আজি গোৱাত চলি থকা ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি)ৰ মিডিয়া চেণ্টাৰত আৰবী ভাষাৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘দ্য ব্লেক ছী’ৰ নিৰ্মাতাসকলে সংবাদ মাধ্যমক সম্বোধন কৰে। নৱাগত পৰিচালক আলাদিন মোস্তাফা, প্ৰযোজক হামদী ছামেহ আৰু ছবিখনৰ সম্পাদক তথা কাৰ্যবাহী প্ৰযোজক মোতাজ নাশ্বিয়ে সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি ছবিখনৰ সৃষ্টিৰ আঁৰৰ কাহিনী, ইয়াৰ সাৰ্বজনীন প্ৰাসংগিকতা আৰু সুচিন্তিত সম্পাদনা শৈলীৰ বিষয়ে অৱগত কৰে।
ছবিখনৰ আঁৰৰ অনুপ্ৰেৰণা আৰু নিজৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ বাবে এই বিষয়বস্তু নিৰ্বাচন কৰাৰ সন্দৰ্ভত পৰিচালক আলাদিন মোস্তাফাই ইফিত ছবিখন উপস্থাপন কৰিবলৈ পাই আৰু আৰব সংস্কৃতিৰ এটা কাহিনী আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ আহিবলৈ পাই আনন্দ প্ৰকাশ কৰে। ছবিখনৰ মূল বিষয়বস্তুৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি তেওঁ কয় যে মানুহে যিকোনো মূল্যৰ বিনিময়ত নিজৰ লক্ষ্যত উপনীত হ'বলৈ যাওঁতে অনিয়ন্ত্ৰিত বাসনাই কেনেদৰে ভয়াৱহ ৰূপ ল'ব পাৰে, ছবিখনে সেই দিশটোকে উন্মোচন কৰিছে। নিজৰ উচ্চাকাংক্ষা পূৰণৰ বাবে মানুহে চৰম পন্থা অৱলম্বন কৰোঁতে কি পৰ্যায়লৈ যাব পাৰে, ছবিখনে সেই প্ৰশ্নই উত্থাপন কৰিছে।
মহোৎসৱত এখন ইজিপ্তৰ ছবি ভাৰতীয় তথা বিশ্ববাসী দৰ্শকৰ মাজলৈ লৈ অহাৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত প্ৰযোজক হামদী ছামেহে কাহিনীটোৰ আন্তঃসাংস্কৃতিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে যদিও ‘দ্য ব্লেক ছী’ আৰবী ভাষাত নিৰ্মিত এখন ইজিপ্তৰ ছবি, ই কোনো নিৰ্দিষ্ট সংস্কৃতি বা ভৌগোলিক সীমাৰ মাজত আৱদ্ধ নহয়। তেওঁ কয়, "ই বিভিন্ন দেশৰ মানুহৰ মাজত থকা এক উমৈহতীয়া অনুভূতিৰ কথা কয়। পৃথিৱীৰ সকলো ঠাইৰে মানুহে একেধৰণৰ মৌলিক বাসনা অনুভৱ কৰে, যাৰ বাবে ছবিখনে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিছে।"
ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থকা আৰু এটা ৰহস্যময় মনস্তাত্ত্বিক এপৰ মাজত সোমাই পৰা কেইটামান চৰিত্ৰক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবিখনৰ কাৰিকৰী আৰু কথন শৈলীৰ বিষয়ে নিজৰ দৃষ্টিভংগী শ্বেয়াৰ কৰি সম্পাদক তথা কাৰ্যবাহী প্ৰযোজক মোতাজ নাশ্বিয়ে উত্তেজনা আৰু আৱদ্ধতাৰ অনুভূতি প্ৰকাশ কৰিবলৈ ছবিখনৰ ছন্দ আৰু গতিৰ ব্যৱহাৰৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ছবিখনৰ গভীৰ ধাৰণাবোৰ সকলো শ্ৰেণীৰ দৰ্শকৰ ওচৰলৈ ফলপ্ৰসূভাৱে লৈ যোৱাটোৱেই আছিল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। সেয়েহে খৰতকীয়া কাটছৰ আশ্ৰয় লোৱাৰ পৰিৱৰ্তে দলটোৱে সচেতনভাৱে এটা ধীৰ আৰু সুচিন্তিত গতি গ্ৰহণ কৰিছিল, যাতে দৰ্শকে চৰিত্ৰবোৰৰ অভিজ্ঞতাৰ সৈতে একাত্ম হ’ব পাৰে আৰু নিৰ্মাতাসকলে দিব বিচৰা মূল বাৰ্তাটো অনুভৱ কৰিব পাৰে।
মহোৎসৱৰ আয়োজকসকল আৰু ভাৰতীয় দৰ্শকৰ উষ্ম আদৰণিৰ বাবে ছবিখনৰ নিৰ্মাতাসকলে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগে লগে সংবাদমেলখনৰ সামৰণি পৰে। এক আৱেগিক গতি আৰু চিন্তাশীল বিষয়বস্তুৰে সমৃদ্ধ ‘দ্য ব্লেক ছী’য়ে ৫৭ সংখ্যক ইফিৰ দৰ্শকসকলক এক অনন্য চিনেমেটিক অভিজ্ঞতা প্ৰদান কৰিছে, যিয়ে আঞ্চলিক কাহিনীক বিশ্বজনীন মানৱীয় সত্যৰ সৈতে সংযুক্ত কৰিছে। সংবাদমেলখন সঞ্চালনা কৰে শ্ৰীমতী সৃষ্টি সুৰেশ কুলিয়ে।
ইজিপ্তৰ সংস্কৃতিৰ শিপাৰ সৈতে জড়িত হৈও বিভিন্ন সমাজত প্ৰতিধ্বনিত হোৱা বিষয়বস্তুক সামৰি লোৱা ‘দ্য ব্লেক ছী’য়ে ইফি ২০২৬-ৰ মূল বিষয়বস্তু ‘সীমাহীন কাহিনী’ৰ মূল ভাৱধাৰাক প্ৰতিফলিত কৰিছে। মানৱীয় বাসনাৰ সাৰ্বজনীন অন্বেষণ আৰু কাহিনী কোৱাৰ সুকীয়া শৈলীৰ জৰিয়তে ছবিখনে চিনেমাই কেনেদৰে ভাষা আৰু সংস্কৃতিৰ সীমা অতিক্ৰম কৰি উমৈহতীয়া মানৱীয় অভিজ্ঞতাৰ মাজেৰে দৰ্শকক একত্ৰিত কৰে, তাকেই প্ৰতিপন্ন কৰিছে।
ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
_20261124131658_3331de.jpeg)



PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Mohammad Aqib Khan/ Darshana | IFFI 57 - 079