মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলৰ পটভূমিত নিৰ্মিত মাৰাঠী হাস্য-নাট্যধৰ্মী চলচ্চিত্ৰ ‘বাপ্যা’ত লিংগ পৰিচয়, পাৰিবাৰিক সম্পৰ্ক আৰু সামাজিক গ্ৰহণযোগ্যতাৰ বিষয়সমূহ ব্যক্তিগত পছন্দ আৰু পৰিৱৰ্তিত সামাজিক দৃষ্টিভংগীৰ এক অন্তৰংগ কাহিনীৰ জৰিয়তে উপস্থাপন কৰা হৈছে। ৫৭সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ৰ ভাৰতীয় পেনোৰামা শাখাৰ মূলসুঁতিৰ চলচ্চিত্ৰ বিভাগত ছবিখন প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। মহোৎসৱৰ পাৰ্শ্বৱৰ্তী কাৰ্যসূচী হিচাপে প্ৰেছ ইনফৰ্মেচন ব্যুৰোৱে (পিআইবি) আয়োজন কৰা এখন সংবাদমেলত ‘বাপ্যা’ ছবিখনৰ পৰিচালক তথা প্ৰযোজক সমীৰ তিৱাৰী আৰু অভিনেতা গিৰীশ কুলকাৰ্ণীয়ে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে।
_20261125145008_74c6fa.jpeg)
আৰম্ভণিতে সমীৰ তিৱাৰীয়ে কয় যে ছবিখনৰ উদ্দেশ্য সমাজক কোনো নীতিশিক্ষা দিয়া বা উপদেশ প্ৰদান কৰা নহয়। বৰং গ্ৰহণযোগ্যতা, পাৰস্পৰিক বুজাবুজি আৰু সম্পৰ্কৰ বিষয়ে এটা সাধাৰণ কাহিনী উপস্থাপন কৰাটোৱেই ছবিখনৰ মূল লক্ষ্য। তেওঁ কয়, “এয়া এনে এজন ব্যক্তিৰ কাহিনী, যিয়ে নিজৰ ইচ্ছামতে নিজকে গঢ়ি তুলিব বিচাৰে আৰু তেওঁৰ চৌপাশৰ মানুহে তেওঁক যেনেকুৱা, তেনেকৈয়ে গ্ৰহণ কৰে।”
মাৰাঠী ভাষাত ছবিখন নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ বিষয়ে ব্যাখ্যা কৰি তিৱাৰীয়ে কয় যে কোনো অভিনেতাক কেন্দ্ৰ কৰি কাহিনী প্ৰস্তুত কৰাৰ পৰিৱৰ্তে এক প্ৰকৃত আৰু বিশ্বাসযোগ্য চিত্ৰনাট্যৰ আধাৰত এখন সৎ চলচ্চিত্ৰ নিৰ্মাণ কৰাটোৱেই আছিল তেওঁৰ উদ্দেশ্য।
ছবিখনৰ নিৰ্মাণৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা স্মৰণ কৰি তিৱাৰীয়ে কয় যে প্ৰকল্পটোৰ বাবে আৰ্থিক সহযোগিতা লাভ কৰাটো যথেষ্ট কঠিন আছিল। চিত্ৰনাট্যৰ প্ৰশংসা কৰিলেও সম্ভাৱ্য বিনিয়োগকাৰীসকলে ছবিখনৰ বিষয়বস্তুক বিপদসংকুল বুলি বিবেচনা কৰিছিল। আনহাতে, বাপ্যা নামৰ মুখ্য চৰিত্ৰটোৰ বাবে উপযুক্ত অভিনেত্ৰী বিচাৰি উলিওৱাটোও আছিল আন এক ডাঙৰ প্ৰত্যাহ্বান। নিজৰ লিংগ পৰিচয়ৰ পৰা পৃথক চৰিত্ৰ এটাত অভিনয় কৰিবলৈ কেইবাগৰাকীও অভিনেত্ৰীয়ে দ্বিধাবোধ কৰিছিল। অৱশেষত অভিনেত্ৰী ৰাজশ্ৰী দেশপাণ্ডেই নিৰ্ভয়ে চৰিত্ৰটো গ্ৰহণ কৰি এক কঠিন সৃষ্টিশীল প্ৰত্যাহ্বান হিচাপে ইয়াক ৰূপায়ণ কৰাৰ বাবে তেওঁ বিশেষভাৱে কৃতিত্ব দিয়ে।
লিংগ সম্পৰ্কীয় ধাৰণাৰ পৰিৱৰ্তনৰ বিষয়ে মন্তব্য কৰি তিৱাৰীয়ে কয় যে সমাজ ক্ৰমান্বয়ে পুৰুষ আৰু মহিলাৰ মাজত থকা পৰম্পৰাগত পাৰ্থক্যৰ সীমাৰেখা মচি পেলোৱাৰ দিশে আগবাঢ়িছে। তেওঁৰ মতে, পোছাক-পৰিচ্ছদ, আচৰণ আৰু পৰিচয়ৰ ক্ষেত্ৰত ব্যক্তিৰ নিজস্ব পছন্দক লৈ কোনো ধৰণৰ বিচাৰ-বিবেচনা বা বৈষম্য কৰা উচিত নহয়। তেওঁ কয়, “প্ৰতিগৰাকী পুৰুষৰ ভিতৰত এগৰাকী নাৰী আৰু প্ৰতিগৰাকী নাৰীৰ ভিতৰত এজন পুৰুষ থাকে। এখন সমাজে যিমান দ্ৰুতগতিত প্ৰগতিৰ দিশে আগবাঢ়িব, লিংগৰ মাজৰ পাৰ্থক্যৰ সীমাৰেখাও সিমানেই অস্পষ্ট হৈ পৰিব।” কঠোৰ আৰু ৰক্ষণশীল সামাজিক ধাৰণাৰ পৰা ওলাই অহাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

