57th International Film Festival of India 2026
20 – 28 Nov 2026

৫৪খন দেশৰ ২,২৮৮গৰাকী প্ৰতিনিধিৰ অংশগ্ৰহণেৰে ৱেভছ ফিল্ম বজাৰৰ ২০সংখ্যক সংস্কৰণ অনুষ্ঠিত

পোষ্ট কৰা হৈছে: 25 NOV 2026 8:41PMby PIB Guwahatiৰিলিজ আই ডি : 2341684Views: 9

ৱেভছ ফিল্ম বজাৰৰ ২০সংখ্যক সংস্কৰণত ৫৪খন দেশৰ মুঠ ২,২৮৮গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত ৪৭১গৰাকী ক্ৰেতাও আছিল।চলচ্চিত্ৰ নিৰ্মাতাসকলক একত্ৰিত কৰা, প্ৰতিভাৰ বিকাশ সাধন কৰা আৰু ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতৰ মাজত সংযোগ স্থাপনৰ দুটা দশক সম্পূৰ্ণ কৰি এইবাৰৰ আয়োজন বিশেষ তাৎপৰ্যপূৰ্ণ হৈ পৰে।

৫৭সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)ৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (এন এফ ডি চি) আয়োজন কৰা পাঁচদিনীয়া এই চলচ্চিত্ৰ ব্যৱসায়িক মঞ্চত ভাৰত আৰু চিলিৰ মাজত যৌথ প্ৰযোজনাৰ বাবে দুখন পত্ৰত স্বাক্ষৰ কৰা হয়।ইয়াৰ উপৰি ব্যৱসায়িক আলোচনাৰ অন্তত ১৪খন বুজাবুজিৰ চুক্তি আৰু অন্যান্য চুক্তি চূড়ান্ত কৰাৰ প্ৰক্ৰিয়া আগবাঢ়িছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-25at8.33.16PM_20261125204409_3b2805.jpeg

প্ৰেছ ইনফৰমেচন ব্যুৰো (পি আই বি)ৰ উদ্যোগত আয়োজিত এখন সংবাদমেলত এই আয়োজনৰ মুখ্য সফলতাসমূহৰ বিষয়ে অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাতে কয় যে সহ-প্ৰযোজনা বজাৰত প্ৰায় ২২০খন পূৰ্বনিৰ্ধাৰিত ব্যক্তিগত ব্যৱসায়িক বৈঠক অনুষ্ঠিত হয়।

সংবাদমেলত আই এফ এফ আইৰ মহোৎসৱ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকৰ, এন এফ ডি চিৰ পৰিচালন সঞ্চালক শ্ৰী ধীৰাজ সিং আৰু ৱেভছ ফিল্ম বজাৰৰ বিশেষ কৰ্তব্যৰত বিষয়া শ্ৰী শ্ৰীৰাগ এমেও অংশগ্ৰহণ কৰে।

২০সংখ্যক সংস্কৰণৰ উল্লেখযোগ্য দিশসমূহ

সহ-প্ৰযোজনা বজাৰ

এইবাৰৰ সহ-প্ৰযোজনা বজাৰত ৮খন দেশ আৰু ১৬টা ভাষাক প্ৰতিনিধিত্ব কৰা ২৫টা চলচ্চিত্ৰ প্ৰকল্পই অংশগ্ৰহণ কৰে।

ইয়াৰ ভিতৰত ১৩টা ভাৰতীয় ভাষাৰ প্ৰকল্প আছিল।

প্ৰায় ২২০খন পূৰ্বনিৰ্ধাৰিত ব্যক্তিগত বৈঠকৰ লগতে অতিৰিক্ত ব্যৱসায়িক আলোচনাও অনুষ্ঠিত হয়।

