সৃজনীশীল প্ৰযুক্তি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত ভাৰত-জাপানৰ সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং, কমিক্স আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এভিজিচি-এক্সআৰ)ৰ ভাৰতীয় ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ— ‘ইণ্ডিয়ান ইনষ্টিটিউট অব্ ক্ৰিয়েটিভ টেকন’লজীজ’ (আইআইচিটি)-এ ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি) ২০২৬-ত ৱাকম ইণ্ডিয়াৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।
ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে পেছাদাৰী সঁজুলি আৰু উদ্যোগ জগতৰ সৈতে জড়িত প্ৰশিক্ষণৰ সুবিধা সম্প্ৰসাৰণ কৰাই হৈছে এই অংশীদাৰিত্বৰ মূল লক্ষ্য। এই চুক্তিৰ অধীনত আইআইচিটি-ৰ তিনিটা দুবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম— এনিমেচন ফিল্ম ডিজাইন, ইণ্টাৰেক্টিভ ভিডিঅ’ গেম ডিজাইন এণ্ড ডেভেলপমেণ্ট, আৰু প’ষ্ট প্ৰডাকচন এণ্ড ভিএফএক্স-ৰ মুঠ ১৮ গৰাকী শিক্ষাৰ্থীয়ে ৫০% টিউচন জলপানি লাভ কৰাৰ লগতে বহিঃৰাজ্যৰ যোগ্য শিক্ষাৰ্থীসকলে থকাৰ ক্ষেত্ৰতো আৰ্থিক সাহায্য লাভ কৰিব।
এই সহযোগিতাৰ জৰিয়তে ২০২৭ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত ১০ খন ৱাকম-ব্ৰেণ্ডেড সৃজনীশীল প্ৰতিযোগিতা আৰু জাপানী তথা ভাৰতীয় শিল্পী-বিশেষজ্ঞসকলৰ নেতৃত্বত মাংগা, এনিমে আৰু অন্যান্য সৃজনীশীল বিষয়সমূহৰ ওপৰত ত্ৰিমাসিক মাষ্টাৰক্লাছ অনুষ্ঠিত কৰি শিক্ষাৰ্থীসকলক সুসংগঠিত মেণ্টৰশ্বিপ আৰু বিশ্বমানৰ অভিজ্ঞতা প্ৰদান কৰা হ’ব। শিক্ষাৰ্থীসকলক উদ্যোগ জগতৰ বাবে উপযোগী প’ৰ্টফলিঅ’ নিৰ্মাণত সহায় কৰিবলৈ ডিজিটেল ইলাষ্ট্ৰেচন, কনচেপ্ট আৰ্ট, কেৰেক্টাৰ ডিজাইন, এনিমেচন আৰু গেম আৰ্টক সামৰি দুয়োটা প্ৰতিষ্ঠানে যুটীয়াভাৱে এক গোলকীয় শিক্ষাৰ্থী প’ৰ্টফলিঅ’ প্ৰদৰ্শনীও গঢ়ি তুলিব। ইয়াৰ উপৰিও পাৰস্পৰিকভাৱে সন্মত কাৰ্যকৰীকৰণ পৰিকল্পনাৰ ভিত্তিত ৱাকম টেবলেট পেকেজিং আৰু ইয়াৰ ‘পিক্সেল পাৰ্চ’ ক্ৰিয়েটৰ প্লেটফৰ্মত আইআইচিটি-ক অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থাও এই চুক্তিত ৰখা হৈছে।
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি আইআইচিটি-ৰ প্ৰতিষ্ঠাপক সঞ্চালক ড° আশীষ কুলকাৰ্ণীয়ে কয় যে ভাৰতৰ সৃজনীশীল অৰ্থনীতিৰ বিকাশৰ বাবে যুৱ সৃষ্টিকৰ্তাসকলক গোলকীয় পৰিৱেশতন্ত্ৰৰ সৈতে সংযোগ কৰাটো অতি প্ৰয়োজনীয়। তেওঁ উল্লেখ কৰে যে এই অংশীদাৰিত্বই এনিমেচন, মাংগা আৰু গেমিঙৰ ক্ষেত্ৰত জাপানৰ দক্ষতাৰ সৈতে ভাৰতৰ বৈচিত্ৰ্যময় কাহিনী কোৱাৰ ঐতিহ্যক একত্ৰিত কৰিছে, যাৰ ফলত শিক্ষাৰ্থীসকলে বিশ্বৰ দৰ্শকৰ বাবে মৌলিক বৌদ্ধিক সম্পত্তি সৃষ্টি কৰিবলৈ সক্ষম হ’ব।
আইআইচিটিৰ মুখ্য কাৰ্যবাহী বিষয়া ড° বিশ্বাস দেওস্কাৰে এভিজিচি-এক্সআৰ খণ্ডত নিয়োগযোগ্যতা বৃদ্ধিৰ ক্ষেত্ৰত ব্যৱহাৰিক অভিজ্ঞতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে প্ৰতিযোগিতা, মাষ্টাৰক্লাছ, পেছাদাৰী সঁজুলি আৰু প’ৰ্টফলিঅ’ বিকাশে শিক্ষাৰ্থীসকলক বাস্তৱ ক্ষেত্ৰৰ প্ৰকল্পসমূহত কাম কৰিবলৈ আৰু উদ্যোগ জগতৰ বাবে তেওঁলোকৰ প্ৰস্তুতি প্ৰদৰ্শন কৰিবলৈ সহায় কৰিব।
ৱাকমৰ ক্ৰিয়েটিভ এক্সপেৰিয়েঞ্চ ইউনিটৰ গোলকীয় মুৰব্বী কোজি য়ানোৱে এনিমেচন, মাংগা, গেমিং আৰু ডিজিটেল কণ্টেণ্টৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ মাজত সৃজনীশীল সহযোগিতা আৰু জ্ঞান বিনিময়ৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ডিজিটেল ইংককে ধৰি ৱাকমৰ প্ৰযুক্তিসমূহে যুৱ ভাৰতীয় সৃষ্টিকৰ্তাসকলক সহযোগিতা আগবঢ়াবলৈ আৰু গোলকীয় সৃজনীশীল অংশীদাৰিত্বত অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰি তুলিব।
আইআইচিটি-ৰ বিষয়ে: এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং, কমিক্স আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এভিজিচি-এক্সআৰ)ৰ ভাৰতীয় ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ— ‘ইণ্ডিয়ান ইনষ্টিটিউট অব্ ক্ৰিয়েটিভ টেকন’লজীজ’ (আইআইচিটি) ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, মহাৰাষ্ট্ৰ চৰকাৰ, ফিকি আৰু চিআইআই-ৰ সহযোগত স্থাপন কৰা হৈছিল। ২০২৫ চনৰ জুলাই মাহত মুম্বাইৰ এনএফডিচি কমপ্লেক্সত ইয়াৰ প্ৰথমটো চৌহদৰ কাম-কাজ আৰম্ভ হৈছিল আৰু বৰ্তমান ফিল্ম চিটিত ইয়াৰ এক স্থায়ী চৌহদ নিৰ্মাণ কৰি থকা হৈছে। আইআইচিটি-য়ে বৰ্তমান ১৮ টা পাঠ্যক্ৰম আগবঢ়াইছে আৰু আগশাৰীৰ গোলকীয় প্ৰযুক্তি তথা সংবাদ মাধ্যমৰ কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছে।


ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team | Rabeehashmi/ Supriya/ Sasmita/ Darshana | IFFI 57 - 071