57th International Film Festival of India 2026
20 – 28 Nov 2026

“সৎ, ধৈৰ্যশীল আৰু নিজৰ কলাৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক”: আইএফএফআই ২০২৬ মাষ্টাৰক্লাছ-ত চৰিত্ৰানুযায়ী শিল্পী-নিৰ্বাচন আৰু অভিনয়ৰ ৰহস্যৰ কথা সহভাগ কৰে মুকেশ ছাব্ৰাই

“এইখন দেশলৈ এটা অস্কাৰ অনাত মই গুৰুত্ব প্ৰদান কৰিছোঁ ”: মুকেশ ছাব্ৰা

অভিনয়ত বয়সৰ বাধা নাথাকে: মুকেশ ছাব্ৰাই কয় যে উদ্যোগক ৪০, ৫০ আৰু ৬০ বছৰ বয়সৰ প্ৰতিভাৰো প্ৰয়োজন আছে

পোষ্ট কৰা হৈছে: 26 NOV 2026 4:45PMby PIB Guwahatiৰিলিজ আই ডি : 2342329Views: 10

গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ত  আজি উৎসাহীসকলেৰে গিজগিজাই থকা দি কাষ্টিং মেজিক অডিশ্যনছ আনপ্লাগড (The Casting Magic: Auditions Unplugged) শীৰ্ষক মাষ্টাৰক্লাছত প্ৰখ্যাত কাষ্টিং ডিৰেক্টৰ মুকেশ ছাব্ৰাই নৱাগত অভিনেতাসকলৰ বাবে মূল্যবান অন্তৰ্দৃষ্টি আৰু ব্যৱহাৰিক পৰামৰ্শ আগবঢ়ায়। এই অধিৱেশনত নৱাগত অভিনেতা-অভিনেত্ৰী, অভিনয়ৰ দিশত আগবাঢ়িবলৈ বিচৰা মধ্য-কেৰিয়াৰৰ পেছাদাৰ, লেখক, উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা আৰু সংবাদমাধ্যমৰ প্ৰতিনিধিক লৈ উৎসাহী তথা বৈচিত্ৰ্যপূৰ্ণ দৰ্শকৰ উপস্থিতি দেখা যায়। দেশৰ বিভিন্ন প্ৰান্তৰ অংশগ্ৰহণকাৰীসকলে স্থানীয় গোৱাবাসীৰ শক্তিশালী উপস্থিতিৰ সৈতে মিলি ছাব্ৰাৰ লগত সক্ৰিয়ভাৱে মত বিনিময় কৰে আৰু এগৰাকী ভাল অভিনেতা-অভিনেত্ৰীনো কিহে গঢ় দিয়ে, অডিশ্যনতনো কেনেকৈ সফল হ'ব পাৰি আৰু কাষ্টিং জগতখনত কেনেকৈ আগবাঢ়িব পাৰি সেই বিষয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰে।

ছাব্ৰাৰ বিষয়ে ক'বলৈ গৈ মহোৎসৱৰ সঞ্চালক আশুতোষ গোৱাৰিকাৰে কয়, "মুকেশৰ ক্ষেত্ৰত মোৰ যিটো আটাইতকৈ ভাল লাগে সেয়া হ'ল চৰিত্ৰ চিনি পোৱাৰ তেওঁৰ দৃষ্টিভংগী আৰু খাপ খোৱা অভিনেতাক বিচাৰি উলিয়াবলৈ যিকোনো পৰ্যায়লৈ যাব পৰা তেওঁৰ প্ৰতিভা।"

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/DSC00098.JPG(1)_20261126164744_1baf9f.jpeg

৩০০-তকৈও অধিক চলচ্চিত্ৰ আৰু ৱেব ছিৰিজত কাম কৰাৰ অভিজ্ঞতাৰে সমৃদ্ধ ছাব্ৰাই কাষ্টিঙৰ বিস্তৃত আৰু প্ৰায়ে কষ্টসাধ্য প্ৰক্ৰিয়াটোৰ আভাস দাঙি ধৰে আৰু এই কথাত গুৰুত্ব আৰোপ কৰে যে সঠিক অভিনেতাক বিচাৰি উলিওৱাটো ডাটাবেছ বা চিনাকি মুখ চোৱাতকৈ বহু ওপৰৰ কথা। তেওঁ কয়, "আমাৰ দেশত ইমান প্ৰতিভা আছে। আগতে যেতিয়া কাষ্টিং ডিৰেক্টৰ নাছিল, তেতিয়া কামটো কঠিন আছিল। প্ৰতিভাৰ সন্ধানত মই মোৰ দলটোক সকলো ঠাইলৈ পঠিয়াওঁ। আপুনি শিপাৰ ওচৰলৈকে যাব লাগিব। আমাৰ দেশত এনে বহু সাংস্কৃতিক কলা আৰু উপ-সংস্কৃতি আছে য'ত ইমানবোৰ অকৃত্ৰিম প্ৰতিভা প্ৰদৰ্শিত হয়।"