নিৰ্বাচিত পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ প্ৰকল্পসমূহৰ ভিতৰত অন্যতম ‘হুৰ্দা’ (দ্যাট টাইট গ্ৰীণ টপ)ৰ প্ৰযোজক হিচাপে খান এণ্ড কুমাৰ মিডিয়াই অংশীদাৰিত্ব গ্ৰহণ কৰে।

ভাৰত-চিলিৰ যৌথ প্ৰযোজনাৰ বাবে দুখন আগ্ৰহ-পত্ৰত স্বাক্ষৰ কৰা হয়।

প্ৰকল্পৰ বিকাশ আৰু উদ্যোগৰ সুযোগ

ৱেভছ ফিল্ম বজাৰে সহ-প্ৰযোজনা বজাৰ, চিত্ৰনাট্যকাৰৰ পৰীক্ষাগাৰ, নিৰ্মাণাধীন চলচ্চিত্ৰৰ পৰীক্ষাগাৰ আৰু চলচ্চিত্ৰ প্ৰদৰ্শন কক্ষৰ জৰিয়তে বিকাশৰ বিভিন্ন পৰ্যায়ত থকা চলচ্চিত্ৰ প্ৰকল্পসমূহক সহায় আগবঢ়ায়।

চলচ্চিত্ৰ প্ৰদৰ্শন কক্ষত মুঠ ১৭০টা প্ৰকল্পৰ পঞ্জীয়ন কৰা হয়।

প্ৰায় ১০০ ঘণ্টাজুৰি ৬০৮গৰাকী দৰ্শকে ১৫৫খন চলচ্চিত্ৰ উপভোগ কৰে।

এই প্ৰকল্পসমূহে ১১খন দেশ আৰু বিভিন্ন ভাষাক প্ৰতিনিধিত্ব কৰিছিল।

বাংগালুৰু আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱে চলচ্চিত্ৰ প্ৰদৰ্শন কক্ষৰ পৰা চাৰিখন চুটি চলচ্চিত্ৰ নিৰ্বাচন কৰি নিজৰ মহোৎসৱৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনা কৰিব।

আনহাতে, পেনোৰামা ষ্টুডিঅ’ই প্ৰেক্ষাগৃহত প্ৰদৰ্শন, বিমানযাত্ৰাৰ সময়ত মনোৰঞ্জন আৰু অন্যান্য অ-প্ৰেক্ষাগৃহভিত্তিক প্ৰদৰ্শনৰ অধিকাৰৰ বাবে বিভিন্ন প্ৰকল্প বিবেচনা কৰি আছে।

নিৰ্মাণৰত চলচ্চিত্ৰৰ পৰীক্ষাগাৰ শাখাত লাভ কৰা ৫৩টা প্ৰস্তাৱৰ মাজৰ পৰা পাঁচটা প্ৰকল্প নিৰ্বাচন কৰা হয়।

প্ৰতিটো প্ৰকল্পক উদ্যোগৰ অভিজ্ঞ পৰামৰ্শদাতাসকলৰ পৰা তিনিটাকৈ পৰামৰ্শমূলক অধিৱেশন প্ৰদান কৰা হয়।

চিত্ৰনাট্যকাৰৰ পৰীক্ষাগাৰত সঞ্চিতা সিনহাৰ নিৰ্বাচিত প্ৰকল্প ‘দ্য জাপানীজ ৱাইফ’ৰ বাবে চলচ্চিত্ৰ নিৰ্মাতা সন্তোষ সিং আৰু ছুপাৰ জিৰ’ ফিল্মছে পৰিচালক আৰু সহ-প্ৰযোজক হিচাপে অংশীদাৰিত্ব গ্ৰহণ কৰে।

