কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৫-২৬ বৰ্ষত ভাৰতৰ উদ্যানশস্যৰ উৎপাদনে ৩৮.৬৯ কোটি টনৰ অভিলেখ স্পৰ্শ কৰাৰ সম্ভাৱনা: তৃতীয় অগ্ৰিম আনুমানিক হিচাপ প্ৰকাশ শিৱৰাজ সিং চৌহানৰ

উদ্যানশস্যৰ খেতি কৰা মাটিৰ পৰিমাণ হ্ৰাস পোৱাৰ পাছতো উৎপাদন ৪.৩৬ শতাংশ বৃদ্ধিৰ সম্ভাৱনা; ফল-মূল, শাক-পাচলি, ফুল আৰু ৰোপণ শস্যৰ উৎপাদনত উল্লেখনীয় বৃদ্ধি

আলুৰ উৎপাদন প্ৰায় ১২ শতাংশ বৃদ্ধিৰ সম্ভাৱনা, সামগ্ৰিক উদ্যানশস্যৰ উৎপাদন ১.৬১৭ কোটি টন বৃদ্ধিৰ আশা

ফল-মূল, শাক-পাচলি, মছলা আৰু অধিক মূল্যসম্পন্ন শস্যৰ খেতিৰ প্ৰতি কৃষকৰ আগ্ৰহ বৃদ্ধিয়ে নতুন সুযোগৰ সৃষ্টি কৰিছেঃ শিৱৰাজ সিং চৌহান

পোষ্ট কৰা হৈছে: 17 NOV 2026 12:25PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি ২০২৫-২৬ বৰ্ষৰ উদ্যানশস্যৰ খেতিৰ মাটিকালি আৰু উৎপাদনৰ তৃতীয় অগ্ৰিম আনুমানিক হিচাপ প্ৰকাশ কৰে। এই হিচাপে দেশৰ কৃষকসকলৰ বাবে আশাব্যঞ্জক খবৰ কঢ়িয়াই আনিছে। শেহতীয়া হিচাপ অনুসৰি, ২০২৫-২৬ বৰ্ষত ভাৰতৰ মুঠ উদ্যানশস্যৰ উৎপাদন ৩,৮৬৯.১৫ লাখ টন হোৱাৰ সম্ভাৱনা আছে। ২০২৪-২৫ বৰ্ষত উৎপাদিত ৩,৭০৭.৩৮ লাখ টনৰ তুলনাত এয়া ১৬১.৭৭ লাখ টন অথবা ৪.৩৬ শতাংশ অধিক।

 

উৎপাদন বৃদ্ধিৰ এই সম্ভাৱনাত সন্তুষ্টি প্ৰকাশ কৰি শ্ৰী চৌহানে কয় যে উদ্যানশস্যৰ উৎপাদনৰ এই উল্লেখনীয় বৃদ্ধিয়ে ভাৰতৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰমৰ লগতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে গ্ৰহণ কৰা কৃষক-অনুকূল নীতিৰ প্ৰভাৱক প্ৰতিফলিত কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে উৎপাদনৰ এই অভিলেখে দেশৰ পুষ্টি সুৰক্ষা শক্তিশালী কৰাৰ লগতে উদ্যানশস্যৰ খেতিয়কসকলৰ আয় বৃদ্ধিতো পোনপটীয়াকৈ অৰিহণা যোগাব। তেওঁ দেশৰ কৃষকসকলৰ প্ৰচেষ্টাৰ শলাগ লৈ কয় যে এই বৃদ্ধি কৃষক সমাজৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰতিফলন।

 

শ্ৰী চৌহানে উল্লেখ কৰে যে ভাৰতীয় কৃষিক্ষেত্ৰত উল্লেখযোগ্য আৰু আশাব্যঞ্জক বৈচিত্ৰ্যকৰণ ঘটিছে। কৃষকসকলে পৰম্পৰাগত শস্যৰ খেতিৰ পৰিসৰ অতিক্ৰম কৰি ক্ৰমান্বয়ে ফল-মূল, শাক-পাচলি, ফুল, মছলা, কাজু, নাৰিকল আৰু কোকোৰ দৰে ৰোপণ শস্যৰ লগতে সুগন্ধি আৰু ঔষধি উদ্ভিদৰ খেতিৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। বাণিজ্যিক আৰু অধিক মূল্যসম্পন্ন শস্যৰ খেতিৰ প্ৰতি এই বৰ্ধিত আগ্ৰহে কৃষকসকলৰ উপাৰ্জনৰ নতুন পথ মুকলি কৰাৰ লগতে কৃষিক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু বিকাশৰ নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।

 

মন্ত্ৰীগৰাকীৰ মতে, শেহতীয়া আনুমানিক হিচাপৰ অন্যতম উল্লেখযোগ্য দিশ হৈছে উদ্যানশস্যৰ খেতিৰ মাটিকালি হ্ৰাস পোৱাৰ পাছতো উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনা। ২০২৫-২৬ বৰ্ষত উদ্যানশস্যৰ মুঠ খেতিমাটি প্ৰায় ২৯৭.২১ লাখ হেক্টৰ হোৱাৰ বিপৰীতে ২০২৪-২৫ বৰ্ষত এই পৰিমাণ আছিল ৩০১.৩৬ লাখ হেক্টৰ। খেতি মাটিৰ পৰিমাণ হ্ৰাস পোৱাৰ পাছতো ফল-মূল, শাক-পাচলি, ফুল, ৰোপণ শস্য আৰু সুগন্ধি তথা ঔষধি উদ্ভিদৰ উৎপাদন বৃদ্ধিৰ সম্ভাৱনা প্ৰকাশ পাইছে।

 