কাষ্টিঙৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী ব্যাখ্যা কৰি মুকেশ ছাব্ৰাই কয় যে চিত্ৰনাট্য সাজু হোৱাৰ পিছত এগৰাকী পৰিচালক প্ৰায়েই তেওঁৰ ওচৰলৈকে প্ৰথমে আহে। চিত্ৰনাট্য খৰচি মাৰি পঢ়াৰ লগতে চৰিত্ৰসমূহ আৰু পৰিচালকৰ দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰি তেওঁ কাম আৰম্ভ কৰে। পৰৱৰ্তী পদক্ষেপটোত কোনো চৰিত্ৰৰ বাবে এজন প্ৰতিষ্ঠিত অভিনেতা নে নতুন মুখৰ প্ৰয়োজন সেয়া নিৰ্ণয় কৰা হয়, আৰু তাৰ পিছত স্থানীয় সমাজৰ মাজত প্ৰতিভা বিচাৰিবলৈ কাহিনীটোৰ পটভূমি থকা অঞ্চলটোলৈ ভ্ৰমণ কৰা হয়। তেওঁ ব্যাখ্যা কৰে যে তেওঁৰ কাম হ'ল চৰিত্ৰটো বুজি পোৱা, সঠিক ব্যক্তিত্ব চিনাক্ত কৰা আৰু পৰিচালকৰ দৃষ্টিভংগীৰ সৈতে খাপ খোৱা একোগৰাকী অভিনেতাৰ পৰামৰ্শ দিয়া। তেওঁ পর্যবেক্ষণ কৰে, "পৰিচালকসকলে মোক মোৰ ডাটাৰ বাবে নহয়, মোৰ অভিমত আৰু মোৰ ধাৰণাসমূহৰ বাবে নিয়োজিত কৰে," আৰু তেওঁ নিজকে অভিনেতা আৰু পৰিচালকৰ মাজৰ এখন সেতু বুলি বৰ্ণনা কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/DSC00032.JPG_20261126164812_e0305a.jpeg

 

এই প্ৰক্ৰিয়াটোৰ পৰিসৰ বিশাল হ'ব পাৰে। দঙ্গল-ৰ কাষ্টিঙৰ কথা সুঁৱৰি ছাব্ৰাই কয় যে ইয়াৰ বাবে প্ৰায় দুবছৰ সময় লাগিছিল আৰু চৰিত্ৰসমূহৰ বাবে প্ৰায় ১৪,০০০ ছোৱালীয়ে অডিশ্যন দিছিল। তেওঁ কয় যে ৰামায়ণ-ৰ কাষ্টিং প্ৰক্ৰিয়াটো ছবছৰতকৈও অধিক সময় ধৰি চলিছিল। তেওঁ লগতে গেংছ অব ৱাছীপুৰ-ৰ বাবে ৩৮৪ গৰাকী লোকক কাষ্ট কৰাৰ কথা স্মৰণ কৰে, যিখন ছবি তেওঁৰ কেৰিয়াৰত ডাঙৰ টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হৈছিল। তেওঁ জনায়, "গেংছ অব ৱাছীপুৰ-এ মোৰ জীৱন সলনি কৰি দিছিল।"

