"সীমাহীন কাহিনী" শীৰ্ষক মূল বিষয়বস্তুৰে ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে (আইএফএফআই) সন্মানীয় অংশীদাৰ দেশ হিচাপে ৰাছিয়াক গৌৰৱেৰে উপস্থাপন কৰিছে। ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰ, ২০২৬লৈ গোৱাত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱে সমসাময়িক ৰাছিয়ান চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সংবেদনশীলতা আৰু ছোভিয়েট যুগৰ প্ৰখ্যাত সংগীতধৰ্মী ধ্ৰুপদী ছবিৰ সমন্বয়ত বিশেষভাৱে নিৰ্বাচিত চাৰিখন ছবিৰ এটা পেকেজ আগবঢ়াই চিৰস্থায়ী ভাৰত-ৰাছিয়া সাংস্কৃতিক কূটনীতিক অধিক সুদৃঢ় কৰি তুলিছে।
উদীয়মান পৰিচালকসকলৰ কণ্ঠৰ লগতে ব্যংগাত্মক অ’পেৰেটাৰ অনবদ্য সৃষ্টিৰ সংমিশ্ৰণেৰে, 'অংশীদাৰ দেশ ৰাছিয়া' শিতানটোৱে ৰাছিয়ান চলচ্চিত্ৰ নিৰ্মাণৰ আৱেগিক বিস্তৃতি, শৈলীগত সাহস আৰু বিষয়বস্তুৰ গভীৰতাক প্ৰতিফলিত কৰে। পাৰিবাৰিক ভাঙোন, সামাজিক বিচ্ছিন্নতা আৰু ব্যক্তিগত মুক্তিৰ অন্তৰংগ অন্বেষণৰ পৰা আৰম্ভ কৰি নগৰীয়া আকাংক্ষাৰ ওপৰত ছ’ষ্টাকোভিচৰ সুৰেৰে সজোৱা প্ৰাণৱন্ত ব্যংগচিত্ৰলৈকে, এই প্ৰদৰ্শনীয়ে মহোৎসৱৰ প্ৰতিনিধি আৰু চলচ্চিত্ৰপ্ৰেমীসকলক মানৱীয় অৱস্থাৰ গভীৰ অভিজ্ঞতা প্ৰদান কৰিব।
আনাস্তাছিয়া কুজিনাৰ ‘বো বো’ (Bo Bo)
৫৭সংখ্যক আইএফএফআইত ভাৰতীয় প্ৰিমিয়াৰ হ’বলগীয়া ‘বো বো’ (৯৮ মিনিট) হৈছে পৰিচয়, গ্ৰহণযোগ্যতা আৰু পূৰ্বধাৰণাৰ বিষয়ে নিৰ্মিত এখন হৃদয়স্পৰ্শী গ্ৰাম্য নাটকীয় ছবি। ফেচিয়েল হেমাঞ্জিঅ’মাৰ (facial hemangioma) বাবে উপহাসৰ সন্মুখীন হোৱা নাদিয়া নামৰ এগৰাকী যুৱতীৰ জৰিয়তে ছবিখনে সংগীতৰ মাধ্যমেৰে তেওঁৰ আত্মপ্ৰকাশৰ সন্ধানক অন্বেষণ কৰিছে। ই আমাক সোঁৱৰাই দিয়ে যে প্ৰকৃত পৰিৱৰ্তন বাহ্যিক ৰূপ সলনি কৰাত নহয়, বৰঞ্চ সামাজিক পূৰ্বধাৰণাক জয় কৰাতহে নিহিত হৈ থাকে।
ছিডনী লুমেটছ বাৰ্থডে (Sidney Lumet’s Birthday)
ভাইবৰ্গ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গ্ৰেণ্ড জুৰী বঁটা বিজয়ী ৰাউল গেইদাৰভৰ ‘ছিডনী লুমেটছ বাৰ্থডে’ (৯২ মিনিট) ছবিখনৰ ৫৭ সংখ্যক আইএফএফআইত ভাৰতীয় প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব। ১৭ বছৰীয়া ডাটোৱে পাৰিবাৰিক অশান্তি, পৰিত্যাগ আৰু ক্ষমাৰ মাজেৰে কেনেকৈ আগবাঢ়ি যায়, সেই কাহিনীৰ আধাৰত নিৰ্মিত এই আন্তৰিক ছবিখনে প্ৰজন্মগত আঘাত নিৰাময় কৰিবলৈ প্ৰয়োজন হোৱা মানসিক দৃঢ়তাক অন্বেষণ কৰিছে।
নিউ হোম (New Home)