কৃষি আৰু কৃষক কল্যাণ দপ্তৰে ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল আৰু অন্যান্য চৰকাৰী সংস্থাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত প্ৰকাশ কৰা এই আনুমানিক হিচাপত উদ্যানশস্য খণ্ডৰ নিৰন্তৰ বিকাশ আৰু উৎপাদনশীলতাৰ উন্নতিৰ ছবি প্ৰতিফলিত হৈছে।

 

ফল-মূলৰ উৎপাদন ৪.৬০ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

 

২০২৪-২৫ বৰ্ষৰ ১,১৭৬.৪৯ লাখ টনৰ পৰা ২০২৫-২৬ বৰ্ষত ফল-মূলৰ উৎপাদন ১,২৩০.৬৬ লাখ টনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এয়া ৫৪.১৮ লাখ টন বা ৪.৬০ শতাংশ বৃদ্ধি। কল, আম, অমিতা, আপেল, ডালিম আৰু কঠালৰ উৎপাদন বৃদ্ধিয়ে এই উন্নত উৎপাদনত মুখ্য ভূমিকা লোৱাৰ সম্ভাৱনা আছে।

 

শাক-পাচলিৰ উৎপাদন ২,২৭২.৬৮ লাখ টন হোৱাৰ সম্ভাৱনা

 

শাক-পাচলিৰ খেতিৰ ক্ষেত্ৰতো কৃষকসকলে আশাব্যঞ্জক অগ্ৰগতি লাভ কৰিছে। শাক-পাচলিৰ খেতিৰ মাটিকালি ১১৭.৯১ লাখ হেক্টৰৰ পৰা ১১৯.৩১ লাখ হেক্টৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ২০২৪-২৫ বৰ্ষৰ ২,১৭৭.৯৭ লাখ টনৰ তুলনাত ২০২৫-২৬ বৰ্ষত শাক-পাচলিৰ উৎপাদন ৪.৩৫ শতাংশ বৃদ্ধি পাই ২,২৭২.৬৮ লাখ টন হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

 

আলু, বিলাহী, বেঙেনা, জাতিলাও, তিয়ঁহ, বন্ধাকবি, বীন আৰু মটৰৰ অধিক উৎপাদনে এই বৃদ্ধিত অৰিহণা যোগোৱাৰ সম্ভাৱনা আছে। আলু আৰু বিলাহীৰ উৎপাদনতো উল্লেখযোগ্য বৃদ্ধি হোৱাৰ আশা কৰা হৈছে। পূৰ্বৰ বছৰৰ ৫৮৫.৭১ লাখ টনৰ তুলনাত আলুৰ উৎপাদন ১১.৯৫ শতাংশ বৃদ্ধি পাই ৬৫৫.৭০ লাখ টন হোৱাৰ সম্ভাৱনা আছে। আনহাতে, বিলাহীৰ উৎপাদন ২০৫.৯৯ লাখ টনৰ পৰা ২১৪.১১ লাখ টনলৈ বৃদ্ধি পোৱাৰ অনুমান কৰা হৈছে। পিঁয়াজৰ উৎপাদন ২৮৮.৯৬ লাখ টন হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

 

ফুলৰ উৎপাদনত প্ৰায় ১৪.৫ শতাংশ বৃদ্ধি

 

ফুলৰ উৎপাদনতো উল্লেখযোগ্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ২০২৪-২৫ বৰ্ষৰ ৪২.৬৫ লাখ টনৰ তুলনাত ২০২৫-২৬ বৰ্ষত ফুলৰ উৎপাদন প্ৰায় ১৪.৪৫ শতাংশ বৃদ্ধি পাই ৪৮.৮২ লাখ টন হোৱাৰ অনুমান কৰা হৈছে। ফুলৰ খেতিৰ মাটিকালিও বৃদ্ধি পাই ৪.১০ লাখ হেক্টৰ হৈছে।

 

ৰোপণ শস্য আৰু ঔষধি উদ্ভিদৰ উৎপাদন বৃদ্ধি

 

তৃতীয় অগ্ৰিম আনুমানিক হিচাপত তামোল, নাৰিকল, কাজু, তামোল-পাণ আৰু কোকোকে ধৰি ৰোপণ শস্যৰ খেতিৰ মাটিকালি আৰু উৎপাদন দুয়োটাই বৃদ্ধি পোৱাৰ ইংগিত পোৱা গৈছে। এই শস্যসমূহৰ মুঠ উৎপাদন ৭.৫৬ শতাংশ বৃদ্ধি পাই ১৮২.৬৪ লাখ টন হোৱাৰ সম্ভাৱনা আছে। সুগন্ধি আৰু ঔষধি উদ্ভিদৰ উৎপাদনো ৯.০১ লাখ টনৰ পৰা ৯.২৮ লাখ টনলৈ বৃদ্ধি পোৱাৰ অনুমান কৰা হৈছে।

 

মছলাৰ উৎপাদন ১২৩.৫৪ লাখ টন হোৱাৰ সম্ভাৱনা

 

তামোল আৰু মছলা উন্নয়ন সঞ্চালকালয়ৰ তথ্য অনুসৰি, হালধি, নহৰু, নৰসিংহ পাত আৰু ইলাচিৰ উৎপাদন বৃদ্ধিয়ে মছলা খণ্ডৰ বিকাশত সহায় কৰাৰ সম্ভাৱনা আছে। ২০২৫-২৬ বৰ্ষত মছলা খেতি কৰা মাটিৰ মুঠ পৰিমাণ ৪৭.৫৬ লাখ হেক্টৰ হোৱাৰ বিপৰীতে উৎপাদন ১২৩.৫৪ লাখ টন হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

 

***

SS/DK/UD


(ৰিলিজ আই ডি : 2337461) অতিথি কক্ষ : 17