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে কাম কৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰি ছাব্ৰাই উল্লেখ কৰে যে প্ৰতিগৰাকী পৰিচালকৰে সুকীয়া দৃষ্টিভংগী আৰু শৈলী থাকে। চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে কল্পনা কৰা অনুসৰি অভিনেতাসকল চৰিত্ৰসমূহৰ সৈতে খাপ খোৱাটো নিশ্চিত কৰাটো তেওঁৰ দায়িত্ব। তেওঁ কয় যে কেতিয়াবা কাষ্টিং প্ৰক্ৰিয়াটোৱে আনকি লেখাতো প্ৰভাৱ পেলাব পাৰে। কাই প' ছে!-ৰ উদাহৰণ দাঙি ধৰি তেওঁ স্মৰণ কৰে কেনেকৈ ৰাজকুমাৰ ৰাওক মনত ৰাখি গট্টুৰ চৰিত্ৰটো লিখা হৈছিল। তেওঁ লগতে এই কথাতো আলোকপাত কৰে যে নৱাজুদ্দিন ছিদ্দিকী আৰু মনোজ বাজপেয়ীৰ দৰে প্ৰতিভাশালী অভিনেতাসকলে এটা চৰিত্ৰলৈ নিজৰ নিজৰ শক্তি কঢ়িয়াই আনে, যিয়ে কেতিয়াবা পৰিচালকসকলক চৰিত্ৰসমূহ পুনৰ বিবেচনা আৰু পুনৰ গঢ় দিবলৈ অনুপ্ৰাণিত কৰে। দুটা দশকতকৈও অধিক সময়ৰ নিজৰ যাত্ৰাৰ বিষয়ে অৱলোকন কৰি ছাব্ৰাই কয় যে অভিনেতা আমিৰ খান আছিল তেওঁৰ কাম লক্ষ্য কৰা প্ৰথম ব্যক্তিসকলৰ অন্যতম। তেওঁ কয় যে নতুন প্ৰতিভা আৱিষ্কাৰ কৰাৰ চিৰন্তন হেঁপাহে তেওঁৰ যাত্ৰাক আগুৱাই নিছে। অহা দুটা বা তিনিটা বছৰত প্ৰায় ১০০ খনৰো অধিক ছবিৰ কাম শাৰী পাতি থকা অৱস্থাত তেওঁ এই প্ৰক্ৰিয়াটোত গভীৰভাৱে নিয়োজিত হৈ আছে।

 

কাষ্টিং ডিৰেক্টৰৰ বৃহত্তৰ দৃষ্টিভংগী

ছাব্ৰাই স্বীকাৰ কৰে যে কাষ্টিং হ'ল এটা ক্ৰমাগত বিকশিত সৃজনীশীল অনুশীলন, য'ত এখন ছবি আৰু চিত্ৰনাট্যৰ পৰা আনখনলৈ প্ৰয়োজনীয়তাসমূহ সলনি হৈ থাকে। কেতিয়াবা চৰিত্ৰটোৰ বাবে আন কোনো অধিক উপযুক্ত ব্যক্তিক বিচাৰি পালে শেষ মুহূৰ্ততো অভিনেতাসকলক সলনি কৰিবলগীয়া হয়। তেওঁ ব্যাখ্যা কৰে যে এনে সিদ্ধান্ত সৃজনীশীল প্ৰক্ৰিয়াৰ অংশ আৰু ছবিখনৰ প্ৰয়োজনীয়তাৰ দ্বাৰা পৰিচালিত হয়। ছাব্ৰাৰ বাবে কাষ্টিং কেৱল এটা বৃত্তিয়েই নহয়, বৰঞ্চ এটা জীৱনশৈলীও। তেওঁ কয়, "মোৰ বাবে কাষ্টিং কেৱল এটা চাকৰি নহয়। মই জীৱিকাৰ বাবে ইয়াক কৰোঁ, এয়াই হৈছে জীৱন। মোৰ লক্ষ্য হ'ল এই দেশলৈ অস্কাৰ কঢ়িয়াই অনা। মই মোৰ কাম সৎভাৱে কৰোঁ।"

"প্ৰত্যাখ্যান হৈছে যাত্ৰাৰে এটা অংশ"

নৱাগত অভিনেতাসকলৰ মাজত আটাইতকৈ গুৰুতৰ উদ্বেগসমূহৰ অন্যতম এটা বিষয়ত আলোকপাত কৰি ছাব্ৰাই প্ৰত্যাখ্যান আৰু স্থিতিস্থাপকতাৰ গুৰুত্ব সন্দৰ্ভত মুকলিকৈ কথা পাতে। তেওঁ কয়, "এয়া হৈছে আপোনালোকৰ জীৱনৰ এটা অংশ, আপোনালোকে ইয়াৰ সৈতে মোকাবিলা কৰিবই লাগিব। আমি মাত্ৰ এটা চৰিত্ৰৰ বাবে সঠিক প্ৰতিভা বিচাৰিব লাগে। যদি প্ৰত্যাখ্যাত হৈ আপোনালোক সদায় দুখী হৈয়ে থাকে, তেন্তে আপোনালোকে বহু সুযোগ হেৰুৱাব।"

