‘ভাৰতৰ ৫৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ (আই এফ এফ আই)ত উত্তৰ-পূব ভাৰতৰ বৈচিত্ৰ্যময় সংস্কৃতি, প্ৰভাৱশালী কাহিনী আৰু সুকীয়া চলচ্চিত্ৰীয় কণ্ঠস্বৰে বিশিষ্ট স্থান লাভ কৰিব, য’ত অঞ্চলটোৰ চাৰিখন ছবিক সন্মানীয় ভাৰতীয় পেনোৰামা শিতানৰ বাবে নিৰ্বাচিত কৰা হৈছে। ২০২৬ চনৰ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’বলগীয়া আইএফএফআই-য়ে উত্তৰ-পূৰ্বাঞ্চলৰ দুখন পূৰ্ণ দৈৰ্ঘ্যৰ বৈশিষ্ট্যপূৰ্ণ ছবি আৰু দুখন নন-ফিচাৰ ছবি প্ৰদৰ্শন কৰি দৰ্শকক অঞ্চলটোৰ থলুৱা ঐতিহ্য, সামাজিক পৰিৱৰ্তন আৰু দৈনন্দিন জীৱনৰ আভাস প্ৰদান কৰিব।
বৈশিষ্ট্যপূৰ্ণ ছবি নিৰ্বাচনত আগবাঢ়ি আছে ‘উৰুম’ (ভাৱনা), যিয়ে ‘আইএফএফআই ইণ্ডিয়ান পেনোৰামা’-ৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমখন নিছি ভাষাৰ ছবি হিচাপে এক ঐতিহাসিক মাইলৰ খুঁটি চিহ্নিত কৰিছে। দুয়ু টাব্যোৰ পৰিচালনাত অৰুণাচল প্ৰদেশৰ এই মনঃস্তাত্বিক থ্ৰিলাৰখনৰ এই উৎসৱত বিশ্ব প্ৰিমিয়াৰ হোৱাৰ কথা। অৰুণাচল প্ৰদেশৰ এখন দুৰ্গম পাহাৰীয়া গাঁৱৰ প্ৰেক্ষাপটত নিৰ্মিত এই ছবিখনে নিজৰ কণমানি কন্যাক হেৰুৱাৰ পিছত দৰ্শন আৰু অপৰাধবোধে খেদি ফুৰা এগৰাকী পিতৃৰ কাহিনীৰ জৰিয়তে থলুৱা স্মৃতি, অপঘাত আৰু গোপন সত্যৰ সন্ধান কৰিছে।

উৰুম-ৰ সৈতে ইয়াৰ ৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে পূৰ্ণদৈৰ্ঘ্যৰ বৈশিষ্ট্যপূৰ্ণ ছবিৰ শাৰীত যোগদান কৰিছে অভিনেত্ৰী-পৰিচালিকা তথা নাট্যশিল্পী অন্তৰা জি.জি. চৌধুৰীৰ সূৰ্যমুখী-য়ে। নগৰীয়া পটভূমিত নিৰ্মিত এই ছবিখনে দুগৰাকী যুৱ সহকৰ্মী পুষ্পল আৰু প্ৰাৰ্থনাক অনুসৰণ কৰিছে, যাৰ প্ৰাৰম্ভিক প্ৰতিদ্বন্দ্বিতাই ক্ৰমশঃ বন্ধুত্ব আৰু ৰোমাঞ্চৰ ঠাই লয়। কিন্তু হেৰুৱা ধনৰ মোনা এটা উদ্ধাৰে তেওঁলোকৰ পছন্দ আৰু সম্পৰ্কৰ পৰীক্ষা লোৱাৰ লগতে এলানি অনাহূত নৈতিক দ্বিধা-দ্বন্দ্বৰ সৃষ্টি কৰে।

ভাৰতীয় পেনোৰামা-ই নন-ফিচাৰ ফিল্ম শিতানত অসম আৰু মিজোৰামৰ দুটা সুকীয়া কাহিনী লৈ আহিছে। বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা আইমী বৰুৱাই ৰচনা আৰু পৰিচালনা কৰা ৩০ মিনিটৰ অসমীয়া তথ্যচিত্ৰ ‘ৰেড কাৰ্পেট’-ত পৰম্পৰাগত হস্ততাঁত বয়নশিল্পৰ যুগমীয়া উত্তৰাধিকাৰিত্বক উদযাপন কৰা হৈছে। অসমৰ কাৰ্বি আংলং পাহাৰৰ প্ৰেক্ষাপটত যুগুতোৱা এই ছবিখনত ডংকামোকাম গাঁৱৰ এগৰাকী কাৰ্বি শিপিনীৰ কান-ৰ ৰেড কাৰ্পেট-লৈ হোৱা অসাধাৰণ যাত্ৰাৰ দৃশ্য অনুসৰণ কৰা হৈছে। তেওঁৰ কাহিনীৰ জৰিয়তে তথ্যচিত্ৰখনে থলুৱা শিপিনীসকলৰ সহনশীলতা, কাৰ্বি বয়ন পৰম্পৰাৰ সমৃদ্ধি আৰু পূৰ্বপুৰুষৰ শিল্পকৰ্ম সংৰক্ষণৰ গুৰুত্বত আলোকপাত কৰিছে।

আনখন নন-ফিচাৰ ছবিৰ নিৰ্বাচন হৈছে ‘চলো ইণ্ডিয়া মিজোৰাম - উইথ এৰিক জি’, ৰাজদ্বীপ চৌধুৰীৰ পৰিচালনাত ৪৮ মিনিটৰ ইংৰাজী তথ্যচিত্ৰ। ব্ৰিটিছ সংসদৰ প্ৰাক্তন সদস্য তথা ইতিহাসৰ শিক্ষক এৰিক অলেৰেনশ্ব’ অ’ বি ইয়ে মিজোৰামৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ অন্বেষণ কৰাৰ সময়ক ছবিখনে অনুসৰণ কৰিছে। ই ৰাজ্যখনৰ উচ্চ সাক্ষৰতাৰ স্তৰ, নাগৰিক অনুশাসন আৰু প্ৰাণৱন্ত ফুটবল সংস্কৃতিক প্ৰত্যক্ষ কৰাৰ বাবে এক খিৰিকী প্ৰদান কৰাৰ লগতে ব্যৱসায়, শিক্ষা আৰু সম্প্ৰদায়ৰ নেতৃত্বত মিজো মহিলাসকলৰ উল্লেখযোগ্য অৱদানতো আলোকপাত কৰে।
* * *
PIB IFFI Team | Rajith Chandran/ Lekshmi Priya S S/ Bibin S Nath/ Darshana Rane/KB