীমাবদ্ধতা বা আন কোনো ধৰণৰ অসুবিধাৰ বাবে কোনো নাগৰিক যাতে ন্যায় বিচৰাৰ সুযোগৰ পৰা বঞ্চিত নহয়, সেয়া নিশ্চিত কৰা। ৰাষ্ট্ৰপতিগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিগৰাকী নাগৰিকৰ উন্নতি আৰু সফলতাৰ বাবে সমান সুযোগ নিশ্চিত কৰাৰ ওপৰতেই এখন ৰাষ্ট্ৰৰ প্ৰকৃত প্ৰগতি নিৰ্ভৰ কৰে। তেওঁ প্ৰতিটো শিশুকে মানসম্পন্ন শিক্ষা লাভৰ সমান সুযোগ প্ৰদান কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। সমাজৰ দৰিদ্ৰ আৰু উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে উপলব্ধ আইনী প্ৰতিনিধিত্বৰ মান আৰু বিশ্বাসযোগ্যতাত গুৰুত্ব দিয়াটোও অতি জৰুৰী। এই ক্ষেত্ৰত জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণসমূহে যাতে এই দুৰ্বল আৰু বঞ্চিত গোটসমূহৰ ওচৰলৈ ন্যায় লৈ যাব পাৰে, তাৰ বাবে নিজৰ প্ৰচেষ্টা অধিক তীব্ৰতৰ কৰিব লাগিব।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আমাৰ দেশৰ আইনী শিক্ষাত আইন অধ্যয়নৰ সমানেই সহানুভূতি আৰু নৈতিকতাকো গুৰুত্ব দিয়া উচিত। তেওঁ অধিবক্তা সমাজৰ আগশাৰীৰ ব্যক্তিসকলক যুৱ অধিবক্তাসকলৰ বাবে অনুপ্ৰেৰণাদায়ক আদৰ্শ দাঙি ধৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে যুৱ অধিবক্তাসকলে এইটো দেখা উচিত যে পাৰদৰ্শিতাৰ সৈতে সহানুভূতি আৰু দক্ষতাৰ সৈতে কৰুণাৰ সংমিশ্ৰণ ঘটাব পাৰি।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ন্যায়াধীশৰ বিচাৰপীঠ আৰু অধিবক্তা সমাজত মহিলাৰ অধিক আৰু সক্ৰিয় অংশগ্ৰহণে আমাৰ সমাজখনক অধিক নিকা, ন্যায়সংগত, সমতাপূৰ্ণ আৰু অন্তৰ্ভুক্তিমূলক কৰি তোলাত সহায় কৰিব। তেওঁ আলোকপাত কৰে যে এগৰাকী মহিলাৰ দৃষ্টিভংগীয়ে ন্যায়িক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত অন্তৰ্ভুক্তি, বৈচিত্ৰ্য আৰু ভাৰসাম্য যোগ কৰিব পাৰে। তেওঁ ন্যায়াধীশ আৰু অধিবক্তা হিচাপে মহিলাৰ অধিক অংশগ্ৰহণক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। অন্তৰ্ভুক্তি আৰু মেধাত অধিক গুৰুত্ব দিলে আমাৰ ন্যায়পালিকা অধিক শক্তিশালী হ’ব।
ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ে বিশেষভাৱে সক্ষম ব্যক্তি, এচিড আক্ৰমণৰ ভুক্তভোগী, ৮০ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিক আৰু দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলৰ সৈতে জড়িত গোচৰসমূহক অগ্ৰাধিকাৰ দি ন্যায় লাভৰ পথ সুগম কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। গোচৰৰ অধিক ফলপ্ৰসূ পৰিচালনা আৰু তালিকাভুক্তকৰণ, ডিজিটেল ৰূপান্তৰৰ প্ৰসাৰ আৰু বিবাদসমূহৰ সৌহাৰ্দ্যপূৰ্ণ মীমাংসাক উৎসাহিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ তেওঁ শলাগ লয়। সংবিধান সভাৰ সদস্যসকলে যি আদৰ্শবাদেৰে ন্যায়পালিকা সম্পৰ্কীয় ব্যৱস্থাসমূহ প্ৰস্তুত কৰিছিল, আমাৰ ন্যায়িক সমাজখনে সেই আদৰ্শবাদ অক্ষুণ্ণ ৰাখিব বুলি তেওঁ দৃঢ় বিশ্বাস ব্যক্ত কৰে।
ৰাষ্ট্ৰপতিৰ ভাষণ চাবলৈ অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক।
****
NKRM/SS/PRK/DB