57th International Film Festival of India 2026
20 – 28 Nov 2026

ৱেভছ বাজাৰৰ জৰিয়তে মৌলিক বিষয়বস্তু আৱিষ্কাৰৰ বাবে এনএফডিচি আৰু চনী পিকচাৰ্ছ নেটৱৰ্কছ ইণ্ডিয়াৰ অংশীদাৰিত্ব

ৱেভছ বাজাৰ × এছপিএনআই কণ্টেণ্ট ক্ৰিয়েটৰ ছাবমিছন ইনিছিয়েটিভৰ জৰিয়তে পাঁচটা ভাষাত মৌলিক কাহিনীমূলক ফিকচন আৰু নন-ফিকচন ধাৰণাক আমন্ত্ৰণ জনোৱা হৈছে

পোষ্ট কৰা হৈছে: 22 NOV 2026 1:50PMby PIB Guwahatiৰিলিজ আই ডি : 2339950Views: 3

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি) আৰু চনী পিকচাৰ্ছ নেটৱৰ্কছ ইণ্ডিয়াই (এছপিএনআই) আজি গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (ইফি) 'ৱেভছ বাজাৰ × এছপিএনআই কণ্টেণ্ট ক্ৰিয়েটৰ ছাবমিছন ইনিছিয়েটিভ' মুকলি কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তিপত্ৰত (এমঅ’ইউ) স্বাক্ষৰ কৰে।

এই পদক্ষেপে সমগ্ৰ ভাৰতৰ লেখক, নিৰ্মাতা আৰু প্ৰযোজনা গোষ্ঠীসমূহক হিন্দী, ইংৰাজী, তামিল, তেলেগু আৰু বাংলা ভাষাত মৌলিক ফিকচন আৰু নন-ফিকচন ধাৰণা এছপিএনআইৰ ওচৰত উপস্থাপন কৰাৰ এক সোণালী সুযোগ প্ৰদান কৰিব।

কাহিনীমূলক ধাৰাবাহিক, প্ৰিমিয়াম টিভি+ কণ্টেণ্ট, ৰিয়েলিটি শ্ব’, খেল আৰু প্ৰতিযোগিতামূলক ফৰ্মেট, প্ৰতিভাভিত্তিক অনুষ্ঠান আৰু অন্যান্য অ-লিখিত ধাৰণাকে ধৰি বিভিন্ন ফৰ্মেটত প্ৰস্তাৱসমূহ আমন্ত্ৰণ জনোৱা হৈছে। নিৰ্বাচিত আবেদনকাৰীসকলক বিবেচনা আৰু পৰৱৰ্তী বিকাশৰ বাবে এছপিএনআইৰ সন্মুখত তেওঁলোকৰ ধাৰণাসমূহ উপস্থাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ব।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত এনএফডিচিৰ উদ্যোগ মঞ্চ 'ৱেভছ বাজাৰে' সৃষ্টিশীল প্ৰতিভাসমূহক ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন ক্ষেত্ৰখনৰ অংশীদাৰসকলৰ সৈতে সংযোগ কৰে। এই সহযোগিতাৰ মূল লক্ষ্য হৈছে বিশেষকৈ আঞ্চলিক বজাৰসমূহৰ পৰা মৌলিক কাহিনী কোৱাৰ সুযোগ সম্প্ৰসাৰণ কৰা আৰু বৈচিত্ৰময় কণ্ঠ তথা দৃষ্টিভংগীক বৃহত্তৰ দৰ্শকৰ মাজলৈ লৈ যোৱা।

বুজাবুজিৰ চুক্তিপত্ৰ স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি এনএফডিচিৰ অধ্যক্ষ জি কৃষ্ণকুমাৰে কয়, “ইফি হৈছে চলচ্চিত্ৰ আৰু ইয়াক সম্ভৱ কৰি তোলা লোকসকলৰ এক উদযাপন। ই বিশ্বৰ বিভিন্ন প্ৰান্তৰ কাহিনী, সংস্কৃতি আৰু সৃষ্টিশীল কণ্ঠক একত্ৰিত কৰে। চলচ্চিত্ৰ আৰু কণ্ঠৰ এই বৈচিত্ৰ্যই এই সংস্কৰণটোক বিশেষ কৰি তুলিছে। ষ্ট’ৰীজ উইদাউট বৰ্ডাৰ্ছ শীৰ্ষক বিষয়বস্তুৱে চলচ্চিত্ৰৰ মূল আত্মাক অতি সুন্দৰভাৱে প্ৰতিফলিত কৰিছে।”

এনএফডিচিৰ পৰিচালন সঞ্চালক ধীৰাজ সিঙে কয়, “ৱেভছ বাজাৰে সৃষ্টিশীল প্ৰতিভা আৰু উদ্যোগটোৰ মাজত অৰ্থপূৰ্ণ সংযোগ গঢ়ি তোলাৰ কাম অব্যাহত ৰাখিছে। চনী পিকচাৰ্ছ নেটৱৰ্কছ ইণ্ডিয়াৰ সৈতে হোৱা এই সহযোগিতাই লেখক, নিৰ্মাতা আৰু প্ৰযোজনা গোষ্ঠীসমূহৰ বাবে বিভিন্ন ভাষা আৰু ফৰ্মেটত মৌলিক ধাৰণা উপস্থাপন কৰাৰ নতুন পথ মুকলি কৰিব।”

চনী পিকচাৰ্ছ নেটৱৰ্কছ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ বেনাৰ্জীয়ে কয়, “সমগ্ৰ দেশতে অপৰিসীম সৃষ্টিশীল প্ৰতিভা আছে, যিসকলৰ ওচৰত এনে কিছুমান ধাৰণা আছে যিবোৰে হয়তো সদায় প্ৰতিষ্ঠিত মঞ্চসমূহলৈ বাট বিচাৰি নাপায়। ৱেভছ বাজাৰৰ জৰিয়তে এনএফডিচিৰ সৈতে আমাৰ এই অংশীদাৰিত্ব হৈছে লেখক আৰু নিৰ্মাতাসকলক বিভিন্ন ভাষা আৰু ফৰ্মেটত তেওঁলোকৰ মৌলিক ধাৰণাসমূহ আমাৰ ওচৰলৈ লৈ অহাৰ অধিক সুযোগ সৃষ্টি কৰাৰ এক পদক্ষেপ। আমি দৰ্শকৰ বাবে নতুন দৃষ্টিভংগী আৰু আকৰ্ষণীয় ধাৰণা আৱিষ্কাৰ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছো।”

এনএফডিচিয়ে ৱেভছ বাজাৰ পৰ্টেলৰ (https://wavesbazaar.com) জৰিয়তে আৱেদনসমূহ পৰিচালনা কৰিব আৰু পাৰস্পৰিক সন্মতি সাপেক্ষে নিৰ্ধাৰিত মাপকাঠীৰ ভিত্তিত প্ৰস্তাৱসমূহৰ প্ৰাথমিক তালিকা প্ৰস্তুত কৰিব। নিৰ্বাচিত আবেদনকাৰীসকলক এছপিএনআইৰ ওচৰত তেওঁলোকৰ ধাৰণাসমূহ উপস্থাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ব।

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

PIB IFFI Team | Rajith /Supriya / Darshana | IFFI 57 - 057


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339950
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026