ইয়াৰ সৈতে ট্ৰেভেলিন ব’ন এণ্টাৰটেইনমেণ্টো জড়িত হয়।

বঁটা আৰু পেছাদাৰী সহায়

ৱেভছ ফিল্ম বজাৰে নগদ অনুদান, বিতৰণৰ সুযোগ, ফেল’শ্বিপ, অভিনেতা-অভিনেত্ৰী নিৰ্বাচনৰ সেৱা আৰু চলচ্চিত্ৰৰ নিৰ্মাণ-পৰৱৰ্তী কামৰ সহায়ৰ জৰিয়তে বিভিন্ন প্ৰকল্পক আৰ্থিক আৰু পেছাদাৰী সহযোগিতা আগবঢ়ায়।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-25at8.33.17PM_20261125204650_097372.jpeg

এন এফ ডি চিৰ নগদ অনুদান:

- গৰিমা পুৰাৰ পৰিচালনাত নিৰ্মিত ‘ন’জ ব’ন’ চলচ্চিত্ৰখনে ১০,০০০ মাৰ্কিন ডলাৰৰ অনুদান লাভ কৰে।

- ৰিধাম জানভেৰ পৰিচালনাত নিৰ্মিত ‘গুডবাই মিষ্টাৰ ডি’মেলো’ আৰু শ্ৰীময়ী সিঙৰ পৰিচালনাত নিৰ্মিত ‘ফায়াৰফ্লাৱাৰ্ছ’ চলচ্চিত্ৰ দুখনে প্ৰত্যেকেই ৫,০০০ মাৰ্কিন ডলাৰকৈ লাভ কৰে।

ৰিবৰ্ণ ইণ্ডিয়া ফিল্ম নগদ অনুদান:

কুশল কিশোৰ আৰু কুশাগ্ৰ কিশোৰৰ পৰিচালনাত নিৰ্মিত ‘এণ্ড অন দ্যাট ডে…’ চলচ্চিত্ৰখনে এক লাখ টকাৰ অনুদান লাভ কৰে।

মুকেশ ছাব্ৰা কাষ্টিং বঁটা:

‘গুডবাই মিষ্টাৰ ডি’মেলো’ চলচ্চিত্ৰখনৰ বাবে বিনামূলীয়া অভিনেতা-অভিনেত্ৰী নিৰ্বাচন সেৱা আগবঢ়োৱা হয়।

প্ৰসাদ কৰ্প’ৰেশ্যন বঁটা:

আদিত্য ভেম্পাটিৰ পৰিচালনাত নিৰ্মিত ‘নাধি’ চলচ্চিত্ৰখনে এই বঁটা লাভ কৰে।

মাইকা ক্ৰিয়েটিভ ফেল’শ্বিপ:

অজিত ভেলায়ুধনৰ পৰিচালনাত নিৰ্মিত ‘আট্টুমালি’ (বাই দ্য ৰিভাৰ) চলচ্চিত্ৰখনে এই ফেল’শ্বিপ লাভ কৰে।

মুভিবাফ বঁটা:

‘আৰাম নগৰ’, ‘কাৰেং’ আৰু ‘চকাচৌন্ধ’ চলচ্চিত্ৰকেইখনে এই বঁটা লাভ কৰে।

ৰিবৰ্ণ ইণ্ডিয়া ফিল্ম বিতৰণ বঁটা:

মনিষ ছাইনীৰ পৰিচালনাত নিৰ্মিত ‘ভাই বান্ধ’ (ৱান টু থ্ৰী মাইক চেক) চলচ্চিত্ৰখনে এই বঁটা লাভ কৰে।

নিৰ্মাণাধীন চলচ্চিত্ৰৰ পৰীক্ষাগাৰৰ বঁটাসমূহ:

- ‘দ্য গাৰ্ডেন অৱ আছ’ৱে প্ৰসাদ কৰ্প’ৰেশ্যনৰ নিৰ্মাণ-পৰৱৰ্তী বঁটা লাভ কৰে।

- ‘ফেমিলি মেটাৰ’, ‘সজা’ (দ্য ব্লেকষ্ট’ন ৰেচিঅ’) আৰু ‘হোৱেৰ হেজ দ্য ৰিভাৰ গন’ চলচ্চিত্ৰকেইখনে বিশেষ প্ৰশংসা লাভ কৰে।

