উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

শ্ৰী গুৰু নানক দেৱৰ প্ৰকাশ পুৰবত উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণৰ গুৰুদ্বাৰা ৰকাব গঞ্জ চাহিব পৰিদৰ্শন

পোষ্ট কৰা হৈছে: 24 NOV 2026 11:39AM by PIB Guwahati

শ্ৰী গুৰু নানক দেৱৰ পবিত্ৰ প্ৰকাশ পুৰবৰ পৱিত্ৰ উপলক্ষত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীৰ গুৰুদ্বাৰা ৰকাব গঞ্জ চাহিবত উপস্থিত হৈ প্ৰাৰ্থনা কৰে। তেওঁ শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰতি শ্ৰদ্ধাৰ চিন হিচাপে ৰুমালা চাহিবো অৰ্পণ কৰে।

উপ-ৰাষ্ট্ৰপতিয়ে এই শুভ উপলক্ষত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

তেওঁৰ বাৰ্তাত উপ-ৰাষ্ট্ৰপতিয়ে কয়:

 “শ্ৰী গুৰু নানক দেৱৰ পৱিত্ৰ প্ৰকাশ পুৰবৰ উপলক্ষত মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

শ্ৰী গুৰু নানক দেৱৰ কালজয়ী শিক্ষা - সত্য, সমতা, কৰুণা, নিঃস্বাৰ্থ সেৱা আৰু সাৰ্বজনীন ভাতৃত্ববোধে মানৱতাক আলোকিত কৰি অহাৰ লগতে শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ ওপৰত প্ৰতিষ্ঠিত সমাজ গঢ়িবলৈ আমাক অনুপ্ৰাণিত কৰি আহিছে।

তেওঁৰ ‘কিৰত কৰো, বন্দ ছাকো আৰু নাম জপো’ বাৰ্তাই আমাক ধাৰ্মিকতা, মৰ্যাদা আৰু মানৱতাৰ সেৱাৰ জীৱনৰ দিশে পথ প্ৰদৰ্শন কৰক।”

এই উপলক্ষত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী তৰণজিৎ সিং সান্ধু, দিল্লীৰ মন্ত্ৰী শ্ৰী মনজিন্দৰ সিং ছিৰছা আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

 

PR/ASM/VM/DD


(ৰিলিজ আই ডি : 2341012) অতিথি কক্ষ : 5