নিজৰ অভিজ্ঞতাৰ পৰা উদাহৰণ দি তেওঁ প্ৰকাশ কৰে যে উদ্যোগটোত তেওঁৰ যাত্ৰা মুঠেও সহজ নাছিল। তেওঁ এজন সহকাৰী পৰিচালক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল, প্ৰাৰম্ভিক অৱস্থাত মূলতঃ কাষ্টিঙৰ কাম কৰিছিল, আৰু নিজকে প্ৰতিষ্ঠা কৰাত বছৰ বছৰ সময় ব্যয় কৰিছিল। তেওঁ স্মৰণ কৰে যে প্ৰাৰম্ভিক দিনবোৰত বহু পৰিচালকে তেওঁক প্ৰত্যাখ্যানো কৰিছিল, আৰু সেইসকল চলচ্চিত্ৰ নিৰ্মাতাৰ বহুতেই আজি তেওঁৰ সৈতে কাম কৰে বুলিও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে। তেওঁ শ্বেয়াৰ কৰে, "জীৱনত প্ৰতিগৰাকী ব্যক্তিয়েই সংগ্ৰাম কৰিব লাগে। মই মোৰ দুখৰ কাহিনী ক'বলৈ নিবিচাৰোঁ, কিন্তু মই সঁচাকৈয়ে  কঠিন সময় পাৰ কৰিছিলোঁ।"

"অভিনয়ৰ সৈতে বয়সৰ কোনো সম্পৰ্ক নাই, প্ৰতিভাই হৈছে একমাত্ৰ গুৰুত্বপূৰ্ণ বিষয়"

নৱাগত অভিনেতাসকলৰ প্ৰতি তেওঁৰ পৰামৰ্শ আছিল যে কেৰিয়াৰৰ গতিৰ বাবে হতাশ হৈ পৰাৰ পৰিৱৰ্তে ধৈৰ্যশীল, ইতিবাচক আৰু নিজৰ সাধনাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকক। তেওঁ কয়, "যদি আপুনি ভাবে যে আপুনি অভিনয় কৰিব পাৰে, তেন্তে কামটো কৰক। মাত্ৰ আগবাঢ়ি যাওক," আৰু লগতে কয় যে প্ৰতিভাৰ কোনো বয়সৰ সীমা নাই। "অভিনয়ৰ সৈতে বয়সৰ কোনো সম্পৰ্ক নাই, প্ৰতিভাই হৈছে একমাত্ৰ গুৰুত্ব দিবলগীয়া বিষয়।" তেওঁ ৪০, ৫০ আৰু ৬০ৰ ঘৰ গৰকা লোকসকলকো অভিনয়ৰ দিশত আগবাঢ়িবলৈ উৎসাহিত কৰে আৰু আঙুলিয়াই দিয়ে যে উদ্যোগটোত সকলো প্ৰজন্মৰ শিল্পীৰে প্ৰয়োজন থাকে।

এগৰাকী অভিনেতা কেনেকৈ স্বকীয় হৈ উঠে?

ছাব্ৰাৰ মতে, এটা চৰিত্ৰৰ বাবে সঠিক অভিনেতা চিনাক্ত কৰোঁতে কেৱল প্ৰতিভাই একমাত্ৰ বিবেচ্য বিষয় নহয়। ব্যক্তিত্ব, সততা, সৰলতা আৰু নিৰ্দেশনা গ্ৰহণ কৰাৰ সামৰ্থ্যও সমানেই গুৰুত্বপূৰ্ণ। তেওঁ কয়, "অভিনেতাগৰাকী নিৰ্দেশনা মানি চলিব পৰা বিধৰো হ'ব লাগিব। নিৰ্দেশনা মানি চলাটো গুৰুত্বপূৰ্ণ। সততা আৰু নিৰ্দেশ পালন কৰাটো গুৰুত্বপূৰ্ণ।" তেওঁ লগতে কয়, "যদি আপোনালোকে জীৱন আৰু মানৱীয় আৱেগ বুজি পায়, তেন্তে আপোনালোকে অভিনয়ো বুজি পায়।"

এটা চৰিত্ৰৰ বাবে অডিশ্যনত কেনেকৈ সফল হ'ব পাৰি?