- ‘আট্টুমালি’ (বাই দ্য ৰিভাৰ) চলচ্চিত্ৰখনে নুব ষ্টুডিঅ’ৰ নিৰ্মাণ-পৰৱৰ্তী বঁটা লাভ কৰে।

- ‘দ্য গাৰ্ডেন অৱ আছ’ৱে আই আই চি টিৰ নিৰ্মাণাধীন চলচ্চিত্ৰৰ পৰীক্ষাগাৰৰ বঁটা লাভ কৰে।

পেভিলিয়ন, প্ৰযুক্তি আৰু নতুন উদ্যোগ

এইবাৰৰ চলচ্চিত্ৰ বজাৰত ১২টা ৰাজ্যিক পেভিলিয়ন আৰু চাৰিটা দেশৰ পেভিলিয়ন স্থাপন কৰা হয়।

ৰাছিয়াই সহযোগী দেশ হিচাপে অংশগ্ৰহণ কৰে।

চলচ্চিত্ৰ ব্যৱসায়িক মঞ্চখনত ২২টা বিপণীও স্থাপন কৰা হৈছিল।

প্ৰযুক্তি শাখাত নেটফ্লিক্স আৰু ডলফিন এ আইৰ দৰে প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে।

ডলফিন এ আয়ে এই ব্যৱসায়িক মঞ্চতে নিজৰ ‘এ আই ষ্টুডিঅ’’ মুকলি কৰে।

ৱেভএক্স ষ্টাৰ্টআপ প্ৰদৰ্শনীত সংবাদ মাধ্যম, মনোৰঞ্জন আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰা ১০টা নতুন উদ্যোগে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ পিছত সংগ্ৰহ কৰা মতামতৰ ভিত্তিত অংশগ্ৰহণকাৰী নতুন উদ্যোগসমূহে মুঠ ২৯৯খনতকৈও অধিক বৈঠক অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে।

 

ইয়াৰ উপৰি ছটা নতুন উদ্যোগৰ মাজত ১৪টা ব্যৱসায়িক চুক্তি আৰু বুজাবুজিৰ চুক্তি সম্পন্ন হয়, যাৰ ভিতৰত এখন বুজাবুজিৰ চুক্তিও আছে।

জ্ঞানমূলক আলোচনা শৃংখলা

২১ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত জ্ঞানমূলক আলোচনা শৃংখলাত মুঠ ২৫টা আলোচনা অধিৱেশন অনুষ্ঠিত হয়।

 

এই অধিৱেশনসমূহত ভাৰত আৰু বিদেশৰ প্ৰায় ১২৭গৰাকী আলোচক আৰু ১৭গৰাকী সঞ্চালকে অংশগ্ৰহণ কৰে।

 

নেটফ্লিক্স ইণ্ডিয়া, প্ৰাইম ভিডিঅ’ আৰু আমাজন এম জি এম ষ্টুডিঅ’ৰ দৰে আগশাৰীৰ উদ্যোগৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে।

 

অনুষ্ঠিত হোৱা আলোচনাসমূহত তলত উল্লেখ কৰা বিষয়সমূহে বিশেষ স্থান লাভ কৰে—

- ভাৰতীয় কাহিনী আৰু সেইবোৰৰ বিশ্বজনীন বৌদ্ধিক সম্পত্তিলৈ ৰূপান্তৰৰ ক্ৰমবিকাশ।

- ডিজিটেল সম্প্ৰচাৰৰ ধাৰা আৰু পৰিৱৰ্তিত মনোৰঞ্জন জগত।

- স্বাধীন চলচ্চিত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় যৌথ প্ৰযোজনা।

