পোষ্ট কৰা হৈছে:
15 NOV 2026 6:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।প্ৰবন্ধটোত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়সমূহৰ (EMRS) ক্ৰমবিকাশ আৰু গুণগত শিক্ষাৰ লগতে সামগ্ৰিক বিকাশৰ জৰিয়তে জনজাতীয় শিশুসকলৰ বাবে নতুন নতুন সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত এই বিদ্যালয়সমূহে পালন কৰা ভূমিকাৰ বিষয়ে আলোকপাত কৰা হৈছে।ইয়াত বিশেষকৈ শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভেটি শক্তিশালী কৰাৰ বাবে পৰিপূৰক পাঠ্যক্ৰম, দ্বিভাষিক শিক্ষাদান পদ্ধতি, প্ৰযুক্তি-সক্ষম শ্ৰেণীকোঠা, ক্ৰীড়া আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে।ইয়াৰ লগতে এই বিদ্যালয়সমূহৰ পৰা শিক্ষা গ্ৰহণ কৰি শিক্ষাৰ্থীসকলে আই আই টি, এইমছ আৰু অন্যান্য আগশাৰীৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা সফলতাৰ বিষয়েও আলোকপাত কৰা হৈছে।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত কৰা পোষ্টটোত কয়—“একলব্য আদৰ্শ আৱাসিক বিদ্যালয়সমূহে গুণগত শিক্ষাৰ জৰিয়তে জনজাতীয় শিশুসকলৰ বাবে নতুন নতুন সুযোগ সৃষ্টি কৰিছে।জনজাতীয় গৌৰৱ দিৱস উপলক্ষ্যে মাননীয় উপ-ৰাষ্ট্ৰপতি থিৰু চি পি ৰাধাকৃষ্ণণে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়সমূহৰ ক্ৰমবিকাশ আৰু জনজাতীয় শিক্ষাৰ্থীসকলক গুণগত শিক্ষা তথা সামগ্ৰিক বিকাশৰ সুযোগ প্ৰদানৰ ক্ষেত্ৰত এই বিদ্যালয়সমূহৰ ভূমিকাৰ বিষয়ে এটা প্ৰবন্ধ লিখিছে।তেওঁ শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভেটি শক্তিশালী কৰাৰ বাবে পৰিপূৰক পাঠ্যক্ৰম, দ্বিভাষিক শিক্ষাদান, প্ৰযুক্তি-সক্ষম শ্ৰেণীকোঠা, ক্ৰীড়া আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ দৰে পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰিছে।লগতে এই বিদ্যালয়সমূহৰ পৰা শিক্ষা গ্ৰহণ কৰি বৰ্তমান আই আই টি, এইমছ আৰু অন্যান্য আগশাৰীৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকলৰ সফলতাৰ বিষয়েও উল্লেখ কৰিছে।
নিশ্চয়কৈ পঢ়িবলগীয়া এটা প্ৰবন্ধ!”
****
MJPS/SS/PRK/DM