57th International Film Festival of India 2026
20 – 28 Nov 2026

৫৭ সংখ্যক ইফিত মাৰাঠী ছবি 'আদি অনন্ত'ই প্ৰজন্মৰ মাজৰ সম্পৰ্ক, প্ৰেম আৰু শুশ্ৰূষাৰ বাস্তৱতাৰ সন্ধান কৰিছে

পোষ্ট কৰা হৈছে: 24 NOV 2026 2:21PMby PIB Guwahatiৰিলিজ আই ডি : 2340929Views: 3

গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)ৰ সময়ত প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি)ৰ দ্বাৰা আয়োজিত এক সংবাদমেলত চলচ্চিত্ৰ নিৰ্মাতা মহেশ লিমায়েই ইণ্ডিয়ান পেনোৰামা শাখাত প্ৰদৰ্শিত তেওঁৰ মাৰাঠী পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘আদি অনন্ত’ নিৰ্মাণৰ সৃষ্টিশীল যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰে।

১৩৭ মিনিট দৈৰ্ঘ্যৰ ছবিখনে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰি থকা এজন যুৱ অভিনেতা আদিত্য আৰু তেওঁৰ প্ৰাণৱন্ত ককাক অনন্ত ৰাওৰ মাজৰ আন্তৰিক সম্পৰ্কৰ কাহিনী বৰ্ণনা কৰিছে। ছবিখনত আদিত্য আৰু অনন্ত ৰাওৰ চৰিত্ৰত ক্ৰমে সংকৰ্ষণ কৰ্হাড়ে আৰু বিশিষ্ট প্ৰবীণ অভিনেতা অশোক সৰাফে অভিনয় কৰিছে। উল্লেখ্য যে সৰাফক অলপতে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে।

সংবাদ মাধ্যমক সম্বোধন কৰি লিমায়েই ব্যাখ্যা কৰে যে দুয়োটা চৰিত্ৰই আৰ্থিক আৰু ব্যক্তিগত প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়ি যাওঁতে মৰম, হাস্যৰসপূৰ্ণ কথা-বতৰা আৰু পাৰস্পৰিক সহযোগিতাৰ মাজেৰে কেনেকৈ কাহিনীটো আগবাঢ়িছে। এটা দুৰ্ঘটনাত অনন্ত ৰাও শয্যাশায়ী হৈ পৰাৰ লগে লগে তেওঁলোকৰ সম্পৰ্কই এক কঠিন মোৰ লয়, যাৰ ফলত আদিত্যই নিজৰ অভিনয়ৰ উচ্চাকাংক্ষাৰ লগতে ককাকৰ শুশ্ৰূষাৰ দায়িত্বও পালন কৰিবলগীয়া হয়। মানসিক চাপ আৰু হতাশাই তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলিবলৈ আৰম্ভ কৰাৰ লগে লগে ছবিখনে পাৰিবাৰিক দায়িত্ববোধ, শুশ্ৰূষাৰ প্ৰায়ে উপেক্ষিত বাস্তৱতা আৰু সমসাময়িক জীৱনত সফলতাৰ প্ৰকৃত অৰ্থৰ সন্ধান কৰিছে।

অভিনেতা তথা লেখক সংকৰ্ষণ কৰ্হাড়েই প্ৰথমবাৰৰ বাবে চিত্ৰনাট্যখন শুনোৱাৰ সময়ত কেনেকৈ গভীৰভাৱে আৱেগিক হৈ পৰিছিল, সেই কথা স্মৰণ কৰি লিমায়েই কয় যে ই তেওঁৰ পিতৃৰ শেষ দিনকেইটাত কৰা শুশ্ৰূষাৰ স্মৃতি সজীৱ কৰি তুলিছিল। তেওঁ কয় যে যদিও ছবিখন মাৰাঠী পটভূমিত নিৰ্মিত, ইয়াৰ আৱেগিক গাভীৰ্যই ভাষাৰ সীমা অতিক্ৰম কৰি সমগ্ৰ ভাৰত তথা বিদেশৰ পৰিয়ালসমূহৰ উমৈহতীয়া অভিজ্ঞতাক প্ৰতিফলিত কৰিছে।

ছবিখনৰ সংগীত আৰু দলীয় সহযোগিতাৰ বিষয়ে উল্লেখ কৰি লিমায়েই জানিবলৈ দিয়ে যে ‘আদি অনন্ত’ত ধ্ৰুপদী কণ্ঠশিল্পী ৰাহুল দেশপাণ্ডেৰ কণ্ঠত এটি ভক্তিমূলক ভজন আছে, য'ত পৰ্দাত অশোক সৰাফে তবলা বজোৱা দেখা গৈছে। তেওঁ সৰাফৰ নম্ৰতা আৰু নিষ্ঠাৰ প্ৰশংসা কৰি কয় যে এইগৰাকী প্ৰবীণ অভিনেতাই এজন নৱাগত অভিনেতাৰ দৰে মুকলি মনেৰে এই জটিল আৰু অচিনাকি চৰিত্ৰটোক গ্ৰহণ কৰিছিল। সৰাফ আৰু কৰ্হাড়েৰ মাজৰ পাৰস্পৰিক শ্ৰদ্ধাই পৰ্দাত তেওঁলোকৰ সম্পৰ্কটোক এক সহজ ছন্দ প্ৰদান কৰিছে বুলিও তেওঁ লগতে কয়।

‘আদি অনন্ত’ শিৰোনামটোৱে ‘আদি’ অৰ্থাৎ আৰম্ভণি আৰু ‘অনন্ত’ অৰ্থাৎ চিৰন্তনৰ মাজৰ বৈপৰীত্যক ধৰি ৰাখিছে, যিয়ে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ থকা সম্পৰ্কৰ অন্বেষণক প্ৰতিফলিত কৰে।

মুম্বাইৰ জে. জে. স্কুল অৱ আৰ্টৰ প্ৰাক্তন ছাত্ৰ মহেশ লিমায়ে এগৰাকী চিনেমেটোগ্ৰাফাৰ তথা পৰিচালক। পৰিচালক হিচাপে তেওঁৰ প্ৰথমখন ছবি ‘ইয়েল্লো’ই তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘জগ্গু আনি জুলিয়েটে’ সাতটা মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। পৰিচালক হিচাপে ‘আদি অনন্ত’ হৈছে তেওঁৰ তৃতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি।

সংবাদমেলখন সঞ্চালনা কৰে শিৱৰাজ গংগৱালে।

ইফিলইড ইয়াত পঢ়ক:https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

PIB IFFI Team | Rabeehashmi/ Supriya/ Sasmita/ Darshana | IFFI 57 - 080


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340929
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026