অভিনেতা গিৰীশ কুলকাৰ্ণীয়ে প্ৰতিগৰাকী ব্যক্তিক মৰ্যাদা আৰু কোনো ধৰণৰ পূৰ্বধাৰণা নোহোৱাকৈ গ্ৰহণ কৰাৰ গুৰুত্বৰ কথা উল্লেখ কৰে। প্ৰকৃতিৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে মানুহে বিভিন্ন প্ৰজাতিৰ গছ-গছনিৰ ভিন্ন আকৃতি আৰু বৈশিষ্ট্যক লৈ কোনো বিচাৰ নকৰে। একেদৰে মানৱীয় সম্পৰ্কতো একে মনোভাৱ আৰু উদাৰতা প্ৰতিফলিত হোৱা উচিত।
সমাজ গঢ়াৰ ক্ষেত্ৰত শিল্পৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি কুলকাৰ্ণীয়ে কয় যে চলচ্চিত্ৰ আৰু অন্যান্য কলা-সংস্কৃতিৰ মাধ্যমসমূহে কেৱল সমসাময়িক বাস্তৱতাৰ প্ৰতিচ্ছবিয়েই দাঙি নধৰে, বৰং সামাজিক প্ৰগতিৰ পথো নিৰ্দেশ কৰে। তেওঁ লগতে কয় যে ‘বাপ্যা’ই সাংস্কৃতিক শিপা পৰিত্যাগ নকৰাকৈ পৰিৱৰ্তিত সময়ৰ প্ৰেক্ষাপটত পৰম্পৰাক নতুন ৰূপত ব্যাখ্যা কৰাৰ প্ৰয়াস কৰিছে। তেওঁ কয়, “আমি আমাৰ পৰম্পৰা পাহৰি যোৱা নাই; বৰং নতুন ধৰণে ব্যাখ্যা কৰি ইয়াক আগুৱাই নিছোঁ। নিজৰ শিপাক অধিক শক্তিশালী কৰাৰ লগতে আমি ভৱিষ্যতৰ কথাও চিন্তা কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াৰ পৰাই আমাৰ মাজত অপৰিসীম মৰমৰো সৃষ্টি হৈছে।”

কুলকাৰ্ণীয়ে লগতে গ্ৰহণযোগ্যতা আৰু প্ৰেমক ছবিখনৰ অন্তৰ্নিহিত মূলমন্ত্ৰ বুলি অভিহিত কৰে। তেওঁৰ মতে, ভাষা, পোছাক-পৰিচ্ছদ আৰু পৰিচয়ৰ ক্ষেত্ৰত থকা পাৰ্থক্যসমূহক আদৰি লোৱাটোৱেই হৈছে বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ভাৰতীয় বৈশিষ্ট্যৰ প্ৰকৃত শক্তি। ভাৰতৰ দাৰ্শনিক পৰম্পৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে গ্ৰহণযোগ্যতা আৰু কোনো পূৰ্বধাৰণা নোহোৱাকৈ বৰ্তমানক চোৱাৰ মানসিকতা ভাৰতীয় চিন্তাধাৰাৰ গভীৰতাত শিপাই আছে। তেওঁ কয়, “মোৰ অনুভৱ হয় যে মই ব্যক্তিগতভাৱেও নিজৰ ভিতৰত এই যাত্ৰাৰ অভিজ্ঞতা লাভ কৰিছোঁ। আৰু সেই অভিজ্ঞতাকেই আমি চলচ্চিত্ৰৰ পৰ্দাত তুলি ধৰিবলৈ সক্ষম হৈছোঁ।”
সাংস্কৃতিক আৰু বৌদ্ধিক মত বিনিময়ৰ মঞ্চ হিচাপে আইএফএফআইৰ গুৰুত্বৰ কথা উল্লেখ কৰি কুলকাৰ্ণীয়ে কয় যে এই মহোৎসৱে ভাৰত আৰু বিদেশৰ চলচ্চিত্ৰ নিৰ্মাতা তথা দৰ্শকসকলক একত্ৰিত কৰে। ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ চলচ্চিত্ৰ নিৰ্মাণৰ দৃষ্টিভংগীৰ সৈতে পৰিচিত হোৱাৰ লগতে অৰ্থপূৰ্ণ আলোচনা আৰু মত বিনিময়ৰ সুযোগ সৃষ্টি হয়।
উল্লেখ্য যে সংবাদমেলখনৰ আঁত ধৰে সুপ্ৰিয়া ঘায়তাড়াকে।
সম্পূৰ্ণ সংবাদমেলখন ইয়াত চাব পাৰিব।
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Bibin/ Darshana/DM | IFFI 57 - 092