- চলচ্চিত্ৰৰ বিত্তীয় ব্যৱস্থা আৰু আঞ্চলিক চলচ্চিত্ৰ নিৰ্মাণৰ পৰিৱেশ।

- এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং, কমিকছ, সম্প্ৰসাৰিত বাস্তৱতা (এভিজিচি-এক্সআৰ), কৃত্ৰিম বুদ্ধিমত্তা আৰু উদীয়মান প্ৰযুক্তি।

- সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডত ভৱিষ্যতৰ সৃষ্টিশীল দক্ষতা আৰু কৰ্মসংস্থাপনৰ সুযোগ।

এই আলোচনা অধিৱেশনসমূহত চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, প্ৰযোজক, অ’টিটি প্ৰতিষ্ঠানৰ কাৰ্যবাহী বিষয়া, চলচ্চিত্ৰ মহোৎসৱৰ কাৰ্যসূচী নিৰ্ধাৰক, বিতৰক, নীতিনিৰ্ধাৰক, বিনিয়োগকাৰী আৰু প্ৰযুক্তি বিশেষজ্ঞসকল একত্ৰিত হয়।

চলচ্চিত্ৰ ব্যৱসায়িক মঞ্চখনৰ প্ৰভাৱ তাৎক্ষণিকভাৱে নহয়, বৰঞ্চ সময়ৰ সৈতে স্পষ্ট হৈ পৰিব বুলি মন্তব্য কৰি শ্ৰী প্ৰভাতে কয়, “এই পাৰস্পৰিক যোগাযোগ, ইমানবোৰ ব্যৱসায়িক বৈঠক আৰু প্ৰাণৱন্ত আলোচনাৰ ফলাফল হয়তো অহা বছৰ, তাৰ পিছৰ বছৰ অথবা আগন্তুক তিনি-চাৰি বছৰৰ ভিতৰত দেখিবলৈ পোৱা যাব।”

আই এফ এফ আইৰ মহোৎসৱ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকৰে উদীয়মান প্ৰযুক্তিক আদৰি লোৱাৰ লগতে মানৱীয় সৃষ্টিশীলতা আৰু আৱেগৰ গুৰুত্ব অক্ষুণ্ণ ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ কৃত্ৰিম বুদ্ধিমত্তাক চলচ্চিত্ৰ নিৰ্মাতাসকলক সহায় কৰিব পৰা এক সঁজুলি হিচাপে অভিহিত কৰে যদিও ইয়াৰ দ্বাৰা মানৱীয় হস্তক্ষেপৰ বিকল্প সৃষ্টি কৰিব নোৱাৰি বুলি স্পষ্ট কৰি দিয়ে।

তেওঁ লগতে কয় যে প্ৰযুক্তিৰ উন্নতিয়ে চলচ্চিত্ৰৰ প্ৰকাশভংগীৰ নতুন নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব যদিও বিষয়বস্তুৰ ওপৰত আধাৰিত চলচ্চিত্ৰৰ গুৰুত্ব ইয়াৰ ফলত হ্ৰাস নাপায়।

ৱেভছ ফিল্ম বজাৰৰ বিশেষ কৰ্তব্যৰত বিষয়া শ্ৰী শ্ৰীৰাগ এমে ভাৰতীয় স্বাধীন চলচ্চিত্ৰ জগতলৈ এই মঞ্চখনে আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰে।

এই সন্দৰ্ভত তেওঁ ‘আট্টাম’, ‘বুম’ আৰু ‘আংঘ’ৰ দৰে চলচ্চিত্ৰৰ উদাহৰণ দাঙি ধৰে।

তেওঁ কয় যে ৱেভছ ফিল্ম বজাৰৰ পৰা সহায় লাভ কৰা এই চলচ্চিত্ৰসমূহে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

শ্ৰী ছাইয়িদ ৰবীহাশ্মিয়ে সংবাদমেলখন পৰিচালনা কৰে।

 

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rabeehashmi/ Supriya/ Bibin/ Darshana/DM | IFFI 57 - 100


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2341684
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026