আইএফএফআই ২০২৬ত বিশ্ব প্ৰিমিয়াৰ হ’বলগীয়া নিকিতা গ্ৰুছিনৰ ‘নিউ হোম’ (১০১ মিনিট) হৈছে দ্বিতীয় সুযোগ আৰু মুক্তিৰ বিষয়ে নিৰ্মিত এখন মৰ্মস্পৰ্শী ছবি। সাত বছৰৰ কাৰাবাসৰ পিছত আনাই সমাজ কল্যাণ বিভাগ আৰু ৰোমানৰ সহায়ত কেনেকৈ নিজৰ জীৱনটো পুনৰ গঢ়ি তুলিবলৈ সংগ্ৰাম কৰে, সেয়া ইয়াত দেখুওৱা হৈছে। শক্তিশালী অভিনয়েৰে সমৃদ্ধ এই ছবিখনে সমাজত পুনৰ একত্ৰিত হোৱাৰ প্ৰত্যাহ্বান, মানসিক নিৰাময় আৰু নতুন আৰম্ভণিৰ বাবে অতীতৰ মুখামুখি হোৱাৰ দিশটো উন্মোচন কৰিছে।
চেৰিঅ’মুশ্বকি (Cheryomushki)
আইএফএফআইত ভাৰতীয় প্ৰিমিয়াৰ হ’বলগীয়া হাৰ্বাৰ্ট ৰাপাপৰ্টৰ ‘চেৰিঅ’মুশ্বকি’ (৯১ মিনিট) হৈছে যুদ্ধোত্তৰ মস্কোৰ পটভূমিত নিৰ্মিত এখন মনোমোহা সংগীতধৰ্মী ব্যংগচিত্ৰ। উন্নত ঘৰৰ সপোন দেখা চাৰিহাল যুৱ দম্পতীৰ কাহিনীৰে নিৰ্মিত এই ছবিখনে শ্ৰুতিমধুৰ সুৰ, প্ৰাণৱন্ত নৃত্য আৰু হাস্যৰসৰ সংমিশ্ৰণেৰে আমোলাতান্ত্ৰিক দুৰ্নীতিক উদঙাই দিয়াৰ লগতে সামূহিক চেতনা আৰু একতাক উদযাপন কৰিছে।
এই বিশেষভাৱে নিৰ্বাচিত সংকলনৰ জৰিয়তে আইএফএফআই ২০২৬-এ ভাৰত আৰু ৰাছিয়াৰ মাজত থকা চিৰস্থায়ী সাংস্কৃতিক সম্পৰ্কক পুনৰ নিশ্চিত কৰিছে আৰু লগতে দৰ্শকসকলক ৰাছিয়ান চলচ্চিত্ৰৰ বৈচিত্ৰ্য আৰু বিৱৰ্তিত অভিব্যক্তিৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰিছে। চলচ্চিত্ৰ নিৰ্মাণৰ বিভিন্ন ধাৰা আৰু প্ৰজন্মক সামৰি লোৱা এই চাৰিখন ছবিয়ে ভৌগোলিক সীমা অতিক্ৰম কৰি উমৈহতীয়া মানৱীয় অভিজ্ঞতাৰ জৰিয়তে পাৰস্পৰিক বুজাবুজি গঢ়ি তোলাৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ সামৰ্থ্যকে প্ৰতিফলিত কৰিছে।
২০২৬ চনৰ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’বলগীয়া ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে (আইএফএফআই) “সীমাহীন কাহিনী” শীৰ্ষক মূল বিষয়বস্তুৰে ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, উদ্যোগ পেছাদাৰী আৰু চলচ্চিত্ৰ অনুৰাগীসকলক একত্ৰিত কৰিব। ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবিৰ বৈচিত্ৰ্যময় সম্ভাৰ, বিশেষ দেশীয় প্ৰদৰ্শনী, প্ৰিমিয়াৰ, প্ৰতিযোগিতা আৰু উদ্যোগৰ সৈতে জড়িত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আইএফএফআই ২০২৬-এ চলচ্চিত্ৰীয় উৎকৰ্ষ উদযাপন আৰু চলচ্চিত্ৰৰ মাধ্যমেৰে আন্তঃসাংস্কৃতিক আদান-প্ৰদানক উৎসাহিত কৰাৰ পৰম্পৰা অব্যাহত ৰাখিছে।
* * *
PIB IFFI Team | Rajith Chandran/ Lekshmi Priya S S / Swadhin Shakti Prasad/ Darshana Rane/DB