57th International Film Festival of India 2026
20 – 28 Nov 2026

ষ্ট’ৰিজ উইদাউট বৰ্ডাৰছ (Stories Without Borders), এইবাৰ মুদ্ৰিত আৰু ডিজিটেল ৰূপত: ৫৭ সংখ্যক আইএফএফআই (IFFI) উপলক্ষে পুনৰ প্ৰকাশ ইফিলইড (IFFILOID)

মহোৎসৱৰ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকৰে পিআইবি (PIB)ৰ দৈনিক মহোৎসৱ-বাৰ্তাৰ পঞ্চম খণ্ডৰ প্ৰথম সংখ্যা উন্মোচন কৰে।

মহোৎসৱৰ বিশেষ আকৰ্ষণ, চলচ্চিত্ৰ সম্পৰ্কীয় আলোচনা আৰু অন্তৰালৰ বিভিন্ন স্মৰণীয় মুহূৰ্তৰ প্ৰতিফলন ঘটিব এই বাৰ্তাত।

পোষ্ট কৰা হৈছে: 20 NOV 2026 12:53PMby PIB Guwahatiৰিলিজ আই ডি : 2339084Views: 11

গোৱাত ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) আৰম্ভ হোৱাৰ সময়তে মহোৎসৱৰ সঞ্চালক তথা প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী আশুতোষ গোৱাৰিকৰে আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (PIB)ৰ দ্বাৰা প্ৰকাশিত দৈনিক মহোৎসৱ-বাৰ্তা ইফিলইড (IFFILOID)-ৰ পঞ্চম খণ্ডৰ প্ৰথম সংখ্যা উন্মোচন কৰে।

আইএফএফআই (IFFI)ৰ এই নতুন সংস্কৰণৰ সৈতে পুনৰ প্ৰকাশিত ইফিলইড (IFFILOID)-এ পাঠকসকলক চলচ্চিত্ৰৰ এক প্ৰাণৱন্ত জগতৰ সৈতে পৰিচয় কৰাই দিব। চলচ্চিত্ৰ, চলচ্চিত্ৰ নিৰ্মাতা, বিভিন্ন আলোচনা আৰু মহোৎসৱৰ স্মৰণীয় মুহূৰ্তসমূহক একত্ৰিত কৰি এই মহোৎসৱ-বাৰ্তাই কাহিনী কোৱাৰ কলা উদযাপনৰ এক বিশেষ অভিজ্ঞতা প্ৰদান কৰিব।

এই মহোৎসৱ-বাৰ্তাত মহোৎসৱৰ বিশেষ আকৰ্ষণ, আকৰ্ষণীয় লেখা, আলোকচিত্ৰ, বিভিন্ন কাৰ্যসূচী তথা  সময়সূচী আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ শেহতীয়া খবৰ প্ৰকাশ পাব। চলচ্চিত্ৰৰ বিশেষ প্ৰদৰ্শনী আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে মত-বিনিময়ৰ পৰা আৰম্ভ কৰি চলচ্চিত্ৰ প্ৰদৰ্শন আৰু মহোৎসৱৰ অন্যান্য কাৰ্যকলাপলৈকে, এই বাৰ্তাত মহোৎসৱৰ সমগ্ৰ সময়ছোৱাৰ বিভিন্ন অভিজ্ঞতাৰ প্ৰতিফলন ঘটিব।

৫৭ সংখ্যক আইএফএফআই (IFFI)ৰ ‘ষ্ট’ৰিজ উইদাউট বৰ্ডাৰছ (Stories Without Borders)’  শীৰ্ষক মূল বিষয়বস্তুৰ সৈতে সংগতি ৰাখি এই মহোৎসৱ-বাৰ্তাই মানুহ, সংস্কৃতি আৰু দৃষ্টিভংগীৰ মাজত সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ শক্তিক উদযাপন কৰিব। মহোৎসৱৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ স্থানসমূহৰ পৰিসৰৰ বাহিৰলৈও ইয়াৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এই বাৰ্তাই চলচ্চিত্ৰপ্ৰেমী আৰু পাঠকসকলক আইএফএফআই (IFFI)ৰ শেহতীয়া খবৰ আৰু ঘটনাপ্ৰৱাহৰ সৈতে সংযুক্ত হৈ থকাৰ সুযোগ প্ৰদান কৰিব।

২০ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ মহোৎসৱৰ প্ৰতিটো দিনতে প্ৰকাশ পাবলগীয়া ইফিলইড (IFFILOID)-এ সহজে বুজিব পৰা আৰু দৃষ্টিনন্দন ৰূপত মহোৎসৱৰ শেহতীয়া খবৰ আৰু বিশেষ আকৰ্ষণসমূহ উপস্থাপন কৰি আইএফএফআই (IFFI) সম্পৰ্কে পিআইবি (PIB)ৰ আনুষ্ঠানিক সংবাদ পৰিৱেশনক পৰিপূৰক হিচাপে সমৃদ্ধ কৰিব।

ইফিলইড (IFFILOID)ৰ প্ৰথম সংখ্যাটো পিআইবি (PIB)ৰ আইএফএফআই (IFFI)ৰ আনুষ্ঠানিক প’ৰ্টেলত উপলব্ধ । আগ্ৰহী পাঠকসকলে এই মহোৎসৱ-বাৰ্তা পঢ়াৰ লগতে মহোৎসৱৰ সমগ্ৰ সময়ছোৱাত প্ৰকাশ পাবলগীয়া পৰৱৰ্তী সংখ্যাসমূহো পঢ়িব পাৰিব।

ইয়াত পঢ়ক ইফিলইড (IFFILOID): https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

* * *

PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Praveen Kumar/ Darshana Rane | IFFI 57 - 037

 


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339084
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026