অডিশ্যনলৈ যোৱা সকলো নৱাগত অভিনেতাকে ছাব্ৰাই পৰামৰ্শ দিয়ে যে তেওঁলোকে যাতে চৰিত্ৰটো আৰু ইয়াৰ পটভূমি ভালদৰে বুজি লয়। তেওঁ কয়, "আপোনালোকৰ মনত দৃশ্যটোৰ নক্সা তৈয়াৰ কৰাটো গুৰুত্বপূৰ্ণ। আমি অভিনেতাগৰাকীৰ বৌদ্ধিকতা বুজিবলৈ বিচাৰোঁ। অনুগ্ৰহ কৰি আপোনালোকেৰ হোমৱৰ্কত গুৰুত্ব দিব।"

‘ছেল্ফ-টেপ’ৰ ক্ষেত্ৰত ছাব্ৰাই পটভূমি পৰিষ্কাৰ আৰু অযথা বস্তুৰ পৰা মুক্ত ৰাখিবলৈ, অপ্ৰয়োজনীয় মেক-আপ পৰিহাৰ কৰিবলৈ আৰু অভিনয়টোৱেই যাতে মূল আকৰ্ষণ হৈ থাকে সেয়া নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে। অভিনেতাগৰাকীৰ সৈতে সংলাপ পঢ়ি থকা ব্যক্তিগৰাকীয়ে উপযুক্ত কিউ (cues) প্ৰদান কৰিব লাগে, আনহাতে ফ্ৰেমিঙ-ত চকু আৰু অভিব্যক্তি স্পষ্টভাৱে ধৰা পৰাকৈ এটা ক্ল'জ শ্বট অন্তৰ্ভুক্ত থাকিব লাগে।

তেওঁ লগতে যুৱ অভিনেতাসকলক ছ'চিয়েল মিডিয়াত নিৰন্তৰ স্বীকৃতি বিচৰাৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়ে। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে নিজৰ কলাক উন্নত কৰা, আত্মবিশ্বাস গঢ়ি তোলা আৰু অভিজ্ঞতা অৰ্জন কৰাত গুৰুত্ব দিব লাগে। তেওঁ কয় যে আত্মবিশ্বাস গঢ়ি তোলা আৰু অভিনয় দক্ষতা শানিত কৰাৰ বাবে থিয়েটাৰ হৈছে এখন উৎকৃষ্ট মঞ্চ। তেওঁ বিশেষভাৱে নৱাগত শিল্পীসকলক বয়স বা পূৰ্বৰ অভিজ্ঞতা নিৰ্বিশেষে থিয়েটাৰ গোটত যোগদান কৰিবলৈ আৰু মঞ্চ নাটকত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

তেওঁ নৱাগতা অভিনেতাসকলক নিজৰ শুদ্ধতা আৰু সততা বৰ্তাই ৰাখিবলৈ, শিকাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিবলৈ আৰু অধৈৰ্য বা তাৎক্ষণিক স্বীকৃতিৰ অনুসন্ধানক কেতিয়াও নিজৰ যাত্ৰাত বাধা হ'বলৈ নিদিবলৈ আহ্বান জনায়। তেওঁ কয়, "এই সকলোবোৰ হৈছে ধৈৰ্য আৰু ইতিবাচকতাৰ খেল। যদি ই আপোনালোকৰ বাবে নিৰ্ধাৰিত হৈ আছে, তেন্তে ই আপোনালোকৰ ওচৰলৈ আহিবই।" "স্বাভাৱিক আৰু সৰল হৈ থাকক"— এয়া হৈছে তেওঁ নৱাগত অভিনেতাসকলক দিয়া আন এটা মন্ত্ৰ।

তেওঁৰ এই মাষ্টাৰক্লাছ-এ এটা প্ৰভাৱশালী বাৰ্তা দাঙি ধৰে যে পর্দাৰ প্ৰতিটো স্মৰণীয় চৰিত্ৰৰ আঁৰত থাকে আৱিষ্কাৰ, প্ৰস্তুতি আৰু সহযোগিতাৰ কষ্টসাধ্য প্ৰক্ৰিয়া, আৰু প্ৰতিগৰাকী নৱাগত অভিনেতাৰ বাবে এই যাত্ৰা আৰম্ভ হয় মানুহক বুজি পোৱা, কলাক সন্মান কৰা আৰু সঠিক চৰিত্ৰটোৰ বাবে ধৈৰ্য ধৰি অপেক্ষা কৰাৰ জৰিয়তে।

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Sriyanka/ Darshana | IFFI 57 – 107/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2342329
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026